স্বামীৰ পুনৰজন্ম বুলি মানি ৭৪ বছৰৰ মহিলাই বিয়া কৰালে গৰু পোৱালীক : The reincarnation of her husband, a 74-year-old woman married a calf
পুনৰ জন্মক বহুত মানুহে বিশ্বাস কৰে আৰু বহুতো নকৰে। দৰাচলতে পুনৰজন্মৰ লগত জড়িত বহুত কাহিনী আমি শুনিবলৈ পাওঁ আৰু তেনে বহু কাহিনী পঢ়িবলৈ ও পোৱা যায়। কম্বোডিয়াৰ বাসিন্দা খিম হ্যাঙ মহিলা গৰাকী সামাজিক মাধ্যমত বহুল ভাবে প্ৰচাৰিত হৈছে। এই মহিলা গৰাকী ৭৪ বছৰ বয়সৰ আৰু সম্প্ৰতি এটা গৰুৰ পোৱালীক বিয়া কৰাইছে।মহিলা গৰাকীয়ে পোৱালীটোক বহুত ভাল পায়।এই ঘটনা তেওঁৰ স্বামীৰ গৰু পোৱালি ৰূপে পুনৰজন্মৰ কাহিনী।আপুনি বাৰু বিশ্বাস কৰে নে পুনৰ জন্মৰ কাহিনী?
এই ঘটনা লৈ মানুহ বোৰ বহুত আচৰিত হোৱাৰ লগতে উত্তেজিত হৈ আছে। যাৰ বাবে বৰ্তমান তেওঁৰ ঘৰত মানুহৰ ভিৰ অত্যন্ত বাঢ়িছে।মহিলা গৰাকীয়ে তেওঁৰ এই স্বামী ৰূপী পোৱালীটোক ইমান ভাল পাই যে মহিলা গৰাকীৰ লগতে পোৱালীটোও শুয়ে। গোটেই দিন তেওঁ স্বামী ৰূপী পোৱালীটোক খুব ধ্যান ৰাখে। খিম হ্যাঙে কৈছে যে তেওঁৰ স্বামী গৰু পোৱালী ৰূপে তেওঁৰ ওচৰলৈ আকৌ আহিছে।
তেওঁৰ এই কথাটোৰ ওপৰত বহুত বিশ্বাস আছে কিয়নো এদিন তেওঁৰ স্বামীৰ আত্মা তেওঁৰ কাষলৈ আহিছিল আৰু তেওঁক কৈছিল যে তেওঁ খিম হ্যাঙ ৰ স্বামী তোল খুঁত হয় । তেনে সময়তে গৰুৰ পোৱালী টোৱেও আহি তেওঁৰ মূৰত হাত ফুৰাইছিল। এই পোৱালীটোয়ে তেনেকৈয়েই চিৰি বগাইছিল যেনেকৈ তেওঁৰ স্বামীয়ে বগাই।
যাৰ কাৰণে তেওঁ বুজিব পাৰিছিল যে এইজন তেওঁৰ স্বামীয়ে হয়।আচৰিত কথা এইটো যে এই পোৱালীটো সেইটো কোঠালিতে থাকে য'ত তেওঁৰ স্বামী আছিল।কিন্তু তেওঁৰ ল'ৰা ছোৱালী কেইজনে এই গৰুৰ পোৱালীটোক দেউতাক হিচাপে মানি নলয়।
খিম হ্যাঙ ৰ দৰে হয়তো এই পৃথিৱীত বহুত মানুহ আছে যিয়ে আজিও পুনৰজন্মৰ দৰে কথাৰ ওপৰত বিশ্বাস কৰে আৰু মানি চলে। বৰ্তমান বিজ্ঞান যিমানেই আগবাঢ়ি নাযাওঁক কিয় লাগে বহু লোক এতিয়াও অন্ধ বিশ্বাসী হৈ আছে।
By: Sukanya Rajbongshi