অসফলতাৰে ভৰা এটা জীৱনৰ চৰম সফল কাহিনী : Facts about Sir Isaac Newton's life
দুৰ্ভাগ্যত হাবুডুবু খাই থকা কাৰোবাৰ জীৱনো উজ্বলি উঠিব পাৰে মাত্ৰ কেই চেকেণ্ড মান সময়ৰ ভিতৰতে ,তাকো পৃথিৱী বিখ্যাত হৈ ৷ আজি এটা ল’ৰাৰ কথা ক’বলৈ ওলাইছো ৷
ল’ৰাটো দুৰ্ভগীয়া ৷ জন্মৰ নিৰ্দিষ্ট সময়তকৈ আগতেই জন্মহোৱাৰ বাবে দুৰ্বলো ৷ সৰুতেই মাকে আইতাকৰ লগত এৰি থৈ আন এজন পুৰুষলৈ বিয়াহৈ যায় ৷ল’ৰাটোৰ পোন্ধৰ বছৰ বয়সত নিজৰ সতীয়া পিতাকৰ মৃত্যু হোৱাত মাতৃ আকৌ তেওঁৰ ওচৰলৈ উলটি আহিল ,মৌন আৰু অন্যমনস্ক ল’ৰাটোক মাকে পথাৰত কাম কৰিবলে আদেশ দিলে যদিও পথাৰৰ কামৰ বাবে তেওঁৰ কোনো ধৰণৰ ইচ্ছা নাছিল সেয়ে এজন শিক্ষকৰ সহযোগত তেওঁ আকৌ স্কুললৈ যোৱাৰ আৰম্ভ কৰিলে ৷
১৯ বছৰ বয়সতে প্ৰেমত পৰি বিয়া কৰালে যদিও যুগ্মজীৱনো দীঘলীয়া নহ’ল ৷পত্নীয়ে তেওঁক এৰি আতৰি গ’ল ৷জীৱনটো আছিল তেওঁৰ বাবে অতি দুৰ্বিষহ ৷তথাপি মাত্ৰ এক চেকেণ্ড সময়ৰ এটা চিন্তাই তেওঁক কৰিলে পৃথিৱী বিখ্যাত ৷
পৃথিৱীৰ বৈজ্ঞানিকৰ বুৰঞ্জীত লিপিবদ্ধ হ’ল তেওঁৰ নাম ৷গণিতজ্ঞ ,পদাৰ্থ বিজ্ঞানী ,জ্যোতিৰ্বীদ ,থেল’জীয়ান ,লিখক , আদি অনেক বিখ্যাত আখ্যা জৰিত হৈ আছে যদিও গনিতজ্ঞ ,বিখ্যাত বিজ্ঞানী হিছাপে পৃথিৱীৰ চিৰস্মৰণীয় হৈ ৰ’ল ৷
১৬৪৩ চনৰ ৪জানুৱাৰীত ইউনাইটেদ কিংদমত জন্ম গ্ৰহন কৰা সেই জন আছিল ছাৰ আইজাক নিউটন ৷ যি আৱিষ্কাৰ কৰিছিল পৃথিৱীৰ মধ্যাকৰ্ষণ শক্তি ৷সেই জনা মহান বিজ্ঞানীৰ দেহাবসান হৈছিল ৩১মাৰ্চ ১৭২৭ চনত ৷
জীৱন বৰ ৰহস্যময় ৷সেয়ে জীৱনৰ ওছৰত হাৰ মানিব নালাগে ৷ বিখ্যাত হ’বলৈ মাত্ৰ এটা মুহুৰ্তৰ হে প্ৰয়োজন ৷