৯৩ বছৰ বয়সত খেলুৱৈ কেৰিয়াৰ আৰম্ভ কৰা এগৰাকী মহিলা : India's oldest female athlete

৯৩ বছৰ বয়সত খেলুৱৈ কেৰিয়াৰ আৰম্ভ কৰা এগৰাকী মহিলা : India's oldest female athlete

oldest female athlete

খেলুৱৈ বুলি কলেই আমাৰ মনলৈ কেনেকুৱা এখন ছবি মনলৈ আহে বাৰু? প্ৰাণৱন্ত যুৱ ল'ৰা ছোৱালী‌ ৰ ছবি নহয় জানো? 

৯০ ৰ দেওনা পাৰ হোৱা বৃদ্ধ ৰ কথা মনলৈ আহে জানো, নিশ্চয় ‌নাহে। এতিয়া আপোনালোকে চাগৈ ভাবিছে,হ'ব পাৰে বিদেশৰ কোনো বৃদ্ধ , যিহেতু উন্নত দেশবোৰত আমাৰ দৰে ৫০ পাৰ হ'লেই লাখুটি ল'বলৈ আৰম্ভ নকৰে কোনোৱে। পিছে শুনি আচৰিত হ'ব যে,এয়া কোনো‌ বিদেশৰ কাহিনী নহয়, আমাৰ ভাৰতবৰ্ষ ৰে পাটিয়ালাৰ বাসিন্দা মান‌কৌৰে তেওঁৰ খেলুৱৈ কেৰিয়াৰ আৰম্ভ কৰিছিল ৯৩ বছৰ বয়সত।

হয়। মান কৌৰ হৈছে ১০০ ৰ উৰ্ধ্বৰ খেলুৱৈ শাখাৰ কেইবাটাও বিশ্ব ৰেকৰ্ডৰ অধিকাৰী।১০৩ বছৰ বয়সত তেখেতে ৰাষ্ট্ৰপতি ৰ ' নাৰী শক্তি' পুৰস্কাৰো লাভ কৰিছিল।

মান কৌৰ হৈছে ভাৰতৰ আটাইতকৈ বয়সস্হ মহিলা এথেলিট। পিছে ৯০ ৰ পাছতহে তেখেতে কেনেদৰে আৰম্ভ কৰিলে কেৰিয়াৰ জানো আহক-

সকলো মাকেই নিজৰ ল'ৰা ছোৱালী‌ ক পঢ়া-শুনা বা নতুন কিবা এটা শিকাবলৈ অশেষ কষ্ট কৰিব লগা হয়।মাকেই তেওঁৰ প্ৰথম শিক্ষক নহয় জানো ? পিছে মান কৌৰ ৰ ক্ষেত্ৰত সেইয়া আকৌ সম্পূৰ্ণ ওলোটা।মান‌কৌৰক খেলুৱৈ কেৰিয়াৰ আৰম্ভ কৰিবলৈ উৎসাহ দিছিল, তেখেতৰ পুত্ৰ গুৰু দেৱে। তেখেতৰ পুত্ৰ ই তেখেতৰ প্ৰশিক্ষকো। গুৰু দেৱে নিজেই সেই সময়ত ৭৮ বছৰ বয়সত ভৰি দিছিল আৰু 'World Master's Game' ত অংশগ্ৰহণ কৰিছিল। উল্লেখযোগ্য যে ' World Master's Game' ক অৱসৰপ্ৰাপ্ত লোক সকলৰ অলিম্পিক বুলি জনা যায়। গুৰু দেৱে ভাবিলে যে, তেখেতে যিহেতু সেই খেলত ভাগ ল'বলৈ প্ৰস্তুতি চলাইছেই , তেখেতৰ মাকেও দেখোন অংশ গ্ৰহণ কৰিব পাৰে , যিহেতু মাকৰ সেই বয়সলৈকে কোনো ৰোগ ব্যাধি নাই।বচ্ আৰু কোনে পাই ,লগে লগে আৰম্ভ হৈ গ'ল প্ৰশিক্ষণ।মাতৃ- পুত্ৰ দ্বয়ে সমানে সমানে দৌৰা, খোজ কঢ়া, জিম যোৱা আৰম্ভ কৰিলে।সেই ৰে আৰম্ভ  হ'ল মান কৌৰ ৰ যাত্ৰা , তেওঁ আৰু থমকি নৰল। তেখেতৰ বিশ্ব ৰেকৰ্ড সমূহলৈ মন কৰক-

১০০ মিটাৰ দৌৰ - ১ মিনিট ৯ চেকেণ্ড

২০০ মিটাৰ দৌৰ - ২ মিনিট ৩৯ চেকেণ্ড

৪০০ মিটাৰ দৌৰ - ৬ মিনিট ১০ চেকেণ্ড

জেবলিন থ্ৰ' - ৫.১৪ মিটাৰ

আচৰিত নহয়নে।

উপৰোক্ত ৰেকৰ্ড সমূহকে ধৰি মান কৌৰে প্ৰায় ২০ ৰো অধিক পদক জয় লাভ কৰি ভাৰতবৰ্ষক গৌৰম্বাৱিত কৰিছ।' World Master's Championship' ৰ লগতে তেখেতে এছিয়ান চেম্পিয়নশ্বিপত টো পদক অৰ্জন কৰিছিল।

সাধাৰণতে ৯০ ৰ বয়স গৰকাৰ পাছত আমাৰ প্ৰায় সংখ্যক লোকেই বিচনাতে দিন‌ কটায়।তেনে এক সময়ত মান কৌৰ ৰ এই অদম্য উৎসাহ ডেকা , বুঢ়া সকলোৰে বাবেই অতি প্ৰেৰণাদায়ক।মান কৌৰে তেওঁৰ কাৰ্যৰ দ্বাৰা  বুজাই দিলে যে, প্ৰৱল  ইচ্ছা শক্তি তথা পৰিশ্ৰমেৰে আমি অসম্ভৱ যেন লগা কামো সফল কৰি তুলিব পাৰো। সেয়ে আপুনিও বয়স পাৰ হৈ গ'ল বা শিকাৰ সময় নাই বুলি আক্ষেপ কৰি বহি নাথাকিব, নতুন উৎসাহেৰে আজিয়েই আৰম্ভ কৰক।

পিছে অতিশয় দুখৰ বিষয় যে প্ৰৱল ইচ্ছা শক্তি ৰ অধিকাৰী মান কৌৰ ৰ চলিত বৰ্ষৰ জুলাই মাহত মৃত্যু ঘটে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ১০৫ বছৰ। চলিত বৰ্ষৰ আৰম্ভণি ৰ পৰাই তেখেত লিভাৰ আৰু গল্ড ব্লেডাৰ' কেন্সাৰত ভুগি আছিল,তাৰ চিকিৎসা চলাই থকা হৈছিল। অৱশেষত ৩১ জুলাই তাৰিখে ১ বজাত তেখেতে শেষ নিশ্বাস ত্যাগ কৰে। কেন্সাৰৰ দৰে দুৰাৰোগ্য ৰোগৰ লগতো ‌তেখেতে এই বয়সত যুজ দি আকৌ এবাৰ প্ৰৱল ইচ্ছা শক্তি ৰে প্ৰমাণ দি গ'ল শেষ মূহুৰ্তত।

৯৩বছৰ বয়সত এথেলেটিক কেৰিয়াৰ আৰম্ভ কৰি তেওঁ বুজাই থৈ গ'ল সচাকৈয়ে বয়স এটি সংখ্যা মাত্ৰ। It's never too late for new beginning।

By- Smriti Kakati

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.