দিনে দিনে বাঢ়িছে বস্তুৰ দাম,মূল্যবৃদ্ধিত জুৰুলা দেশবাসী : Increasing prices of daily used things making public life difficult
যোৱা দুটা বছৰত বস্তুৰ জুইছাই দামে অসমৰ লগতে দেশৰ সকলো অঞ্চলৰ বাসিন্দা সকলক জুৰুলা কৰিছে।
ক'ভিদ- ১৯ সৃষ্ট পৰিবেশত যোৱা দুটা বছৰত দেশৰ মুদ্ৰাস্ফীতিয়ে আগৰ সকলো অভিলেখ ভংগ কৰিছে।
মুদ্ৰাস্ফীতি হৈছে, দেশৰ সামগ্ৰী আৰু সেৱাৰ মূল্য বৃদ্ধি। আমাৰ দৈনন্দিন ব্যৱহাৰ্য্য সামগ্ৰীসমূহ মুলতঃ তেল, গাখীৰ, গাখীৰৰ পৰা তৈয়াৰী সামগ্ৰী, মাহজাতীয় শস্য, শাক-পাচলিমাছ-মাংস,চাউল,
দাইল, নিমখ, আলু পিয়াঁজ, ইত্যাদিৰ । ইয়াৰ উপৰিও বস্ত্ৰ, জোতা- চেন্ডেল, পুষ্টিদায়ক খাদ্য, গৃহ নিৰ্মাণ সামগ্ৰী, শিক্ষা আৰু স্বাস্থ্য ব্যয়, ইন্ধন আৰু বিদ্যুৎ , যাতায়ত আৰু যোগাযোগ আদি অনেক ক্ষেত্ৰত মূল্য বৃদ্ধিয়ে দেশৰ জনসাধাৰণৰ জীৱন যাপন দুৰ্বিসহঃ কৰি তুলিছে।
চৰকাৰে সময়ে সময়ে দেশৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যৰ তালিকা প্ৰকাশ কৰে আৰু চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া মূল্যৰ ওপৰত ভিত্তি কৰি গ্ৰাহকে সামগ্ৰী ক্ৰয় কৰে। এই তালিকাক গ্ৰাহক মূল্য সূচাংক অৰ্থাৎ Consumer Price Index (CPI) বুলি কোৱা হয়,য'ত আমি বস্তু আৰু সেৱা সামগ্ৰীৰ মূল্যৰ তাৰতম্য দেখা পাওঁ। ইয়াৰ ওপৰত ভিত্তি কৰিয়েই মূল্য বৃদ্ধিৰ পৰিমাণ নিৰূপণ কৰা হয়। Consumer Price Index শতাংশ হাৰত বছৰি সলনি হয়, আৰু ইয়াক মুদ্ৰাস্ফীতি জুখিবৰ বাবে ব্যৱহাৰ কৰা হয়। consumer price index উলিওৱা পদ্ধতি হৈছে চলিত বছৰৰ মূল্য÷ ভিত্তি বছৰৰ মূল্য ×১০০=CPI ।যিমানে CPI বাঢ়িব, সিমানে মুদ্রাস্ফীত ও বাঢ়িব।
এতিয়া আহো , যোৱা ১২ জুলাইত ৰাষ্ট্ৰীয় পৰিসংখ্যা অফিচে(National Statistical Office) প্ৰকাশ কৰা All India Consumer Price Index লৈ। সৰ্ব ভাৰতীয় এই গ্ৰাহক মূল্য সূচাংক নিৰ্ণয় কৰোঁতে ভিত্তি বছৰ লোৱা হৈছে ২০১২ চন । ইয়াৰ বাবে ভাৰতৰ সকলো ৰাজ্য আৰু union territory ৰ পৰা ১১১৪ খন নগৰীয়া আৰু ১১৮১ খন গৱলীয়া বজাৰ পৰা সামগ্ৰীৰ মূল্যৰ ডাটা সংগ্ৰহ কৰা হৈছিল।
এই তথ্য অনুসৰি ২০২১ বৰ্ষৰ জুন মাহত মুদ্ৰাস্ফীতি বৃদ্ধি পাইছিল whole sale price ত ১২.০৮% আৰু retail price ত ৬.২৬%। আনহাতে, ২০২১ বৰ্ষৰ জুন মাহত GST (Goods and Service Tax) সংগ্ৰহৰ পৰিমানো প্ৰথম বাৰৰ বাবে ১ লাখ কোটিত কৈ হ্ৰাস হৈছে।
আমি যদি চাওঁ যোৱা ১০ বছৰত বস্তুৰ মূল্য অস্বাভাৱিক ভাবে বৃদ্ধি পাইছে। ১০ বছৰৰ আগতে মিঠাতেল ৰ দাম আছিল প্ৰতি লিটাৰত ৫২ টকা। এতিয়া ২০২১ ৰ মে'ত হ'ল গৈ প্ৰায় ২০০ টকা। পেট্ৰল ৰ মূল্য ২০১২ চনত আছিল ৬৮ টকা আৰু বৰ্তমান ১০৩ টকা।গাখীৰৰ দাম প্ৰতি লিটাৰত ২০১২ আছিল ৩০ টকা আৰু এতিয়া ৬০ টকা। কণীৰ দাম প্ৰতিটোত ২ টকাৰ পৰা বাঢ়ি গৈ এতিয়া ৭ টকা হৈছেগৈ।
যোৱা দুবছৰৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যৰ তালিকা যদি চাওঁ, মিঠাতেলৰ দাম প্ৰতি লিটাৰত ২০২০ ৰ মে'ত আছিল ১১৮. ২৮ আৰু ২০২১ ৰ মে'ত হ'লগৈ ১৬৮.৬৪ টকা। sunflower তেল ২০২০ ত ১১০.৯৪ পৰা ২০২১ ত ১৭২.৫৭ টকা হৈছে গৈ। খোলা চাহপাত ২২০ টকাৰ পৰা ২৮২ টকা হৈছেগৈ প্ৰতি কিলোগ্ৰামত।একেদৰে বৃদ্ধি পাইছে ৰন্ধন গেছ আৰু ঘৰুৱা বিদ্যুতৰ মূল্য। এনেদৰে বহু সামগ্ৰীৰ মূল্য বৃদ্ধি পাইছে।
মূল্যবৃদ্ধিৰ কাৰণ হিচাপে আমি যদি বিচাৰ কৰি চাওঁ, ইয়াৰ অন্তৰালত জড়িত আছে আন্তৰাষ্ট্ৰীয় বজাৰত সামগ্ৰীৰ মূল্য বৃদ্ধি পোৱা। কিছুমান সামগ্ৰীৰ আমদানি ব্যয় বৃদ্ধি পোৱা বাবে সেই সামগ্ৰীৰ মূল্যও বাঢ়ি গৈছে। তদুপৰি ইয়াৰ লগত জড়িত আছে খাৰুৱা তেলৰ দাম, অন্যান্য কেঁচা সামগ্ৰীৰ মূল্য, ইত্যাদি। সৰ্বৰোপৰি ,এই ক'ভিদ সৃষ্ট পৰিবেশত বহু মানুহৰ কৰ্ম সংস্থান নাইকিয়া হৈছে। উৎপাদনকৈ খৰছ বাঢ়িছে আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম নিয়ন্ত্ৰণহীন ভাবে বৃদ্ধি পাইছে।
চৰকাৰে এই অত্যাধিক মূল্যবৃদ্ধি যদি নিয়ন্ত্ৰণ নকৰে, তেনে হ'লে অনাগত দিনত সৰ্বসাধাৰণৰ বাবে জীৱন নিৰ্বাহ অতিশয় কষ্টকৰ হ'ব।
By: Mallika Dutta