পৃথিৱীৰ জনবহুল দেশ চীনক পিছ পেলাবলৈ গৈ আছে ভাৰতে : India's population is growing day by day

পৃথিৱীৰ জনবহুল দেশ চীনক পিছ পেলাবলৈ গৈ আছে ভাৰতে

 পৃথিৱীৰ আটাইতকৈ জনবহুল দেশ চীনক পিছ পেলাবলৈ গৈ আছে দ্বিতীয় স্থান অধিকাৰ কৰা ভাৰতে । ভাৰতৰ জনসংখ্যা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। ইয়াৰ ফলস্বৰূপে ভাৰত বিশ্বৰ ভিতৰতে জনবহুল দেশ হিচাপে পৰিগণিত হোৱাৰ পথত গতি কৰিছে । 

India's population is growing day by day

চীনৰ বৰ্তমান জনসংখ্যা ১.৪৪ বিলিয়ন হোৱাৰ বিপৰীতে ভাৰতৰ জনসংখ্যা ১.৩৮ বিলিয়ন অৰ্থাৎ বৰ্তমানে ও চীন প্ৰথম স্থানত আছে । বিভিন্ন গৱেষণা অনুসৰি এই ব্যৱধান মাত্ৰ কেইটামান বছৰৰ ভিতৰতে শেষ হ'ব আৰু ভাৰতে চীনক জনসংখ্যাৰ দিশত চেৰ পেলাব । 

ভাৰতত জনসংখ্যা বৃদ্ধিৰ বিভিন্ন কাৰণ আছে । ইয়াৰে অন্যতম হৈছে উপযুক্ত শিক্ষাৰ অভাৱ । বৰ্তমানেও ভাৰতত এনে কিছুমান ঠাই আছে য'ত শিক্ষাৰ পোহৰ পৰা নাই । পুৰুষ কেন্দ্ৰিক দেশ হোৱা হেতুকে কেইবাজনীও কন্যা সন্তান হোৱাৰ পাছতো এটা মাত্ৰ ল'ৰা সন্তানৰ আশাত আমাৰ দেশৰ নাৰী সকলে জমৰ‌‌ যান্ত্ৰনা ভুগিও সন্তান প্ৰসৱ কৰে । ইয়াৰ উপৰিও উন্নত চিকিৎসা ব্যৱস্থাৰ অভাৱ , এনে কিছুমান ঠাই আছে য'ত পূৰ্ণ পৰ্যায়ৰ চিকিৎসা ব্যৱস্থা হোৱা নাই যাৰ ফলত পৰিয়াল পৰিকল্পনা নো কি সেই অঞ্চলৰ মানুহে নাজানে । এনে ধৰণৰ কিছুমান কাৰণত ভাৰতে জনসংখ্যাৰ হাৰ নিয়ন্ত্ৰণত ব্যৰ্থ হৈছে । 

ভাৰতৰ দৰে এখন অৰ্থনৈতিক ভাৱে উন্নয়নশীল দেশৰ এনে ধৰণৰ জনসংখ্যা বৃদ্ধিৰ ফলত বিভিন্ন অসুবিধাৰ সন্মূখীন হ'ব লগীয়া হ'ব । আমেৰিকা যুক্তৰাষ্ট্ৰৰ এক প্ৰতিবেদন অনুসৰি ভাৰতত আৰু মাত্ৰ কেইবছৰমানৰ ভিতৰতে ২৩৭ মিলিয়ন জনসংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে । এই সংখ্যাই ভাৰতক পৃথিৱীৰ আটাইতকৈ জনবহুল দেশ হিচাপে পৰিগণিত কৰাব । 

ভাৰতত নিবনুৱা সমস্যা বৃদ্ধি হোৱাৰ লগতে বৃদ্ধি পাইছে খাদ্য , বস্ত্ৰ আৰু বাসস্থানৰ সমস্যাও । এনেধৰণৰ সমস্যাৰ সন্মুখীন হ'ব লৈ গৈ আছে ভাৰত যাৰ প্ৰধান কাৰণ হৈছে জনসংখ্যাৰ বৰ্ধিত হাৰ । 

 পৰিয়াল পৰিকল্পনা আইনৰ অন্তৰ্গত দুটা সন্তান জন্ম দিয়াৰ যি আইন প্ৰণয়ন কৰা হৈছে সেই আইন সম্পূৰ্ণ ৰূপে ফলপ্ৰসূ তেতিয়া হে হ'ব যেতিয়া কেৱল চাকৰিয়াল সকলেই নহয় দেশৰ প্ৰত্যেক জন নাগৰিকেই ইয়াৰ প্ৰতি সজাগ আৰু সচেতন হৈ নিজৰ দায়িত্ব পালন কৰিব । এতিয়াও কিছুমান ঠাইত এই আইনৰ প্ৰতি কোনো ব্যক্তি সচেতন নহয় সেয়ে এনেধৰণৰ সমস্যাবোৰ বাঢ়ি গৈ আছে । 

কৰোণা মহামাৰীৰ কালছোৱাত দেশৰ অৰ্থনৈতিক অৱস্থাৰ অধিক ক্ষতি সাধন হৈছে যাৰ ফলত আমাৰ দেশ পুনৰ এক নতুন যাত্ৰাৰ সন্মূখীন হ'ব পাৰে । 

নিবনুৱা সমস্যাৰে জৰ্জৰিত এই ঠাইসমূহ আৰ্থিক ভাবে স্বাৱলম্বী হবলৈ হ'লে অসাধ্য সাধনৰ চেষ্টা কৰিব লাগিব । ঘন জনবসতিপূৰ্ণ ঠাইত জনসংখ্যা বৃদ্ধিৰ মূল সমস্যাৰ বিষয়ে অৱগত কৰাই ইয়াৰ প্ৰতি জনসাধাৰণক সচেতন কৰি তুলিব লাগিব । 

- বৰ্ষা বড়া

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.