কাশ্মীৰ লাভৰ আশাত চীনৰ শৰণাপন্ন পাকিস্তান : Paskistan Bows To China to resolve border dispute with Kashmir

কাশ্মীৰ লাভৰ আশাত চীনৰ শৰণাপন্ন পাকিস্তান : Paskistan Bows To China to resolve border dispute with Kashmir

kashmir

ভাৰতৰ কাশ্মীৰক লৈ পাকিস্তানৰ নতুন নতুন পৰিকল্পনা চলিয়ে থাকে। কাশ্মীৰক সদায় নিজৰ অধীনলৈ আনিবলৈ পাকিস্তানে বিভিন্ন সময়ত বিভিন্ন কুট কৌশল তৈয়াৰ কৰি আহিছে যদিও সফল হ'ব পৰা নাই। সেয়ে হয়তো চীনৰ শৰণাপন্ন হৈছে পাকিস্তান!

ভাৰত পাকিস্তান সীমা  সমস্যাৰ সমাধান বিচাৰি যোৱা শনিবাৰে অৰ্থাৎ ২৪ জুলাই, ২০২১ ত পাকিস্তানৰ বৈদেশিক মন্ত্ৰী চাহা মেহমুদ কুৰেছি ৰাওনা হৈছিল চীনলৈ। চীনৰ বৈদেশিক মন্ত্ৰী ৱাং ই ৰ লগত আলোচনা কৰি দুয়ো দেশৰ ৰণ নীতি মজবুত কৰাৰ ওপৰত জোৰ দিয়ে। এই আলোচনাত কুৰেছিয়ে কাশ্মীৰৰ বিষয়টো উত্থাপন কৰে। দীৰ্ঘদিন ধৰি চলি থকা দুইদেশৰ মতবিৰোধৰ পৰিসমাপ্তি ঘটাবৰ বাবে কুৰেছিয়ে চীনৰ সহায় বিচাৰে। কুৰেছিৰ লগত এই আলোচনাত ISI ডাইৰেক্টৰ  জেনেৰেল Lt. Generel Faiz Hamid ও উপস্থিত আছিল।

আলোচনাৰ অন্তত দুয়ো দেশে এক প্ৰেছ বাৰ্তাত কয় যে ,কাশ্মীৰ সমস্যা দুই খন দেশৰ আলোচনাৰ দ্বাৰা সমাধান হ'ব লাগে। এখন শান্তিপূৰ্ণ , সম্পদশীল ,স্থিৰ আৰু সমন্বয়ৰ দক্ষিণ এছিয়া সকলোৱেই বিচাৰে।

এটা যৌথ বাৰ্তা ত দুয়ো দেশে এই কথাত একমত যে  দীৰ্ঘদিনীয়া ভাৰত আৰু পাকিস্তানৰ এই বাতানুবাদ  সমতা আৰু উমৈহতীয়া সন্মান প্ৰদৰ্শনেৰে সমাধান কৰা উচিত।

কুৰেছিয়ে কাশ্মীৰ সমন্ধে চীনৰ মজবুত সমৰ্থনৰ শলাগ লৈ এক টুইট বার্তাত  কয় যে, "কাশ্মীৰৰ বিবাদৰ শান্তিপূৰ্ণ সমাধানৰ বাবে সংযুক্ত ৰাষ্ট্ৰ নিয়ম, সুৰক্ষা পৰিষদ সমন্ধীয় প্ৰস্তাৱ আৰু দিপাক্ষিক বুজা-বুজিৰ দ্বাৰা হোৱা উচিত। একপক্ষীয় বিৰোধ হ'ব লাগে।"

আনহাতে একে কথাকে দোহাৰী চীন নে কয়         যে" ভাৰত আৰু পাকিস্তানৰ বিবাদ ঐতিহাসিক। কিন্তু এই সমস্যাটো সমাধান আলোচনাৰ দ্বাৰাহে হোৱা উচিত। একপক্ষীয় বিৰোধে সমস্যা জটিল কৰিব।"

ইতিমধ্যে কাশ্মীৰ সম্পৰ্কে ভাৰতে নিজৰ স্থিতি ব্যক্ত কৰি কয় যে, "কাশ্মীৰ ভাৰতৰ আছিল ,আছে আৰু সদায় ভাৰতৰ অংগ হৈ থাকিব।" এইয়া ভাৰতৰ ভিতৰুৱা সমস্যা আৰু ইয়াক সমাধান কৰিবলৈ ভাৰত সক্ষম। ইয়াৰ বাবে কোনো বৈদেশিক ৰাষ্ট্ৰৰ  হস্তক্ষেপ ভাৰতে নিবিচাৰে।

চীনৰ লগত হোৱা পাকিস্তানৰ এই আলোচনাত যোৱা ১৪ জুলাইত পাকিস্তানৰ উত্তৰ পশ্চিম প্ৰান্তত বাছত হোৱা বোমা আক্ৰমণৰ বিষয়টোৱেও স্থান পায়। উল্লেখযোগ্য যে এই বোমা আক্ৰমণত চীনৰ ইঞ্জিনীয়াৰসহ ন জন লোকৰ মৃত্যু হয় আৰু ২৭ জন লোক আহত হয়। এই সম্পৰ্কে চীনে তদন্ত কৰিব।ইতিমধ্যে চীনে ১৪ জুলাইত সংগঠিত হোৱা এই ঘটনাৰ তদন্তৰ বাবে এটি দল পাকিস্থানলৈ প্ৰেৰণ কৰিছে। এই ঘটনা সংগঠিত হৈছিল, চীনে সিন্ধু নদীৰ ওপৰত  বনাই থকা বান্ধৰ ওচৰত।

উল্লেখযোগ্য যে বৰ্তমান পাকিস্তানত হাজাৰ হাজাৰ চীনা লোকে বেলেগ বেলেগ প্ৰকল্পত কাম কৰি আছে।

চীন আৰু পাকিস্তানৰ এই আলোচনাই ভৱিষ্যতে কেনে ৰূপ লয় সেই কথা লক্ষণীয় হ'ব।

By: Mallika Dutta

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.