এভাৰেষ্ট আৰোহণ কৰা প্ৰথম জন অন্ধ ব্যক্তি : The first blind person to climb Everest : Times Guwahati

এভাৰেষ্ট আৰোহণ কৰা প্ৰথম জন অন্ধ ব্যক্তি

এভাৰেষ্ট আৰোহণ কৰা প্ৰথম জন অন্ধ ব্যক্তি : The first blind person to climb Everest : Times Guwahati

শাৰীৰিক বাধকতা উন্নতিৰ পথত হেঙাৰ হব নোৱাৰে। আত্মবিশ্বাস থাকিলে যিকোনো কাম আমি সমাধা কৰিব পাৰি। আত্মবিশ্বাসে শাৰীৰিক বাধাক দূৰ কৰি নিজৰ লক্ষ্যত উপনিত হবলৈ প্ৰেৰণা যোগায়। এই কথা পুনৰ প্ৰমাণিত কৰি দেখুৱালে চীনৰ ঝাং হং (Zhang Hong)  নামৰ ৪৬ বছৰীয়া এজন ব্যক্তিয়ে  । 

    চীনৰ দক্ষিণ-পশ্চিমৰ চাংকুয়াঙত জন্ম লাভ কৰা  ঝাং হং এজন অন্ধ ব্যক্তি যদিও তেওঁ মানসিক ভাৱে প্ৰবল শক্তিশালী । ২০০১ চনত এৰিক ৱেহেনমায়েৰ নামৰ এজন অন্ধ আমেৰিকান ব্যক্তিয়ে  এভাৰেষ্ট জয় কৰা ঘটনাই ঝাংকক এভাৰেষ্ট আৰোহণ কৰাব বাবে অনুপ্ৰাণিত কৰিছিল আৰু তেতিয়াৰ পৰাই তেওঁ এই চেষ্টাত ব্ৰতী হৈ পৰিছিল। তেওঁ এই চেষ্টাই অৱশেষত সফলতা লাভ কৰিলে আৰু সকলো শাৰীৰিক বাধা নেওচি ২৪ মে'ত ঝাঙে ৮,৮৪৯ মিটাৰ ওখ এভাৰেষ্টত থিয় হয়। ইয়াৰ দ্বাৰা তেওঁ হৈ পৰিল, এছিয়াৰ প্ৰথম আৰু পৃথিৱীৰ তৃতীয় গৰাকী মাউণ্ট এভাৰেষ্ট জয়ী অন্ধ ব্যক্তি । 

  তেওঁৰ এই যাত্রা ইমান সহজ নাছিল, এভাৰেষ্ট  পৰ্বত আৰোহণ কৰি থাকোঁতে তেওঁ মাজে মাজে খুব ভয় খাইছিল, কিয়নো দৃষ্টিহীনতাৰ বাবে তেওঁ মাজে মাজে পৰি গৈছিল। অৱশেষত সকলো প্ৰতিকূলতাক তেওঁ জয় কৰে আৰু  ইতিহাস গঢ় দিবলৈ সক্ষম হয় । 

ঝাং হঙৰ অসাধ্য সাধন কৰা এই কাৰ্য্যই সকলোকে মুগ্ধ কৰি তুলিছে । শাৰীৰিক ভাৱে বাধাগ্রস্ত হোৱাৰ পিছতো তেওঁ যি আত্মবিশ্বাসৰ নিদর্শন দেখুৱাবলৈ সক্ষম হৈছে, এই আত্মবিশ্বাসে তেওঁৰ দৰে বহুতকে অনুপ্রাণিত কৰিব। 

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.