বিবাহ ,পৰম্পৰা আৰু বৰ্তমান : Facts about marriage

 বিবাহ ,পৰম্পৰা আৰু বৰ্তমান : Facts about marriage 

marriage

"কেলৈ কুটিলা চুমৈকৈ পচলা 

ঐ ৰাম লোকে বাতি ভৰাই খায়ে হে 

কেলৈ তুলিলা গাভৰু ছোৱালী ঐৰাম 

লোকে বনেকৰাই খায়ে হে ৷"

এয়াই নাৰীৰ জীৱনৰ যুগযুগান্তৰে চলি অহা চিনাকি ছবি ৷ 

পুত্ৰ  সন্তান আৰু কণ্যা সন্তানৰ মাজত পাৰ্থক্য এতিয়াও দুৰ কৰিব পৰা মানসিকতা সমাজ বোৰত শিপাব পৰা নাই ৷বৰ কম সংখ্যক মানুহেহে এতিয়াও কণ্যা সন্তানৰ জন্মত আনন্দ কৰে ৷ সমাজত নাৰীৰ স্থান কোনে কিয় অৱনমিত কৰিলে সেয়া বিছাৰ কৰি চালে জলজলপটপটকৈ ওলাই পৰে যে ইয়াৰ বাবে দায়ী সমাজব্যৱস্থা ৷ একেখন দেশতে নাৰীক দেৱী ৰূপত অৰ্চনা কৰে আৰু সেই খন দেশতে আজি অলপ দিনৰ আগলৈকে নাৰীক পতিৰ চিতাৰ জুইত জাহ দি পুৰিও মাৰে ৷

মাকৰ ঘৰত আতোলতোলকৈ ডাঙৰ হোৱা ছোৱালী জনী এটা আচহুৱা পৰিবেশলৈ বোৱাৰী হৈ চিৰদিনৰ বাবে আতৰি যায় ৷ মাকৰ ঘৰটো ছোৱালীৰ বিয়াহোৱাৰ পাছত অধিকাৰ নাথাকে ৷দুদিন বেছিকৈ থাকিলেই ওছৰৰ মানুহে বু বু বা বা কৰে ৷"ছোৱালী জনীক নিবলৈ তাইৰ স্বামী নাহে নেকি ?" 

স্বামীৰ ঘৰটো সৰু সৰু কথাতে কোৱা হয়" বেয়া পাইছা যদি গুছি যাবা মাৰৰ ঘৰলৈ ৷ আমাৰ ঘৰত এনেকৈয়ে থাকিব লাগিব "

এতিয়া যায় যদি বিবাহিতা ছোৱালী বা বোৱাৰী গৰাকী যায় ক’লৈ ? নাৰীৰ ঘৰ কোন খন ? নাৰীৰ নিজৰ বুলি স্থান ক’ত ? 

নিজৰ জন্ম দায়ী মাতৃ পিতৃৰ পৰা আতৰহৈ যোৱা দুখটোৱে এগৰাকী নাৰীক আজীৱন অন্তৰ দহিয়েই থাকে ৷ এখন নতুন ঘৰত এগৰাকী নাৰী নকইনাৰ পৰা মাতৃ হয় ,মাতৃৰ পৰা শাহু হয়

এই গোটেইটো পৰিক্ৰমা অতিবাহিত কৰোতে এগৰাকী পাৰহয় জীৱনৰ কঠিনতম পৰীক্ষাৰ মাজেৰে ৷নিজৰ জীৱনক তুচ্ছ কৰি আদৰি আনে বংশৰক্ষাৰ বাবে এটি সন্তান  ৷সেই সন্তানৰ লালন পালন পঢ়াশুণা আচাৰ ব্যৱহাৰৰ সমস্ত দায়িত্ব মুৰ পাতি ল’ব লাগে এগৰাকী নাৰীয়ে ৷সকলোৰে শেষত আহে নিজে শাহু হোৱাৰ সময়বোৰ ৷সেই পৰ্য্যায়ত নিজৰ ভিতৰত অলপ আত্মবিশ্বাস আহে ,সেই আত্ম বিশ্বাসেৰেই শাহু ৰূপত এজনী নতুন কইনাৰ আগত এগৰাকী নাৰী ঠিয় হয় ৷ মনৰ ভিতৰত অহৰহ চলি থাকে এৰি অহা দিনৰ দুখ সুখৰ অলেখ চিন্তাৰ অহাযোৱা ৷ 

"আমি কিন্তু এনেকুৱা নাছিলো দেই ৷শাহু বুলিলে আমি কঁপি আছিলো " মানে ময়ো কঁপি আছিলো তুমিও কঁপিবলৈ আৰম্ভ কৰা ৷ " তাকে নকৰি নিজৰ নৰকৰ দাস্তান মনৰ পৰা আতৰাই নতুন সুখৰ দাস্তান আৰম্ভ কৰিবলৈ প্ৰতি গৰাকী নাৰীয়ে যত্ন কৰাটো অতি জৰুৰী ৷ আজিৰ নতুন মনৰ ছোৱালী বোৰে আধুনিক ভাৱে এখন ঘৰত লালন পালন হৈ আহি শহুৰৰ ঘৰটো একে দৰেই থাকিবলে বিছাৰে ৷ মুক্ত মনে নাৰীক সেই স্বাধীনতা প্ৰদান কৰাটো প্ৰয়োজন তাৰ লগতে মাক দেউতাকৰ দৰে স্বাধীনতা প্ৰদান কৰা শাহু শহুৰকো একান্ত চিত্তে নিজৰ মাক দেউতাকৰ আসনত বহুৱাই লোৱাটো এগৰাকী বোৱাৰীৰ কৰ্তব্য ৷ আচাৰ নিতী বোৰ এগৰাকী কণ্যাই নিজৰ ঘৰতে শিকি আহে ৷ তাৰ লগত নতুন ঘৰ খনৰ নিতীনিয়ম বোৰ সংযোজন হৈ এগৰাকী পূৰ্ণ নাৰীলৈ ৰূপান্তৰিত হয় ৷ স্বামীক সন্মান কৰাটো নাৰীৰ কৰ্তব্য লগতে নাৰীক সন্মান কৰাটোও পুৰুষৰ একান্ত কৰ্তব্য ৷ সন্মান ,সহিষ্ণুতাইহে এখন ঘৰক মন্দিৰৰ মাত্ৰা প্ৰদান কৰে ৷ এখন ঘৰৰ প্ৰত্যেকৰে কৰ্তব্য হ’ল পৰিয়ালৰ প্ৰত্যেককে সন্মান কৰা ৷ মানসিকতাৰ উত্তৰণ ঘটোৱাটো পৰিয়াল তথা সমাজৰ কৰ্তব্য ৷বিবাহ আৰু নৱ প্ৰজন্মৰ চিন্তা ৷

বিয়াৰ বাবে প্ৰস্তুত হোৱাটো হ’ল বহুত আৱেগ আনন্দ এক প্ৰকৃয়া ৷ বহুত সপোন বহুত কল্পনা লৈ দুয়োখন ঘৰে দৰা কইনাৰ বিবাহৰ আয়োজন কৰে ৷ বৰ্তমানৰ লগত খাপ খুৱাই বিবাহৰ আয়োজন কৰোতে আৰ্থিক যথেষ্ট খিনি সবল স্থিতিৰ প্ৰয়োজন আহি পৰে ৷ কইনাৰ ঘৰৰ কৰ্তব্য হ’ল ছোৱালী জনীক সম্পূৰ্ণকৈ মিলি যাবলৈ উদগনি জনোৱা আৰু দৰা আৰু দৰাৰ পৰিয়ালৰ কৰ্তব্য হ’ল নতুন কইণাজনীক ঘৰৰ লক্ষী বুলি গৌৰৱৰ কাৰণ বুলি আদৰি লোৱা ৷ দৰা আৰু কণ্যাৰ উভয় পক্ষৰ কৰ্তব্য হ’ল দুয়োজনে দুয়োজনকে খুউব সুন্দৰকৈ বুজি পাবলৈ যত্ন কৰা ৷অমিল মিল বোৰ মিলাই লৈ জীৱনৰ বাকী সময়বোৰ অতি সাৱলীলভাৱে পাৰ কৰি নিবলৈ যত্ন কৰাটো অতি প্ৰয়োজনীয় ৷ বস্তুনিষ্ঠ চিন্তাক এৰি আন্তৰিকতা আৰু সত্য প্ৰেমেৰে দুয়ো দুয়োকে আদৰি ল’বলৈ যত্ন কৰাটো যুগ্ম জীৱনৰ একান্ত কৰ্তব্য ৷ নতুন কৈ বিয়া হৈ ছোৱালীজনীক এসোপা দায়িত্ব মুৰৰ ওপৰত জাপি দিবলৈ প্ৰথমতে যত্ন কৰাতকৈ কইনা জনীৰ নতুন ঘৰ খন যে তেওঁৰ ,তাত থকা প্ৰতিজন মানুহ প্ৰতিটো স্থাৱৰ অস্থাৱৰ বস্তুৰ প্ৰতিপাল দায়িত্ব আৰু অধিকাৰ যে কইনাজনীৰো আনৰ সৈতে একেই সমান সেইটো অনুভৱ কৰিবলৈ শিকোৱাটো প্ৰয়োজন ৷ঘৰৰ চাফ চিকুণৰ পৰা আৰম্ভ কৰি পাকঘৰলৈকে প্ৰতিটো কাম দুয়োজনে সমানে ভগাই কৰিলেহে ঘৰ খন সুখৰ হয় বুলি ভাবিব পাৰি ৷ 

ল’ৰাই যদি অফিছৰ পৰা ভাগৰি যুগৰি অহা বোৱাৰীক একাপ চাহ বাকি দিয়ে শাহুৱেকে তাত কষ্ট পাব নালাগিব ,তাৰ বিপৰিতে বুজি উঠিব লাগিব যে যি শিক্ষা আপোনাৰ শাহুৱে নিজৰ সন্তানক দিব নোৱাৰিলে ,যাৰ বাবে ওৰেটো জীৱন সামজিক শোষণৰ বলি হ’ব লগা হ’ল সেই শিক্ষা আপুনি আপোনাৰ ল’ৰাক দিব পাৰিছে ৷আপোনাৰ ল’ৰাই নাৰীক সন্মান দি শ্ৰমৰ মূল্য বুজি উঠিছে ৷

সেই শ্ৰমৰ মূল্য উভয়ে উভয়ক দি চলিব পাৰিলেহে সংসাৰ মধুময় হ’ব ৷

আনহাতে দৰাইয়ো নিজৰ শহুৰ শাহুৰ ওছৰত পুত্ৰ ৰূপে বুকুত সোমাবৰ বাবে যত্ন কৰিব লাগে ৷ নিজৰ শহুৰ শাহুক দৰাই যেতিয়া পিতৃ মাতৃ জ্ঞান কৰিব কইনা বা বোৱাৰী গৰাকী স্বতঃস্ফুৰ্তভাৱে সুখী হৈ পৰিব ৷দুয়োটা পৰিয়ালকে দুয়োজনে নিজৰ পৰিয়াল বুলি জ্ঞান কৰিবলৈ আৰম্ভ কৰিলেই সুখ বোৰ আপোনাআপুনি উভৈনদী হ’ব ৷

বৰ্তমান সময়ত এক এৰাব নোৱাৰা সমস্যা হ’ল সৰু পৰিয়ালৰ সমস্যা ৷ একক বা সৰু পৰিয়ালৰ ধাৰণাই গা কৰি উঠাৰ কাৰণ হ’ল মানুহৰ চাকৰি ব্যৱসায় আদিৰ অজুহাতত ঘৰৰ পৰা আতৰি থাকি মাত্ৰ নিজৰ পৰিয়ালটোক ভাল পাই জী থাকিবলৈ শিকাটো ৷ এই ধাৰনাটোৱে মানুহক মানুহৰ পৰা বিচিন্ন কৰিছে ৷ ঘৰৰ পৰা দুৰত থাকিলেও নিজ নিজ ঘৰলৈ সঘনে আহ যাহ কৰি নিজৰ সন্তানক নিজৰ শিপাৰ সৈতে একাত্ম কৰি ৰাখিবলৈ যত্ন কৰাটো নৱপ্ৰজন্মৰ প্ৰধান দায়িত্ব ৷বৰ্তমানে গা কৰি উঠা বৃদ্ধাশ্ৰমৰ ধাৰণাটোৰ জন্মৰ কাৰণ হ’ল এনেধৰনৰ স্বাৰ্থপৰতা ৷ গতিকে সময় থাকোতে পৰিয়াল জ্ঞাতি কুতুম্বৰে ভৰা ঘৰ বোৰক ভাল পাবলে ল’বৰ সময় হ’ল আৰু আনকো সকলোকে নিজৰ বুলি ভাবি জী থাকিবলৈ শিকাবৰ হ’ল ৷

ড° জুৰী গোস্বামী 

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.