Black fungus, white fungus ৰ লগতে আকৌ দেখা দিছে মাৰাত্মক হালধীয়া ভেঁকুৰে

Black fungus, white fungus ৰ লগতে আকৌ দেখা দিছে মাৰাত্মক হালধীয়া ভেঁকুৰে

কি এই yellow fungus?

Black fungus, white fungus ৰ লগতে আকৌ দেখা দিছে মাৰাত্মক হালধীয়া ভেঁকুৰে

মানুহৰ দেহত দেখা দিয়া হালধীয়া ভেঁকুৰ  এটা নতুন fungal infection, যিটো black fungus আৰু white fungus তকৈও ভয়াবহ হৈ দেখা দিছে। এই ভেঁকুৰৰ দ্বাৰা আক্ৰান্ত ৰোগীৰ  আলস্য ভাব, আভোক বা একেবাৰে খাবলৈ মন নোযোৱা আৰু ওজন হ্ৰাস আদি উপসৰ্গই দেখা দিয়ে। তদুপৰি এই fungus ৰ আক্ৰমণ ফলত শৰীৰৰ অংগ বিকল হোৱা, চকু কোটৰত সোমোৱা আদিও হব পাৰে।

এতিয়া প্ৰশ্ন হয়,Yellow fungus কেনেকৈ উৎপন্ন হয়? ইয়াৰ কাৰণ কি?

বায়ুত জলীয় বাষ্পৰ পৰিমাণ বৃদ্ধি, আৰু অস্বাস্থ্যকৰ পৰিবেশ হৈছে yellow fungus উৎপত্তি হোৱাৰ কাৰণ । সেয়ে পেলনীয়া খাদ্য অতি সাৱধানে আৰু মানুহৰ পৰা আঁতৰত  পেলাব লাগে । পেলনীয়া সামগ্ৰীবোৰ অতি সোনকালে চাফা কৰিব লাগে যাতে তাত fungus গজি উঠিব  নোৱাৰে। বন্ধ কোঠা, অফিচ আদিৰ জলীয় বাষ্প ৩০%- ৪০% তকৈ বেছি থাকিব নালাগে। যিমানে ই বেছি হব, সিমানে yellow fungus ৰ জন্ম বেছি কৈ হব।

ভাৰতত yellow fungus প্ৰথম ধৰা পৰিছিল গুজৰাটৰ গাজিয়াবাদৰ এজন ব্যক্তিৰ দেহত। সেইজন ব্যক্তি এতিয়াও চিকিৎসাধীন হৈ আছে। এটা কথা উল্লেখযোগ্য যে white fungus য়ে মানুহৰ হাঁও ফাঁও আক্ৰমণ কৰে আৰু black fungus  য়ে মগজুত।কিন্তু yellow fungus য়ে এই দুই ঠাইতে আক্ৰমণ কৰে। মানুহৰ দেহত ইয়াৰ আগতে yellow fungus দেখা পোৱা হোৱা নাছিল, যদিয়ো ইয়াক জন্তুৰ দেহত দেখা গৈছিল।

বিশেষজ্ঞ সকলে কৈছে যে , যি জন ব্যক্তিৰ দেহত এই fungus পোৱা গৈছে, তেওঁ দুমাহ পূৰ্বে ক'ভিদ -১৯ ৰ পৰা আৰোগ্য হৈছিল। 

গতিকে ক'ভিদ-১৯ ত আক্ৰান্ত আৰু আৰোগ্য লাভ কৰা ব্যক্তি সকল এই ক্ষেত্ৰত অজাগ আৰু সাৱধান হব লাগিব।


Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.