যমৰ দুৱাৰৰ পৰা ৭ বাৰকৈ ঘুৰি অহা এজন বিশেষ ব্যক্তি : A special person who turns around 7 times

 মানুহৰ জন্ম আৰু মৃত্যুৰ কথা কোনেও কব নোৱাৰে, সেইয়া কেৱল পৰম পিতাৰ হাতত  । ভগৱানে নিৰ্ধাৰণ কৰা সময় অনুসৰি সকলো ঘটি আছে আৰু ভৱিষ্যতেও ঘটি থাকিব। জন্ম হ'বলৈ যিদৰে সঠিক সময়ৰ প্ৰয়োজন ঠিক সেইদৰে মৃত্যুৰো এক সঠিক সময় আছে  । তাৰে এক উদাহৰণ আজি দাঙি ধৰিম আপোনালোকৰ আগত। ৭ বাৰ মৃত্যুৰ মুখৰ পৰা বাচি আহিল এজন ব্যক্তি। কথাষাৰ অবিশ্বাস্য যদিও সত্য। সবিশেষ জানো আহ'ক। 

A special person who turns around 7 times

যমদূতৰ ঘৰৰ পৰা ঘূৰি অহা মানুহজনৰ নাম হৈছে Frane Selak । তেওঁৰ জন্ম হৈছিল  ১৯২৯ চনৰ ১৪ জুন তাৰিখে ।  ৭ বাৰকৈ মৃত্যুক জয় কৰা এই মানুহজনক World’s Unluckiest Lucky Man বুলিও কোৱা হয়। তেন্তে আহক আপোনাক লৈ যাওঁ মৃত্যুক জয় কৰা তেওঁৰ সেই বৃত্তান্তলৈ। 

মৃত্যুক জয় কৰা এই শৃংখলাৰ আৰম্ভণি হৈছিল ১৯৬২ চনত। সেই সময়ত তেওঁ ট্ৰেইনেৰে যাত্ৰা কৰি থাকোতে হঠাৎ ট্ৰেইনখন ট্ৰেইন লাইনৰ পৰা আঁতৰি যায় আৰু এক ডাঙৰ দুৰ্ঘটনাৰ সন্মুখীন হ'ব লগা হয়। উক্ত দুৰ্ঘটনাত ১৭ জন ব্যক্তিৰ মৃত্যু হয় কিন্তু Frane Selakৰ প্ৰাণ ৰক্ষা পৰে। 

   এই ঘটনাৰ এবছৰৰ পিছত অৰ্থাৎ ১৯৬৩ চনত তেওঁ এখন উৰাজাহাজেৰে যাত্রা কৰি থাকোতে, হঠাৎ উৰাজাহাজখনত অগ্নি সংযোগ হয় , যাৰ ফলত ১৯ জন ব্যক্তিৰ মৃত্যু হয়। কিন্তু Frane Selak নামৰ ব্যক্তিজনে পেৰাশ্বুটৰ দ্বাৰা নিজকে ৰক্ষা কৰে । 

  ১৯৬৬ চনত তেওঁ বাছেৰে  যাত্রা কৰি আছিল আৰু হঠাৎ বাছখন দুৰ্ঘটনাগ্ৰস্ত হৈ এখন নদীত পৰে। এই দুৰ্ঘটনা ৪ জন যাত্রীৰ মৃত্যু হয়, কিন্তু এইবাৰো তেওঁৰ প্ৰাণ ৰক্ষা পৰে । 

  তিনিবাৰকৈ হোৱা এনে দুৰ্ঘটনাৰ ফলত তেওঁ নিজা বাহনতে যাত্রা কৰাৰ থিৰাং কৰিছিল । কিন্তু তেওঁৰ দুৰ্ভাগ্যই  তেওঁৰ পিছ এৰা নাছিল। যাৰ ফলত ১৯৭০চনত তেওঁ নিজা গাড়ী চলাই থাকোতে হঠাৎ গাড়ীখনত অগ্নিসংযোগ হয় , কিন্তু তেওঁ গাড়ীখনৰ পৰা জাঁপ মাৰি নিজৰ প্ৰাণ ৰক্ষা কৰে। 

 ১৯৭৩ চনত তেওঁ পুনৰ দুৰ্ঘটনাৰ সন্মুখীন হয়। তেওঁ নিজৰ গাড়ীত ভ্ৰমণ কৰি থাকোতে হঠাৎ তেওঁৰ ইন্ধন পাম্পটো ভাঙি যোৱাৰ ফলত গাড়ীখনত অগ্নি সংযোগ হয়। এই দুৰ্ঘটনাত তেওঁ আঘাত প্ৰাপ্ত হৈছিল যদিও তেওঁ মৃত্যু দূৱাৰৰ পৰা ঘূৰি আহিছিল। 

১৯৯৫ চনত তেওঁ ৰাজপথত খোঁজ কাঢ়ি থাকোতে, এখন বাছে আহি তেওঁক খুন্দা মাৰে। এই দুৰ্ঘটনাত অলপ আঘাতপ্রাপ্ত হয় যদিও মৃত্যুৰ পৰা ৰক্ষা পৰে। 

  ১৯৯৬ চনত তেওঁ পাহাৰীয়া এলেকাত ড্রাইভিং কৰি থাকোতে তেওঁৰ গাড়ীখন দুৰ্ঘটনাগ্ৰস্ত হৈ পাহাৰৰ পৰা ৩০০ ফুট তলত পৰে । কিন্তু France Selak গাড়ীৰ পৰা জাঁপ মাৰি এটা গছত পৰে আৰু সেই গছৰ ডালিত ধৰি নিজৰ প্ৰাণ ৰক্ষা কৰে। 

 আমি কেৱল ইশ্বৰৰ পুতলাহে, জন্ম মৃত্যু সকলো তেওঁ নিৰ্ধাৰণ কৰা সময় অনুসৰি হৈ থকিব। সময় নাহিলে  মৃত্যুৰ ঘৰৰ পৰাও আমি উভতি আহিব লাগিব  France Selak  তাৰে এক উদাহৰণ। 

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.