বিলাসী ডুবাই চহৰৰ নজনা কথা : Interesting facts about Dubai

বিলাসী ডুবাই চহৰৰ নজনা কথা : Interesting facts about Dubai

dubai

ডুবাই চহৰৰ কথা আমি সকলোৱে শুনিছোঁ, ইয়াৰ সুন্দৰ ফটো বোৰ দেখি আমাৰ বহুতেই তালৈ যোৱাৰ সপোনো দেখিছোঁ , নহয় জানো?এই বিলাসী চহৰখনৰ জাকজমকতা সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু।

ডুবাই হ'ল বিশ্বৰ আটাইতকৈ পুৰণি চহৰসমূহৰ অন্যতম। ইয়াত সকলোতকৈ অধিক পৰিমাণৰ বিলাসী দামী গাড়ী দেখিবলৈ পোৱা যায়।ই সমগ্ৰ বিশ্বৰে এক অন্যতম বিলাসী চহৰ ৰূপে পৰিচিত। ভাৰতবৰ্ষৰ বহু লোকে জীৱিকা উৰ্পাজন ৰ বাবেও ডুবাইলৈ যায়।আপোনাৰো বাৰু ডুবাইলৈ চাকৰিৰ বাবে বা ফুৰিবলৈ যোৱাৰ পৰিকল্পনা আছে নেকি?যদি আছে তেন্তে ডুবাইৰ বিষয়ে কিছু কথা জানি লোৱাটো প্ৰয়োজনীয়, কিয়নো ইয়াৰ আইন- কানুন যথেষ্ট কঠোৰ।আহক আজি আমি ডুবাইৰ বিষয়ে কিছু নজনা কথা জানো-

দেশ নহয়, এখন চহৰহে ডুবাই

 হয়, আমাৰ বহুতৰে ভুল ধাৰণা আছে যে,ডুবাই এখন দেশ। পিছে ই সংযুক্ত আৰৱ আমিৰাতৰ এখন চহৰহে। বহুত আকৌ ডুবাইক ৰাজধানী চহৰ বুলিও ভুল কৰে। পিছে ই ৰাজধানী নহয়,ডুবাই হ'ল মৰুভূমি অঞ্চলত অৱস্থিত এখন চহৰ। ইয়াৰ অধিক অংশই মৰুভূমি। অতি কম সময়ৰ ভিতৰতেই ডুবাই চহৰৰ যথেষ্ট পৰিবৰ্তন সাধন কৰা হয়।ওখ ওখ দালান সাজি উলিওৱা ৰ ফলত কিছু বছৰতে চহৰখনৰ ৰূপেই সলনি হৈ পৰে।

ডুবাইৰ কিছু বিশেষ নিয়ম-কানুন -

১/ আপুনি জানেনে,ডুবাই চহৰত মদ্যপান সম্পূৰ্ণ ৰূপে নিষিদ্ধ।হয়, এই চহৰত মদ কিনিবৰ বাবে আগতীয়া অনুমতিৰ প্ৰয়োজন।তালৈ ফুৰিবলৈ যোৱা লোকসকলে হোটেল,বাৰ বা ৰেষ্টুৰেন্টত মদ খাব পাৰে যদিও ৰাজহুৱা স্হানত মদ্যপান কৰাত বাধা আৰোপ কৰা আছে।লগতে মদ খাই গাড়ী চলোৱাতো কঠোৰ নিষেধাজ্ঞা আছে ডুবাই চহৰত।

২/ডুবাইত সমকামিতাৰ ওপৰতো জাৰি কৰা আছে নিষেধাজ্ঞা। বিশ্বৰ বহুকেইখন দেশত সমকামিতাক আইনগত স্বীকৃতি দিয়া হৈছে যদিও ডুবাই এই ক্ষেত্ৰত অলপো উদাৰ নহয়।এনে লোকৰ বাবে ডুবাইত কঠোৰতম শাস্তিৰ ব্যৱস্থা আছে।

৩/ ডুবাই চহৰত ড্ৰাগছ্ সম্পূৰ্ণ নিষিদ্ধ।ড্ৰাগছ্ সেৱন তথা বিক্ৰীৰ ক্ষেত্ৰত ইয়াত কঠোৰ শাস্তি ৰ ব্যৱস্হা আছে।

৪/ ডুবাইৰ এক বিশেষ নিয়ম হ'ল যে, তাৰ হোটেল সমূহত কেৱল পতি-পত্নীৰ হে একেটা কোঠালিত থকাৰ অনুমতি আছে।যদিহে কোনো মহিলা অন্য পুৰুষৰ সৈতে একেটা কোঠালিত থকা ধৰা পৰে, তেতিয়া দুয়োজনকে কঠোৰ শাস্তি প্ৰদান কৰা হয়।

৫/ ডুবাই হ'ল বিশ্বৰ আটাইতকৈ পৰিষ্কাৰ ঠাইসমূহৰ অন্যতম।ডুবাইৰ সকলো ঠাই অতিশয় পৰিষ্কাৰ কৈ ৰখা হয়।এই চহৰত যদি থু পেলোৱা বা আবৰ্জনা পেলোৱা দেখা পোৱা যায়,সেই ব্যক্তিক লগে লগে শাস্তিৰ ব্যৱস্থা কৰা হয়, তাৰ লগতে এই ক্ষেত্ৰত শকত অংকৰ জৰিমনাও বিহা হয়।

৬/ ডুবাই চহৰত আপুনি যদি অধিক বেগেৰে গাড়ী চলায় তেতিয়াও জৰিমনা দিব লাগিব আনহাতে আপুনি যদি অধিক ধীৰ গতিত গাড়ী চলাই,তেতিয়াও জৰিমনা আদায় দিব লাগিব।সচাকৈয়ে কঠোৰ আৰু আচৰিত নীতি-নিয়ম নহয়নে? 

সেয়ে ডুবাই চহৰ ভ্ৰমণ কৰোতে উপৰোক্ত কথাখিনি মনত ৰাখিব। নহ'লে ফুৰিবলৈ‌ গৈ ৰঙা ঘৰৰ ভাত খাব লগা পৰিস্থিতিও উদ্ভৱ হ'ব পাৰে,নহয় জানো?

By- Smriti Kakati

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.