প্ৰচুৰ পৰিমানে ক্সিজেন যোগান ধৰিব পৰা কেইবিধমান আচৰিত গছ : Oxygen plant in Assam for your home decor

ক'ৰোনাকালত ঘৰতে অক্সিজেন যোগান ধৰিব পৰা গছ 

বৰ্তমান ক'ৰোনা মহামাৰীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। যাৰ ফলত চাৰিওফালে আতংকৰ  সৃষ্টি হৈছে । উল্লেখ্যযোগ্য যে ক'ৰোনাত আক্রান্ত হোৱা ব্যক্তিসকলৰ অক্সিজেন অভাৱজনিত ৰোগত ভোগিবলগীয়া হয় আৰু ইয়াৰ কাৰণ বায়ুমণ্ডলত কমি আহা অক্সিজেনৰ পৰিমাণো হ'ব পাৰে। এনে স্থলত অক্সিজেনৰ ভাৰসাম্যতা ৰক্ষা কৰিবলৈ তথা ক'ৰোনাৰ ভয়ংকৰ প্ৰভাৱৰ পৰা ৰক্ষা পাবলৈ আমি ঘৰতে কিছুমান গছ ৰোপণ কৰিব পাৰো । তেন্তে আহকচোন জানি লওঁ, সেই গছ সমূহৰ বিষয়ে । 

Oxygen plant in Assam for your home decor


Aloe Vera Plant :- আমাৰ ঘৰতে অক্সিজেনৰ যোগান ধৰিব পৰা এবিধ গছ হৈছে Aloe Vera Plant। এই গছবিধে  বায়ু পৰিষ্কাৰ কৰাত সহায় কৰে আৰু ৰাতি অক্সিজেন বিলায়। 

The spider plant :- এইবিধ গছ ঘৰতে অতি সহজে ৰোপন কৰিব পাৰি আৰু ই বায়ু বিশুদ্ধ কৰাত বিশেষ ভূমিকা পালন কৰে । তাৰোপৰি এই গছবিধে ঘৰত  ধনাত্মক পৰিবেশ বজাই ৰখাত সহায় কৰে। 

Areca Palm :- এইবিধ গছ বায়ুৰ পৰা বিষাক্ত গেছ  সমূহ শুহি লোৱাত সহায় কৰে। তাৰোপৰি এই গছে আমাৰ nervous system শক্তিশালী কৰাৰ লগতে শিশুৰ সম্পূর্ণ বিকাশত সহায় কৰে৷ 

Bamboo Plant :- আমাৰ ঘৰতে অক্সিজেনৰ যোগান ধৰিব পৰা আন এবিধ গছ হৈছে Bamboo plant । এই গছবিধে বায়ুৰ পৰা toluene নামৰ বিষাক্ত উপাদান আতঁৰাই ইয়াৰ পৰা হ'ব পৰা বেমাৰৰ পৰা আমাক ৰক্ষা কৰে । এই গছ আমি ঘৰত ৰাখি ঘৰত অক্সিজেনৰ পৰিমাণ বৃদ্ধি কৰিব পাৰো। 

Tulsi :-  তুলসী গছৰ ঔষধি গুণৰ বিষয়ে হয়তো সকলো জ্ঞাত কিন্তু আপুনি জানি আচৰিত হ'ব যে ই বায়ুত অক্সিজেনৰ পৰিমাণৰ বৃদ্ধি কৰাৰ লগতে দিনৰ প্ৰায় ২০ ঘন্টা সময় আমাক অক্সিজেনৰ প্ৰদান কৰে। ই বায়ুৰ পৰা বিষাক্ত গেছে যেনে :- কাৰ্বন ডাই অক্সাইড, কাৰ্বন মন অক্সাইড আৰু ছালফাৰ ডাই অক্সাইড আদি গেছ  শুহি লয়। 

Snake plant :- এই গছবিধক বায়ু সংশোধনকাৰী হিচাপে NASA ৰ দ্বাৰা স্বীকৃতি প্ৰাপ্ত। ই বায়ুৰ পৰা বিষাক্ত উপাদান যেনে formaldehyde, nitrogen oxide, benzene, xylene and trichloroethylene আদি শুহি লৈ বায়ুত অক্সিজেনৰ পৰিমাণ বৃদ্ধি কৰে। 

Gerbera Daisy :- এই ফুল গছবিধে ঘৰৰ সৌন্দর্য বৰ্ধন কৰাৰ লগে লগে চাৰিওফালে অক্সিজেনৰ মাত্রা বৃদ্ধি  কৰাত সহায় কৰে। NASA ৰ এক গবেষণাত প্ৰকাশ পাইছে যে, এই গছে বায়ুৰ পৰা formaldehyde, benzene  আৰু trichloroethylene নামৰ প্ৰদূষক আতঁৰ কৰাত সহায় কৰে  । এই গছে ৰাতি অক্সিজেন বিলাই আৰু বায়ুত থকা কাৰ্বন ডাই অক্সাইড শুহি লয়। 

  আমি এই গছবোৰ ঘৰতে ৰোপণ কৰি অক্সিজেনৰ মাত্রা বৃদ্ধি কৰিব পাৰি । কিন্তু এয়াই যথেষ্ট নহয়, মানুহৰ প্ৰকৃতিৰ ওপৰত যি ধ্বংস লীলা সেয়াও আমি বাধা দিব লাগিব,নহ'লে এদিন সমগ্র মানৱ জাতি প্ৰকৃতিৰ গ্ৰাসত পৰি বিনষ্ট হ'ব। 

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.