লিজ্জৎ পাপৰ ,আপুনি খাইনে ? : Do you eat lijjat papar ?
"মন কৰিলেই চন
বকৰা মাটিতো ধন "
পৃথিবীৰ অন্যতম বৃহৎ মহিলা গৃহ উদ্যোগ লিজ্জৎ পাপৰ ৷
আজি ক’বলৈ ওলাইছো সুৰুচিপূৰ্ণ লিজ্জৎ পাপৰৰ কথা ৷ ভাতৰ ঠালৰ কাষত এখন লিজ্জৎ পাপৰ ভজা বা পোৰা থাকিলে ভাত সাজৰ সোৱাদ দুগুণে চৰে
সেয়ে ভাৰতৰ সকলো মানুহৰে চিনাকি আৰু জনপ্ৰিয় হয় লিজ্জৎ পাপৰ ৷
আজিৰ পৰা ৬২ বছৰ আগতে ১৯৬৯ চনৰ ১৫ মাৰ্চ তাৰিখে মোম্বাইৰ সাত গৰাকী মহিলা লগ হৈ আৰম্ভ কৰিছিল এটি গৃহ উদ্যোগৰ ৷তেওঁলোক আছিল একোগৰাকী ঘৰুৱা মহিলা৷ যশোৱন্তী বেন ,যামনা দাস পাপৰ ,পাৰ্বতীবেন ৰামদাস থন্দানী ,উজামবেন নৰেনদাস কুন্দেলীয়া ,বানুবেন এন টানা,লাগুবেন অমৃতলাল গোকানী,জয়াবেন ভি গোকালানী ,দিৱালীবেন লুক্কা ৷
মাত্ৰ ৮০ টকাৰ মূলধনেৰে সাত গৰাকী মহিলাৰ সহায়ত আৰম্ভ কৰা এই লিজ্জৎ পাপৰে আজিপাঁছশ কোটিৰ ব্যৱসায় পাৰ কৰি বিশ্বজয় কৰিলে ৷বৰ্তমান লিজ্জৎ কম্পেনিত ব্যস্ত মহিলাৰ সংখ্যা হ’ল ৪২০০০ হাজাৰৰো অধিক ৷মাত্ৰ চাৰি পেকেট পাপৰ প্ৰস্তুত কৰেয়েই মোম্বাইত আৰম্ভ হৈছিল লিজ্জৎৰ জয়যাত্ৰা ৷
সকলোতকৈ আচৰিত কথাযে লিজ্জৎ কোম্পানীৰ কোনো মালিক নাই ৷ লিজ্জৎৰ লগত জৰিত প্ৰত্যেক গৰাকী মহিলাই লিজ্জৎৰ মালিকিস্বত্ব লাভ কৰে ৷লাভ লোকচানৰো ভাগীদাৰ সেই সকলো মহিলা ৷
এই অনুস্থানৰ বাবে কোনো দান বৰঙনিও গ্ৰহন কৰা নহয় ৷সকলো নিৰ্ণয় বা সিদ্ধান্ত অতি মুকলি কৈ গ্ৰহন কৰা হয় ৷লিজ্জৎ পাপৰৰ সেই গৃহ উদ্যোগ হ’ল পৃথিৱীৰ অন্যতম বৃহৎ মহিলা উদ্যোগ ৷