পৃথিৱীৰ এই শক্তিশালী দেশখনত দেখিবলৈ বেয়া হোৱাটো অপৰাধ বুলি গণ্য কৰা হৈছিল : Being Ugly was considered as a crime in this powerfull country

পৃথিৱীৰ এই শক্তিশালী দেশখনত দেখিবলৈ বেয়া হোৱাটো অপৰাধ বুলি গণ্য কৰা হৈছিল : Being Ugly was considered as a crime in this powerfull country

ugly

কোনো এজন ব্যক্তি দেখিবলৈ ধুনীয়া হোৱাটো বা বেয়া হোৱাটো ব্যক্তি জনৰ নিজৰ হাতত নাথাকে। ভগৱানে তেওঁক যিদৰে শ্বজিছে তেওঁ সেইদৰেই জীয়াই থকাটো তেওঁৰ অধিকাৰ।আপুনি এইটো জানি আচৰিত হব যে এই পৃথিৱীত এনেকুৱা এখন দেশ আছে য'ত দেখিবলৈ বেয়া হোৱাটো অপৰাধ বুলি মানি লোৱা হয়। এই খন দেশ পৃথিৱীৰ ভিতৰতে শক্তিশালী আৰু বিকশিত দেশ।এই খন অন্য দেশ নহয় এইখন হ'ল আমেৰিকা যুক্ত ৰাষ্ট্ৰ। ইয়াত ১০০ বছৰ পৰ্য্যন্ত দেখিবলৈ বেয়াটো অপৰাধ বুলি বিবেচিত কৰা হৈছিল।

১০০ বছৰ পৰ্য্যন্ত আছিল এই নিয়ম

USA ত ১৮৭০ চনৰ পৰা ১৯৭০ চনলৈকে প্রায় ১০০ বছৰলৈ ইয়াৰ বহু চহৰত দেখিবলৈ বেয়া হোৱাটো এক অপৰাধ হিচাপে বিবেচিত কৰা হৈছিল যাৰ বাবে কিছুমান আইনী নিয়মো নিৰ্ধাৰিত কৰা হৈছিল। USA ত এই আইন খনক "Ugly Law" বুলি কোৱা হৈছিল যাৰ অৰ্থ আছিল দেখিবলৈ বেয়া।

এইসকল লোকক দেখিবলৈ বেয়া বুলি বিবেচিত কৰা হৈছিল

USA ত এই Ugly Law খনৰ ভিতৰত পৰা লোক সকল হ'ল- দুখীয়া লোক সকল, ভিক্ষা খুজি খোৱা সকল আৰু বিশেষ ভাবে সক্ষম লোক আদি।এই নিয়ম বনোৱা সকলৰ মতে এই লোক সকলে সহজ জীৱন জাপনত প্ৰভাৱ পেলাই আৰু বাধাৰ আৰূপ কৰে।এই আইন খনৰ অনুসৰি কোনো সামাজিক ঠাইত এই লোক সকল যাব নোৱাৰে।

বন্ধী নহ'লে ৫০ ডলাৰ টকাৰ ফাইন

USAUgly Law ৰ অনুসৰি এই ব্যক্তি সকলক ৰাস্তাৰ পৰাৰ আতৰ কৰাৰ অধিকাৰ কেৱল পুলিচ সকলৰ।এই লোক সকলক অপৰাধী হিচাপে বন্ধী বনোৱা হয় নহ'লে ৫০ ডলাৰ ফাইন দিব লাগে।ইয়াৰ এটা অতি গুৰুত্বপূৰ্ণ কথা এইটো যে এই বিশেষ ভাবে সক্ষম লোক সকলৰ অধিকতম লোক আছিল ১৮৭০ চনত আমেৰিকাৰ চিভিল ৱাৰ ৰ লগত জড়িত লোক। এই যুদ্ধ হৈছিল কেইবাখনো ৰাজ্যৰ মাজত কৃষ্ণাঙ্গ সকলৰ গোলামী নাইকিয়া কৰাৰ বাবে।

১৯৭৩ চনত আইনখন আঁতৰ কৰা হয়

Ugly Law, ১৮৬৭ চনত কেলিফোৰ্নিয়াৰ চান ফ্ৰান্সিছক'ত বলবৎ কৰা হৈছিল। তাৰ পিছত গোটেই পেনিছিলবেণীয়া ৰাজ্যত এই আইন বলবৎ কৰা হয় আৰু চিকাগোত এই আইনখন ১৯৭৩ চন লৈকে থাকিল আৰু পিছত লাহে লাহে এই আইনখন আঁতৰ কৰা হয়।

ইতিহাসৰ পৃষ্ঠা লুটিয়ালে হয়তো এনে বহুত আচৰিত কৰিবলগীয়া কথাৰ সন্মুখীন আমি হম যি আমাৰ সপোনৰো অগোচৰ।ভাবিছিল নে আপুনি কেতিয়াবা এই ধৰণৰ আইনো থাকিব পাৰে বুলি?

By: Sukanya Rajbongshi

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.