মহিলাই পুৰুষৰ ওপৰত অত্যাচাৰ কৰিলে কিয় সকলোৱে মনে মনে চাই থাকে? : Girl Hitting and Slapping Cab Driver

মহিলাই পুৰুষৰ ওপৰত অত্যাচাৰ কৰিলে কিয় সকলোৱে মনে মনে চাই থাকে?  : Girl Hitting and Slapping Cab Driver

salp cab driver

পুৰুষ আৰু মহিলাৰ সম অধিকাৰৰ কথা প্ৰায়েই শুনিবলৈ পাওঁ আৰু কিছু ক্ষেত্রত পুৰুষৰ দৰে মহিলা সকলোকো  সম অধিকাৰ দিয়াৰ দাবি উত্থাপন হৈ থাকে। হয়, এখন সুস্থ আৰু সবল সমাজ গঢ়ি তুলিবলৈ সকলোকে সম অধিকাৰ দিয়াটো প্ৰয়োজন। এই ক্ষেত্রত মহিলা সকলৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ সময়ে সময়ে বিভিন্ন আইন সংশোধন তথা নতুন আইন প্ৰৱৰ্তন কৰা হৈছে।আমাৰ সমাজ খন আগুৱাই যাবলৈ মহিলা সকলৰ অধিকাৰ সমূহ সুৰক্ষিত কৰাৰ প্ৰয়োজন আছে ঠিকেই, কিন্তু এই অধিকাৰ সমূহ সুৰক্ষিত কৰাৰ সময়ত পুৰুষ সকলৰ অধিকাৰ সমূহ যাতে খৰ্ব নহয় তাৰ প্ৰতিও লক্ষ্য ৰখা উচিত। 

  আমাৰ সমাজত অকল পুৰুষে যে নাৰীৰ ওপৰত অত্যাচাৰ কৰে তেনে নহয়, বহুক্ষেত্রত ইয়াৰ বিপৰীত পৰিঘটনাও আমি দেখিবলৈ পাওঁ। ইয়াৰে এক উদাহৰণ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এক ভিডিঅ'ৰ দ্বাৰা পাব পাৰি  য’ত এগৰাকী মহিলাই ৰাস্তাৰ মাজতে এগৰাকী কেব চালকক চৰ মাৰি থকা দেখা গৈছে । ভিডিঅ’টো লক্ষ্ণৌৰ বুলি কোৱা হৈছে, কিন্তু এয়া স্পষ্ট নহয় যে, ঘটনাটো কেতিয়াৰ।ভিডিঅ’টোত দেখা গৈছে যে, ট্ৰেফিক আৰক্ষীৰ সন্মুখতে মহিলাগৰাকীয়ে কেব চালকজনক চৰ শোধাই আছে। ইয়াৰ মাজতে এগৰাকী আৰক্ষী কৰ্মী এজনে হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰে, কিন্তু এটাৰ পিছত আনটো চৰ শোধাই থাকে চালকজনক। কিন্তু সেই সময় ওচৰত থকা কোনো ব্যক্তিয়ে মহিলা গৰাকীক বাধা দিয়া দেখা নগ'ল। কিন্তু এবাৰ ভাৱকচোন এই ঘটনা মহিলাৰ সলনি পুৰুষে সংগঠিত কৰিলে, কেনে পৰিস্থিতিৰ সৃষ্টি হ'ল হেতেন? 

  এতিয়া কথা হ'ল এনে পৰিস্থিতিত আমাৰ কৰণীয় কি? ১৫১  Cr. PC ধাৰা অনুসৰি যদি কোনো ব্যক্তিয়ে ৰাজহুৱা ঠাইত হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি কৰে তেন্তে তেওঁক গ্ৰেপ্তাৰ কৰাৰ আৰক্ষী সম্পূৰ্ণ ক্ষমতা আছে। সেয়েহে এনে পৰিস্থিতিত এজন সচেতন নাগৰিক হিচাপে আমি মহিলা গৰাকীক ধৰিব লাগে আৰু আৰক্ষী বিষয়াক গতাই দিব লাগে। এই ক্ষেত্রত, এটা কথা মনত ৰখা উচিত যে যিহেতু অপৰাধী গৰাকী মহিলা সেয়েহে তেওঁক ধৰিবলৈ মহিলা সকলৰ সহায় লোৱাটো বাধ্যতামূলক। 

  গতিকে এনেদৰে এগৰাকী সচেতন নাগৰিক হিচাপে আমি আমাৰ কৰ্তব্যখিনি পালন কৰিলে পুৰুষ আৰু মহিলা উভয়ৰে অধিকাৰ সমূহ ৰক্ষা পৰিব আৰু আমাৰ সমাজ খন সুস্থ তথা সবল হৈ উঠিব। 

By Prasenjit Chakraborty

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.