মীৰাবাই চানুৰ জীৱনৰ কিছু কথা : Facts about Mirabai Chanu’s life

 মীৰাবাই চানুৰ জীৱনৰ কিছু কথা : Facts about Mirabai Chanu’s life

mirabai

মণিপুৰৰ ইম্ফল জিলাৰ পূৱ প্ৰান্তৰৰ এখন গাৱঁত জন্ম হৈছিল ছাইখোম মীৰাবাই চানুৰ ৷পিতৃৰ নাম ছাইকোঁহ কৃত্তি মেটেই আৰু মাতৃৰ নাম ছাইকোঁহ উংগবী  তম্বী লামা ৷পিতৃ আছিল মণিপুৰৰ গৰকাপ্তানী বিভাগৰ এজন চাকৰীয়াল আৰু মাতৃ এগৰাকী ব্যৱসায়ী মহিলা ৷এখন দোকাণ দি তেওঁ পৰিয়ালৰ ভৰণপোষণত হাত আগবঢ়াই ৷ সৰুৰে পৰাই ঘৰৰ ব্যৱহাৰ হোৱা খৰীৰ ভাৰ কান্ধত লৈ মীৰাবায়ে ভাৰউত্তোলনৰ কঠোৰ অভ্যাস কৰিছিল ৷বাৰ বছৰ বয়সতে তেওঁ নিজৰ ককায়েকতকৈ বেছি ওজনৰ খৰী কান্ধত ভাৰবৈ ঘৰলৈ কঢ়িয়াই আনিব পাৰিছিল ৷তেনেকৈয়ে অভ্যাস কৰিছিল ভাৰউত্তোলনৰ ৷ খেলৰ প্ৰতি থকা অনুৰাগৰ বাবে পিতৃয়ে তেওঁক প্ৰেৰণা দিছিল ৷ বল খেলৰ বাবে তেওঁৰ আকৰ্ষণ আছিল যদিও বলখেলিলে পিন্ধা সাজ মলিয়ন হৈ পৰে বাবে তাৰ প্ৰতি মীৰাবাইৰ বিৰাগ জন্মিছিল ৷আৰ্চাৰী প্ৰতিও মীৰাৰ আকৰ্ষণ আছিল যদিও শেষত তেওঁ মণিপুৰৰ অন্যতম ভাৰউত্তোলক  এগৰাকীৰ বিষয়ে পঢ়িবলৈ পাই সেই খেলৰ প্ৰতি ধাউতি বাঢ়ি গৈছিল ৷২০১৪ ত ভাৰউত্তোলনৰ ৪৮ কেটেগৰীত ৰূপৰ পদকেৰে ৰাষ্ট্ৰীয় সন্মান লাভ কৰি আৰম্ভ কৰিছিল তেওঁৰ ভাৰউত্তোলনৰ জয়যাত্ৰা ৷

মীৰাবায়ে ১৯৬ কেজি ,য’ত ৮৬ কেজি স্নেচত আৰু ১১০ কেজি ক্লীন এণ্ড জাৰ্কত ভাৰউত্তোলন কৰি ২০১৮ চনত মনিপুৰলৈ ৰাষ্ট্ৰীয় সন্মান কঢ়িয়াই আনে ৷

তাৰ পাছৰ পৰাই মীৰা বাই থমকি ৰ’ব লগা হোৱা নাই ৷ 

আমেৰিকা যুক্তৰাষ্ট্ৰটো বিশ্ব ভাৰউত্তোলন প্ৰতিযোগিতাত নিজৰ অপৰিসীম শক্তিৰ পৰিছয় দি লাভ কৰিছিল ৰূপৰ পদক ৷

২০২১ৰ অলিম্পিকত ৪৯ কিঃগ্ৰাঃ ভাৰউত্তোলনৰ জৰিয়তে ভাৰতলৈ প্ৰথমটি সোণৰ পদক আঁজুৰি আনিবলে সক্ষম হয় ৷ক্লীন এণ্ড জাৰ্কত ১১৫ কিঃগ্ৰাৰ উত্তোলন কৰাৰ জৰিয়তে তেওঁ সৰ্বমুঠ ২০২ কেজি ওজন উঠাই ভাৰতলৈ ৰূপৰ পদক আজুৰি আনিবলৈ সক্ষম হয় ৷

গৌৰৱৰ কথা এয়াই যে ২০২০ ৰ অলিম্পিকত কাঁচৰ পদক জয় কৰা শ্ৰুতি কৰ্ণম মালেশ্বৰীৰ পাছত চানু হ’ল ভাৰউত্তোলনত অলিম্পিকত নিজৰ নাম লিপিবদ্ধ কৰিব পৰা দ্বিতীয় গৰাকী ভাৰতীয় মহিলা আৰু অলিম্পিকত ভাৰউত্তোলনত ৰূপৰ পদক বিজয়ী প্ৰথম গৰাকী ভাৰতীয় মহিলা ৷

ড° জুৰী গোস্বামী

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.