ট্ৰেইনত যাত্রা কৰোতে এই নিয়ম সমূহ অৱজ্ঞা কৰিলে হব ১ বছৰ জেইল
মানুহৰ জীৱনটো বাধাহীন ভাৱে চলি থাকিবলৈ মানুহৰ জীৱনটোত কিছুমান নীতি নিয়ম থকাটো খুবেই প্ৰয়োজন। সেয়া মানবসৃষ্ট আৰু প্ৰকৃতিক দুয়োটাই হব পাৰে। এই নীতি নিয়মবোৰে আমাৰ জীৱনত অনুশাসন আনে , যাৰ দ্বাৰা আমি জীৱনত সফল হোৱাৰ দিশ নিৰ্ণয় কৰিব পাৰো। আমাৰ সমাজতো কিছুমান নীতি নিয়ম প্ৰৱৰ্তন কৰা হয়, যাৰ দ্বাৰা সমাজত সৃষ্টি হব পৰা বিশৃঙ্খলতা ৰক্ষা পৰে।
আমাৰ যাতায়াত ব্যৱস্থাত ৰেল পৰিবহণ ব্যৱস্থাটো হৈছে আটাইতকৈ সুলভ তথা সুবিধাজনক । কিন্তু ইয়াৰ লগতে ট্ৰেইনত যাত্রা কৰোঁতেও আমি মানিব লাগে কিছুমান বিশেষ নিয়ম। উদাহৰণ স্বৰূপে ট্রেনত যাত্রা কৰোঁতে আমি এডাল শিকলি দেখা পাওঁ, কিন্তু এটা শিকলিডাল টানাৰো কিছুমান নীতি নিয়ম আছে আৰু যাক উলংঘা কৰি আপুনি খাব লগা হব পাৰে জেইলৰ ভাত। তেন্তে আহক জানি লওঁ আমি কেনে পৰিস্থিতিত ট্ৰেইনৰ শিকলিডাল টানিব পাৰো ।
১) আপুনি ট্রেইনত উঠোতে যদি আপোনাৰ নিজৰ কোনোৱা উঠিব পৰা নাই কিন্তু ট্ৰেইনখন যাবলৈ আৰম্ভ কৰিছে তেন্তে, আপুনি শিকলি টানিব পাৰে।
২) ট্ৰেইনখনত যদি দুৰ্ভাগ্যক্ৰমে জুই সংযোগ হয়
৩) হঠাৎ যদি কোনো ব্যক্তি অসুস্থ হৈ পৰে।
৪) কোনো বয়স্ক লোক বা শাৰীৰিক ভাৱে বাধাগ্রস্ত লোক যদি ট্ৰেইনত উঠিবলৈ অসুবিধাৰ সন্মুখীন হৈছে আৰু ট্ৰেইনখন ৰাওনা হবলৈ ধৰিছে।
৫) ট্ৰেইনত যদি চুৰি, ডকাইতি ইত্যাদি ধৰণৰ কাৰ্য্যকলাপ সংঘটিত হয়, তেন্তে আপুনি শিকলি টানিব পাৰে ।
কিন্তু যদি বিনা কাৰণত যদি আপুনি ট্ৰেইনৰ শিকলিডাল টানে তেন্তে, ইণ্ডিয়ান ৰেল এক্ট ১৯৮৯ ৰ ১৪১ ধাৰা অনুসৰি বিনা কাৰণত ট্ৰেইনৰ শিকলি টনাৰ অপৰাধত অধিকতম ১০০০ টকা জৰিমনা আৰু ১ বছৰ পৰ্যন্ত জেইলৰ হব পাৰে। সমাজ চলি অহা নীতি নিয়ম সমূহে সমাজৰ নিয়মানুবর্তিতা বৰ্তাই ৰখাৰ ওপৰিও বিভিন্ন অপৰাধ মূলক কাৰ্য্যকলাপৰ পৰাও আমাক ৰক্ষা কৰে । সেয়েহে আমি এই নীতি নিয়ম সমূহ মানি চলাটো প্ৰয়োজন।