গন্ধৰ্বপূৰী নামৰ এখন গাওঁ ,অভিশাপ আৰু অবিশ্বাস্য সত্য ঘটনা : Abandoned villages of India
এইখন ভাৰতৰে ঘটনা ৷ এখন গাৱঁৰ সত্য কথা ৷ এই গাওঁ খনৰ বিশ্বাস যে এক অভিশাপৰ বাবেই এই গাওঁ খনৰ সকলো ধ্বংশ হৈছিল ৷
প্ৰবাদ মতে ৰাজকণ্যাই ৰজাৰ মতৰ অমতত বিয়াত বহিয়েই এই গাৱঁখনলৈ মাতি আনিছিল এই ভয়ানক পৰিস্থিতিৰ ৷
সেই ৰাজ্যৰ ৰজাৰ কণ্যাই যি জন যুৱকক প্ৰেম নিবেদন কৰিছিল তেওঁৰ মুখখন দিনৰ ভাগত এটা গাধৰ দৰে হৈ পৰে আৰু ৰাতি হ’লেই তেওঁ হৈ পৰে এজন সুন্দৰ যুৱক ৷ এই সকলো সম্ভৱ হয় এটা খোলৰ শব্দৰ জৰিয়তে ৷ৰজাই কথাটো গম পাই সেই ফোলটো জুইত জলাই দিয়ে আৰু খোলটো জলি উঠাৰ লগে লগে ৰাজকুমাৰীৰ প্ৰেমিক গাধমুখী যুৱক জনো জলিবলৈ আৰম্ভ কৰে ৷ জলন্ত শৰীৰেৰে তেওঁ সেই ৰাজ্যখন ধ্বংশ হৈ যোৱাৰ অভিশাপ দিয়ে ৷ লগে লগে এজাক বতাহ আহে আৰু গাৱঁৰ প্ৰায়বোৰ মানুহ ক্ৰমাত শীললৈ পৰিবৰ্তন হয় ৷ ৰাতিৰ ভিতৰতে সকলো মানুহ জীৱ যন্তু গছ গছনি সকলো শীল হৈ পৰি ক্ৰমাত মাটিৰ তললৈ সোমাই যায় ৷
আৰু এখন আচৰিত গাওঁ
কুলধাৰা
গৰম তেলত ডুবালেও য’ত মানুহৰ হাত নজলে ৷ইয়াৰ ৰহস্য কোনেও ভেদ কৰিব পৰা নাই ৷অশৰীৰি কোনো শক্তিৰ এই প্ৰভাৱক গাৱঁৰ মানুহে স্বীকাৰ কৰে ৷কুলধাৰা নামৰ গাৱঁখনৰ বিষয়ে আপুনি হয়টো শুনিছে ৷যদি নাই শুণা আজি জানক এই অদ্ভুৎ গাৱঁখনৰ বিষয়ে ৷
বিশ্বাস যে এই ঘটনাৰ বাবে ৰাতিয়েই গাওঁ এৰি গুছি গৈছিল বহু সংখ্যক গাওঁবাসী ,
লগতে গাৱঁ এৰি আতৰি যোৱা গাওঁবাসীয়ে অভিশাপো দি গৈছিল যে এই গাৱঁতযেন আৰু কোনো লোক কেতিয়াও বাস কৰিব নোৱাৰে ৷
কিছু লোকে এতিয়াও কয় যে" আমাৰ এনেকুৱা লাগিছিল যেন আমাৰ আশেপাশে কোনোবা মানুহ আছে ৷ ”কিন্তু তেওঁলোকে চকুৰে কাকোৱেই দেখা নাছিল ৷অদ্ভুৎ কিছুমান শব্দও গাওঁবাসীয়ে শুনিবলৈ পাইছিল ৷ এনেকুৱা লাগিছিল যেন কোনোবাই কথাপাতি আছে ৷সন্ধিয়া নামি অহাৰ লগে লগে গাৱঁৰ দুৱাৰৰ কাষলৈ কাৰো যাবলৈ সাহস নোহোৱা হয় ৷ সূৰ্য্যৰ প্ৰখৰ ৰ’দতো এই গাওঁখনৰ কোনো মানুহে গৰম অনুভৱ নকৰে ৷
বহুত সাহস কৰি এঘৰ মানুহ সেই গাওঁখনত থকাকৈ অহাৰ পাছত পৰিয়ালটোৰ কোনো শুংসূত্ৰ নোহোৱা হৈছিল ৷
ড° জুৰী গোস্বামী