পৃথিৱীৰ অতি ধুনীয়া আৰু শান্ত গাওঁ সমূহ
আমাৰ প্ৰায় মানুহে ডাঙৰ চহৰ ভাল পায়।কিন্তু সৰু গাওঁ সমূহো কোনোগুণে কম নহয়।আমাৰ পৃথিৱীত এনেবহুত গাওঁ আছে যিয়ে আমাক মনত সাঁচ বঢ়োৱাই যায় আৰু তাৰ পৰিবেশে আমাৰ মনত খোপনি পুতে।এইটো সঁচা যে চহৰৰ ওখ অট্টালিকা,তাৰ শ্বপিং ম'ল আৰু তাৰ বিলাসীতাই সকলোৰে মন সহজে আকৰ্ষণ কৰে কিন্তু এখন গাৱঁৰ পৰিবেশো কোনো গুণে কম নহয়। চহৰৰ ধামখুমীয়া সেই হুলস্থুলীয়া পৰিবেশতকৈ গাঁৱৰ সেই শান্ত পৰিবেশটোয়ে মনটো শান্ত কৰি তোলে।পৃথিৱীৰ কিছু ধুনীয়া গাঁৱৰ বিষয়ে জানো আহকচোন।
পৃথিৱীৰ ধুনীয়া গাঁও খনৰ ভিতৰৰে এখন হ'ল গিথহৰ্ন (Giethoorn): গিথহৰ্ন নেদেৰলেণ্ডৰ এখন অতি আটক ধুনীয়া আৰু শান্ত গাওঁ।এই গাঁওখন দেশখনৰ আটাইতকৈ সেউজীয়া ঠাই বুলি গণ্য কৰা হয়।গাওঁ খন এখন উদ্যানেৰে আগুৰি আছে আৰু অসংখ্য গছ গছনি আছে। এই গাঁও খনত কোনো ধৰণৰ গাড়ী নাই সেই ইয়াত ৰাস্তা নাই আছে মাথোঁ কিছু সৰু সৰু খাল। ১৫০ খন সৰু সৰু সেতুৰ সৈতে যুক্ত হৈ আছে। ভেনিছৰ সৈতে এই গাঁও খনৰ বহু সাদৃশ্য থকাৰ বাবে ইয়াক নেদাৰলেণ্ডৰ দ্যা ভেনিছ নামেও জনা যায়।
মাৰ্সাক্সলোক (Marsaxlokk): মাল্টাৰ দক্ষিণ-পূৰ্বাঞ্চলত এই গাওঁ খন অৱস্থিত। মাৰ্সাক্সলোক গাওঁ খনত অতি সুন্দৰ পৰম্পৰা গত ভাবে মাছ ধৰা গাঁও বুলি খ্যাত আৰু লগতে মাছৰ বজাৰৰ বাবে বিখ্যাত।এই গাওঁ খনৰ ৰংবিৰঙী নাওঁ সমূহে ইয়াৰ শোভা আৰু দুগুন বঢ়াই।এই নাওঁ সমূহক লুজ্জাস বুলি কোৱা হয়।
গাসাদলুৰ (Gasadalur) : গাসাদলুৰ হৈছে ফেৰু দ্বীপপুঞ্জৰ মাইকাইনস দ্বীপত অৱস্থিত এখন সৰু গাওঁ।এক ওখ পৰ্বতৰে এই গাঁও খন ঘেৰি আছে। পৃথিৱীৰ অন্যতম ধুনীয়া গাঁও হিচাপে ইয়াক গণ্য কৰা হয় আৰু এই গাওঁ খনৰ জনসংখ্যা মাত্ৰ ১৮ জন।
বিবৰি (Bibury): বিবৰি গাওঁ খন ইংলেণ্ডৰ গ্লৌচেষ্টাৰসায়াৰ নামে দেশ খনৰ কলন নামৰ নদী খনৰ পাৰত অৱস্থিত। ইংৰাজ ডিজাইনৰ উইলিয়াম মৰিসে এই গান খনত ইংলেণ্ডৰ সকলোতকৈ ধুনীয়া গাওঁ বুলি বাখ্যা কৰিছে।১৭ শতিকাৰ শিলৰ সৰু সৰু ঘৰ আৰু ইয়াৰ মাজেৰে বৈ যোৱা কলন নদীয়ে ইয়াৰ শোভা দুগুণ কৰে।
ফ্রয়েডেনবাৰ্গ (Freudenberg) : এই গাওঁ খন মধ্য যুগৰ এখন সৰু গাওঁ।যি খন জাৰ্মান দেশৰ ৰাইন-ৱেষ্টফালিয়াত অৱস্থিত।এই গাওঁ খন সৰু সৰু কাঠৰ ঘৰ বোৰে গাঁও খন অতি মনোমোহা কৰি পেলাই।
পৰিয়ানগান (Pariangan) : এইখন এখন মিনাংকেবাউ গাওঁ যিখন ইণ্ডোনেছিয়া ৰ পশ্চিম সুমাত্ৰাত তানাহ ডাটাৰ ৰাজ্যত অৱস্থিত।য'ত কিছু পুৰণা মছজিদ আছে। এইখন এখন ঐতিহাসিক গাওঁ।
সাভোকা (Savoca): এই গাওঁ খন চিছিলি ৰ নিচেই কাষত অৱস্থিত আৰু ইয়াৰ কাষতে বিখ্যাত পৰ্যটন কেন্দ্ৰ তওৰমিনাৰ অৱস্থিত। গীৰ্জা ঘৰ আৰু অনান্য পুৰণা অট্টালিকাৰ কাৰণে এই গাঁও খন অতি প্ৰসিদ্ধ।
আলবাৰুৱেলো (Alberobello): দক্ষিণ পূৰ্ব ইটালীত অৱস্থিত আলবাৰুৱেলো গাওঁ খন শুকান পাথৰেৰে গঠিত সৰু সৰু জুপুৰিৰ বাবে বিখ্যাত।প্ৰাচীন কালৰ কৌশলৰ ব্যৱহাৰে এই জুপুৰি সমূহ নিৰ্মাণ কৰা হৈছে।
ওয়া (Oia): স্যান্টোৰিনিৰ শীৰ্ষত অৱস্থিত ওয়া এখন অতি সুন্দৰ গাঁও,এই গাঁও খনৰ নক্সা চকুত লগাকৈ বনোৱা হৈছে।ইয়াৰ বগা ঘৰ বোৰ আটক ধুনীয়া আৰু সূৰ্যৰ পোহৰত জাকত জিলিকা হৈ উঠে।ইয়াৰ কেপ্টেইন হাউচ আৰু উইণ্ডমিল ৰ কাৰণে এই গাঁও খন অতি আকৰ্ষণীয় হৈ পৰে।
জাজকাৰ (Júzcar):জাজকাৰ পৃথিৱীৰ অন্যতম ধুনীয়া গাঁও হিচাপে পৰিগণিত হৈছে।স্মাৰফ মুভিৰ প্ৰিমীয়ামৰ উদযাপনৰ কাৰণে ইয়াৰ ৱাল সমূহত নীলা ৰং কৰা হৈছে।এই অঞ্চলটো এখন ব্যতিক্ৰমী ঠাই হৈছে জাজকাৰ।স্পেইন ৰ এখন অন্যতম ঠাই এই গাওঁ খন।
এই কেইখন গাঁও সৰু হ'লেও অতি মনোমোহা আৰু আটক ধুনীয়া আৰু অতি শান্ত।