টিকটকত ভাইৰেল হোৱা এগৰাকী মহিলা, ডাঙৰ মুখৰ বাবে কৰিলে ৱৰ্ল্ড ৰেকৰ্ড : A woman who went viral on Tiktok, who made a world record because of her big mouth
যদি আপুনি কেতিয়াবা টিকটক স্ক্রল কৰি থাকোতে এগৰাকী ধুনীয়া,ষ্টাইলচ আৰু হাস্যৰস যুক্ত অবিশ্বাস্য ভাবে ডাঙৰ মুখৰ মহিলা দেখে স্বাভাৱিকতেই আপুনি অলপ সময় হ'লেও ৰৈ যাব, নহয় জানো? তেনে এগৰাকী মহিলাৰ বিষয়েই আপোনালোকক কবলৈ ওলাইছোঁ যিয়ে ডাঙৰ মুখৰ গৰাকী হোৱাৰ বাবে গিনিছ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড কৰিছে। তেনেহ'লে আজি আমি জানো আহকচোন তেওঁৰ বিষয়ে-
ডাঙৰ পৰা ডাঙৰ মুখৰ সৈতে,যাৰ পৰিধি ৬.৫২ ছে:মি: আৰু তেওঁৰ এই ডাঙৰ মুখ খনৰ বাবেই টিকটক ত ভাইৰেল হৈছিল আৰু সকলোতকৈ ডাঙৰ মুখৰ মহিলাৰ গৰাকী হোৱাৰ ক্ষমতা লাভ কৰিছে।
বহু অনলাইন উপভোক্তাই মানি লৈছিল যে তেওঁৰ ওচৰত ৰেকৰ্ড আছে তথাপি একপ্ৰকাৰ অনুষ্ঠানিক নাম হোৱাটো জৰুৰী। সেই বাবেই অলপতে গিনিছ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডৰ লগত জড়িত কোনো ব্যক্তিয়ে চেম ক লগ কৰে স্থানীয় দন্ত চিকিৎসাকৰ কাৰ্যালয়ত দক্ষিণ- নৰৱাকৰ কানেকটিকাত USA ত মিলিত হয় আৰু য'ত গিনিছ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডৰ এগৰাকী অধিকাৰী নিৰ্ণায়ক উপস্থিত থাকি তেওঁৰ মুখৰ জোখ লয়।
ডাঃ এলকে চিউঙে চেমৰ মুখৰ দৈৰ্ঘ্য আৰু প্ৰস্থৰ সৰ্বাধিক জোখ লবৰ বাবে ডিজিটেল ক্যালিপাৰ ব্যৱহাৰ কৰে।সমস্ত পৰিমাপ গ্ৰহণ কৰাৰ পিছত বিচাৰক স্পেন্সাৰ ক্যামমাৰানোয়ে চূড়ান্ত ৰেকর্ড-ব্রেকিং নিশ্চিত কৰাৰ বাবে ডেটা গড় কৰিছিল।
বহু সৰু বয়সৰ পৰাই তেওঁ জানিছিল যে তেওঁৰ মুখ খন অতিকৈ ডাঙৰ। তেওঁৰ ডাঙৰ হাঁহিটোৰ সৈতে সৰু কালৰ বহু ফটো আছে।লাহে লাহে ডাঙৰ হৈ অহাৰ লগে লগে তেওঁক তেওঁৰ মুখ খনৰ বাবে বহুতে জোকাইছিল আৰু ঠাট্টাও কৰিছিল কিন্তু সময়ৰ লগে লগে তেওঁৰ মুখ খন তেওঁৰ বাবে এক গুণ গৈ পৰিল লগতে তেওঁৰ বাস্তৱ সত্যক তেওঁ মানি লৈছিল।
বৰ্তমান টিকটকত তেওঁৰ ১.৭ মিলিয়ন অনুৰাগী আছে।
By: Sukanya Rajbongshi