ঋতুস্ৰাৱ আৰু আজিৰ সমাজৰ বেয়া দৃষ্টি : Period and evil eyes of today's society
ঋতুস্ৰাৱ কি জানেনে? ই হ'ল এক জৈৱিক প্ৰক্ৰিয়া। মহিলা সকলৰ প্ৰজনন চক্ৰৰ সময়ত হ'ৰমনৰ যি প্ৰাকৃতিক সাল- সলনি ঘটে,সেয়াই ঋতুস্ৰাৱ প্ৰক্ৰিয়া।প্ৰতি ২১ ৰ পৰা ৩৫ দিনৰ মূৰে মূৰে এই প্ৰক্ৰিয়াৰ পুনৰাবৃত্তি ঘটে । এইয়াই হ'ল সহজ ভাষাত ঋতুস্ৰাৱৰ বৈজ্ঞানিক ব্যাখ্যা। মহিলা সকলৰ লগতে আমি সকলো এই বিষয়ে নিশ্চয়কৈ জ্ঞাত।
এতিয়া আহো, আমাৰ সমাজত ঋতুস্ৰাৱক লৈ জড়িত বিশ্বাস, নীতি- নিয়মবোৰলৈ।আপোনালোক সকলোৱে হয়তো কিছুমান মঠ- মন্দিৰ,নামঘৰত নাৰীৰ প্ৰৱেশক লৈ চলি থকা বিতৰ্ক শুনা পাইছে। এগৰাকী নাৰী ঋতুমতী হোৱা ৰ বাবেই এই নিষেধাজ্ঞা, নহয়নে? এগৰাকী নাৰীয়ে সন্তান জন্ম দিব পাৰে,এই ঋতুস্ৰাৱ চক্ৰৰ বাবেই।যি প্ৰক্ৰিয়া সৃষ্টিৰ দৰে পৱিত্ৰ কাৰ্য্য ৰ লগত সংযোজিত,সেই ঋতুস্ৰাৱ চক্ৰৰ সময়তেই নাৰীক অপবিত্ৰ আখ্যা দিয়াটো কিমান দূৰ শুদ্ধ?সেইয়া বিচাৰ আপোনালোকৰ ওপৰতে এৰিলো।
আমাৰ অসমীয়া সমাজতো ঋতুস্ৰাৱ ৰ সময়চোৱাত নাৰীগৰাকীক বেয়া দৃষ্টি ৰে চোৱা হয়। তেওঁক একপ্ৰকাৰ অস্পৃশ্য ৰ দৰে ব্যৱহাৰ কৰা হয়। বৰ্তমান সময়ত পূৰ্বৰ দৰে কঠোৰ নীতি নিয়ম নাই যদিও , ঠাইবিশেষে আগৰদৰেই নীতি-নিয়ম মানি অহা হৈছে।কিছু ঢিলা হ'লেও মানুহে ঋতুস্ৰাৱক সহজ দৃষ্টি ৰে ল'ব পৰা নাই। পুৰণি নীতি-নিয়ম ৰ দোহাই দি নাৰীক এইসময়ত নিলগাই ৰখাৰ ব্যৱস্থা এতিয়াও চলিয়ে আছে।
পিছে পুৰণি নীতি-নিয়ম বুলি,আগৰ সময়খিনিক দোষ দিয়াটো জানো উচিত? প্ৰকৃত সত্য বিচাৰ নকৰি,সেই সময়,সেই জীৱন শৈলী ত খাপ খোৱাকৈ তৈয়াৰ কৰা নিয়মক,এই সময়ৰ সৈতে সানমিহলি কৰিব পাৰি নে? আমি সকলোৱে জানো পুৰণি কালত আজিৰ দৰে ক্ষুদ্ৰ পৰিয়ালৰ ব্যৱস্হা নাছিল।সকলো যৌথ পৰিয়ালত বাস কৰিছিল। তেনে একোটা পৰিয়ালত কমেও ১৫-২০ জন সদস্য আছিল।তেনেক্ষেত্ৰত ভাবকচোন, এগৰাকী নাৰীয়ে ঘৰৰ কাম,পথাৰৰ কামকে ধৰি ১৫-২০ জন মানুহৰ বাবে প্ৰতিদিনে খৰিৰ জুইত ভোজ ৰন্ধা ৰ দৰে ৰান্ধিব লগা হোৱা নাছিলনে? লগতে সন্তানৰ চোৱা-চিতাৰ কথা নকলোৱেবা।তেনে ক্ষেত্ৰত নিজৰ বাবে অকণমান আহৰি ,অলপ জিৰণীৰ কোনো অৱকাশেই নাছিল।সেয়ে ঋতুস্ৰাৱ ৰ সময়ৰ ৩-৪ দিন তেওঁ লোকৰ বাবে আৰ্শীবাদ স্বৰূপ আছিল বুলিহে ক'ব পাৰি। ঘৰুৱা কামকাজৰ পৰা অব্যাহতি লৈ দেহটোক অকণমান জিৰণি দিব পাৰিছিল, মাহটোৰ কেৱল এইকেইটা দিনতেই। তদূপৰি আজিৰ দৰে চাফ-চিকুণতাৰ বৱস্হা, ' পেডচ্' আদি উপলব্ধ নাছিল। সেয়ে মহিলা গৰাকীক নিলগাই ৰখা হৈছিল।
এতিয়া উভতি আহকচোন আজিৰ দিনলৈ আৰু ভাবি চাওক,সেই সময় আৰু এই সময়ৰ মাজত কি আকাশ- পাতাল পাৰ্থক্য? আজি বিজ্ঞানৰ অগ্ৰগতিৰ উচ্চ শিখৰত আমি,একো একোটা ক্ষুদ্ৰতম পৰিয়ালৰ বাসিন্দা আমি।কেৱল অতীতৰে পৰা চলি আহিছে বুলিয়ে বৰ্তমানো একেই নীতি-নিয়ম খামুচি ৰখাটো উচিত নে?
হয় ঋতুস্ৰাৱৰ সময়ত নাৰীৰ শৰীৰ দুৰ্বল হৈ পৰে, তেওঁক জিৰণিৰ প্ৰয়োজন,আদৰ- যত্নৰ প্ৰয়োজন,তাকেই নকৰি তেওঁক আতৰাই ৰখাটো জানো সঠিক মানসিকতা।সেয়ে আপুনিও যিহেতু বিজ্ঞানৰ নিত্য নতুন জীৱন শৈলীক মানি লৈছে, তেন্তে খোৱা, শোৱাৰ দৰেই ঋতুস্ৰাৱকো জৈৱিক প্ৰক্ৰিয়া ৰূপেই মানি চলাত আপত্তি নিশ্চয় থাকিব নালাগে।নাৰীৰ প্ৰতি সন্মান কেৱল কাগজ- কলম - বক্তৃতা ৰ মাজতে সীমাবদ্ধ নাৰাখি যদি প্ৰকৃত জীৱনত মৰম- যত্ন- আদৰ দেখুৱাই সেইয়া নিশ্চয় অধিক প্ৰশংসনীয় হ'ব।
ঋতুস্ৰাৱ ৰ সময়ত এগৰাকী মহিলাৰ যথেষ্ট তেজ ক্ষয় হয়। গতিকে এই সময়ত ভিটামিনযুক্ত খাদ্য খাব লাগে লগতে যথেষ্ট পানী খাব লাগে। পিছে আমাৰ সমাজত ইয়াৰ ওলোটা ৰূপহে দেখা পোৱা যায়।এই সময়ত নিৰামিষ খাদ্য হে খাবলৈ দিয়া লগতে লঘোণ দিয়া আদি নিয়মৰ প্ৰচলত থকা দেখা যায় কিছুমান ঠাইত।যি সময়ত দেহক শক্তি ৰ প্ৰয়োজন তেনে ক্ষেত্ৰত এই অযুক্তিকৰ নিয়মে মহিলা সকলক দুৰ্বল তথা ৰোগীয়া কৰি তোলাৰ সম্ভাৱনাহে অধিক। তদুপৰি পিছপৰা কিছু মান ঠাইত এই সময়ত ল'ব লগা চাফ- চিকুণতা তথা যত্নৰ বিষয়ে সজাগতাৰ অভাৱতো নাৰী জনিত ৰোগত অধিক প্ৰভাৱ দেখা যায়।
সময় সলনি হ'ল,সময়ৰ সৈতে আগবাঢ়ি যাওতে পুৰণি কিছু নীতি-নিয়মো সলনি কৰিবৰ হ'ল। ঋতুস্ৰাৱ ক বেয়া দৃষ্টি ৰে চোৱা তকৈ ইয়াক সহজভাৱে লবলৈ আৰম্ভ কৰকচোন। আজি আপুনি আৰম্ভ কৰক কালিলৈ দেখিব আপোনাৰ লগতে সহস্ৰজনে একেই মনোভাৱ লৈ আগবাঢ়িছে।নহয় জানো?
By- Smriti Kakati