মীৰাবাই চানু: সফলতাৰ আঁৰৰ কাহিনী : Mirabai Chanu: the story of success

 মীৰাবাই চানু: সফলতাৰ আঁৰৰ কাহিনী : Mirabai Chanu: the story of success

chanu

বৰ্তমান সমগ্ৰ বিশ্বতে অলিম্পিকৰ চৰ্চা বহু গুণে বাঢ়িছে। বিশ্বৰ প্ৰায় সকলো দেশেই এই খেলত অংশগ্ৰহণ কৰে। অলিম্পিকৰ প্ৰথম দিনাই ভাৰতৰ উত্তৰ পূৱৰ জীয়ৰী মীৰাবাই চানুয়ে কঢ়িয়াই অনা ৰূপৰ পদকৰ বাবে ভাৰতৰ লগতে গোটেই উত্তৰ পূৱে তেওঁক লৈ গৌৰৱ অনুভৱ কৰে। কিছু সময়ৰ বাবে হ'লেও ভাৰতবৰ্ষই অলিম্পিক টেবুলত তৃতীয় স্থান দখল কৰিছিল।

মীৰাবাই এইবাৰ ভাৰতৰ ফালৰ পৰা একমাত্ৰ ৱেটলিফটাৰ হিচাপে অংশগ্ৰহণ কৰিছিলে। তেওঁ মহিলাৰ ৪৯ Kg (49) শ্ৰেণীত অংশগ্ৰহণ কৰি ৰূপৰ পদক জিকিছিলে আৰু একেই শ্ৰেণীতে অংশগ্ৰহণ কৰি চীনৰ হো যিহুইয়ে সোণৰ পদক অৰ্জন কৰে। প্ৰথমৰ পৰাই দুয়োজনৰ পৰাই মেডলৰ আশা কৰা হৈছিল। কিয়নো হো যিহুইৰ ৱৰ্ল্ড নম্বৰ ১ ৰেংক আছিল আৰু মীৰাবাই ৰ চতুৰ্থ নম্বৰত আছিল। এই বাৰৰ এছিয়ান চেম্পিয়নচিপত দুয়ো গৰাকী খেলুৱৈয়ে ৱৰ্ল্ড ৰেকৰ্ড কৰিছিল। হো যিহুইয়ে ২১৩ kg ৰ সৈতে সোণৰ পদক অৰ্জন কৰিছিল আৰু মীৰাবাইও ৱৰ্ল্ড ৰেকৰ্ড ভাঙিছিল ক্লিন এন জাৰ্ক চেগমেণ্টত ১১৯ kg ৰ সৈতে।

এতিয়া এই ক্লিন এন জাৰ্ক চেগমেণ্টত নো কি সেইবিষয়ে বুজি পোৱাটোও অতি দৰকাৰী। খেলৰ বিষয়ে আপুনি যিমান জানিব বা বুজিব সিমানেই আপুনি খেলৰ প্ৰতি অতি আগ্ৰহী হৈ গৈ থাকিব। ৱেটলিফটিং খেলবিধ দেখিবলৈ অতি সহজ। মাজত এডাল ষ্টীলৰ বাৰ থাকে আৰু দুয়োকাষে ৰৱৰৰ ৱেট লগাই দিয়া হয়। এই খেলটোত যি জন খেলুৱৈয়ে অধিক ওজন উঠাব পাৰিব সেইগৰাকীয়েই শেষত জয় লাভ কৰিব। ওজন উঠোয়াৰ দুই প্ৰকাৰ থাকে আৰু এই দুই প্ৰকাৰেই খেলৰ দুটা চেগমেণ্টত। প্ৰথম চেগমেণ্টটো হৈছে স্নেট্চ(Snatch), ইয়াত ৱেট টো একেবাৰতে তলৰ পৰা উঠাই মূৰৰ ওপৰলৈ নিব লাগে। যেতিয়াই এথেলিত সকলৰ এই চেগমেণ্ট টো সম্পূৰ্ণ হৈ যায় তেতিয়া অলপ বিৰতি দিয়া হয় আৰু তাৰ পিছত হয় দ্বিতীয় চেগমেণ্টটো যিটোৰ নাম হ'ল  ক্লিন এন জাৰ্ক চেগমেণ্ট। এই চেগমেণ্ট টোত একেবাৰতে ওজন টো উঠাব নালাগে, প্ৰথমে তলৰ পৰা উঠাই বুকুৰ উপৰ অংশ লৈকে আনিব লাগে আৰু পিছত মূৰৰ ওপৰলৈ নিব লাগে এই চেগমেণ্ট টোত খেলুৱৈ সকলৰ অধিক ওজন উঠাব পাৰে।

ওজন উঠাই আপুনি চিধা হৈ থিয় হব লাগিব আৰু দুয়োটা চেগমেন্টত তিনিবাৰকৈ আপুনি সুবিধা পাব আৰু তিনিবাৰৰ ভিতৰত অধিক নম্বৰ য'ত পাইছে সেই নম্বৰটোৱেই হিচাপত ধৰা হয়। সময় থাকে মাত্ৰ ১ মিনিট এই ১ মিনিটৰ ভিতৰত আপুনি ওজন উঠাব লাগে আৰু পিছত দুয়োটা চেগমেণ্টৰ নম্বৰ যোগ কৰি যিমান হয় সেইটোৱেই হব চূড়ান্ত নম্বৰ।

ৱেটলিফটিংত প্ৰথমেই তেওঁলোকে সিদ্ধান্ত ল'ব লাগিব যে তেওঁলোকে কিমান ৱেট উঠাব। মীৰাবাইৰ  কথা যদি কবলৈ যাওঁ তেওঁ প্ৰথম চেগমেণ্টত প্ৰথমে ৮৪ kg উঠাইছিল আৰু তেওঁ সফল হৈছিল, দ্বিতীয় বাৰত তেওঁ ৮৭ kg উঠাইছিল আৰু তেওঁ এইবাৰটো সফল হৈছিল কিন্তু তৃতীয় বাৰত তেওঁ ৮৯ kg উঠাবলৈ সক্ষম নহ'ল। দ্বিতীয় চেগমেণ্টত প্ৰথমে ১১০ kg সফল ভাবে উঠাই,দ্বিতীয়তে ১১৫ kg সফল ভাবে উঠাই কিন্তু শেষৰ বাৰত ১১৭ kg সফল ভাবে উঠাবলৈ সক্ষম নহ'ল। তেওঁ চূড়ান্ত নম্বৰ হ'ল ২০২ kg ।

মীৰাবাই ভাৰতৰ দ্বিতীয় মহিলা যিয়ে ৱেটলিফটিংত মেডেল অৰ্জন কৰিছে। ইয়াৰ আগতে ২০০০ চনত কৰ্ণা মালেশ্বৰীয়ে ব্ৰঞ্জ মেডেল অৰ্জন কৰিছিল ৬৯ kg শ্ৰেণীত আৰু তেঁওয়েই প্ৰথম ভাৰতীয় মহিলা আছিল যিয়ে অলিম্পিকত মেডেল অৰ্জন কৰিছিল। মীৰাবাই য়ে তেওঁৰ মা আৰু তেওঁৰ প্ৰশিক্ষকক মেডেল জিকাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। লগতে ভাৰতীয় ৰেল সেৱা আয়োগকো তেওঁ ধন্যবাদ দিছে।কিয়নো তেওঁ ৰেলৱেত এগৰাকী চীফ টিকেট ইন্সপেক্টৰ হিচাপে যোগদান কৰিছিল আৰু ২০১৮ চনত তেওঁক অফিচৰ ৰেংকৰ বাবে পদোন্নতি কৰিছিল।

এওঁৰ কাহিনী বহুত প্ৰেৰণাদায়ক। মীৰাবাই ৰ জন্ম হৈছিল মণিপুৰৰ ৰাজধানী ইম্ফলৰ পৰা ২০ কি:মি: আঁতৰত নংপখ কাক্সিং নামৰ গাঁৱত। ১৯৯৪ চনৰ ৮ আগষ্টত মধ্যবিত একঘৰ মানুহৰ ঘৰত মীৰাবাই ৰ জন্ম হয়। তেওঁলোকৰ ঘৰত চৌকাত ভাত বনোৱা হয়, তাৰ বাবে খৰিৰ প্ৰয়োজন আৰু মীৰাবাইয়ে তেওঁৰ কঁকায়েতকৈও বেছি ওজনৰ খৰি কঢ়িয়াই আনে। তেওঁ সৰুৰ পৰাই খেলৰ প্ৰতি অতি আগ্ৰহী আছিল। সৰুতে যেতিয়া তেওঁৰ কঁকাইয়ে ভাই বোৰে ফুটবল খেলি থাকে তেতিয়া তেওঁৰো খেলিব মন যায় কিন্তু কাপোৰ লেতেৰা হোৱাৰ বাবে তেওঁ বেয়া পায়। মীৰাবাইয়ে এনেকুৱা খেল খেলিব বিচাৰিছিল য'ত কাপোৰ লেতেৰা নহয়। তেওঁ আৰ্চাৰী খেলাৰ কথা ভাবিলে। কিয়নো আৰ্চাৰী খেল বিধ স্বচ্ছ আৰু পৰিষ্কাৰ। আৰ্চাৰী খেলকে তেওঁ লক্ষ্য হিচাপে লৈ ২০০৮ চনত যেতিয়া তেওঁ ১৩/১৪ বছৰৰ আছিল তেতিয়া তেওঁ ককায়েকৰ লগত ইম্ফলৰ এখন Sports Authority of India ৰ এটা ট্ৰেইনিং চেণ্টাৰ ত ট্ৰেইনিং লোৱাৰ কথা ভাবিলে আৰু তেতিয়া লৈকে আৰ্চাৰী কোনো ধৰণৰ ট্ৰেইনিং তাত হোৱা নাছিল। সেই সময়তে মীৰাবাই য়ে কুঞ্জ ৰাণী দেৱীৰ এটা ভিডিও ক্লিপ দেখে আৰু তেওঁ মনিপুৰৰে এগৰাকী ৱেটলিফটাৰ আছিল,যিয়ে বহুত ইন্টাৰণেশ্বনেল খেলত মেডেল অৰ্জন কৰে। মীৰাবাই য়ে বহুত প্ৰেৰণা পালে সেই ক্লিপটো চাই আৰু তেওঁ ৱেটলিফটিং কৰাৰ বাবে মন মেলিলে। তেওঁৰ প্ৰশিক্ষক আছিল অনিতা চানু । ট্ৰেইনিং চেণ্টাৰ তেওঁৰ ঘৰৰ পৰা ২২ কি:মি: আঁতৰত আৰু দুবাৰকৈ বাছ সলাই তেওঁ ৰাতিপুৱা ৬ বজাত ট্ৰেইনিং চেণ্টাৰ পায়গৈ। তেওঁ দিনে দিনে অভ্যাস কৰি মাত্ৰ ৬ বছৰ ভিতৰত কমনৱেলথ গেমছ'ত ৰূপৰ পদক অৰ্জন কৰে। ২০১৬ চনৰ অলিম্পিকত তেওঁৰ পৰাস্ত হোৱাৰ পিছত একেবাৰেই ভাঙি পৰিছিল আৰু আগতকৈ বেছি তেওঁ অভ্যাস কৰিবলৈ লৈছিল। তেওঁ কেতিয়াও মন ভঙা নাছিল আৰু ২০১৭ চনত ৱৰ্ল্ড চেম্পিয়নচিপত তেওঁ সোণৰ পদক অৰ্জন কৰে আৰু ,২০১৮ চনত অষ্ট্রেলিয়াত অনুষ্ঠিত কমনৱেলথ গেমছ' সোণৰ পদক লাভ কৰাৰ লগতে সকলো ধৰণৰ ৱৰ্ল্ড ৰেকৰ্ড ভঙ্গ কৰে। ২০১৮ চনত তেওঁক ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা প্ৰদান কৰা হয় আৰু এতিয়া অলিম্পিকত ৰূপৰ পদক অৰ্জনৰে দেশবাসীক গৰ্বিত কৰে।

তেওঁৰ জীৱৰ যুদ্ধত কেতিয়াও হাৰি নগৈ নিজৰ মনোবল স্থিৰ কৰি আগুৱাই গ'ল। জীৱনত যিমানেই বিপদ নহক কিয় আমি কেতিয়াও হাৰি যাব নালাগে।

BY: SUKANYA RAJBONGSHI

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.