বিশ্বৰ ঐতিহাসিক ঠাই ইলোৰাৰ বিষয়ে কিছু কথা
ভাৰতবৰ্ষ এখন ইতিহাস প্ৰসিদ্ধ ঠাই। ভাৰতবৰ্ষৰ প্ৰতিখন ঠাইত হয়তো ইতিহাসৰ এক নিজা নিজা কাহিনী আছে। তেতিয়াৰ ৰজা মহাৰজা সকলৰ এক নিজা কাহিনী আছে। তেওঁলোকৰ নীতিনিয়ম সমূহ হয়তো শিলৰ ৰেখা সদৃশ আছিল। বৰ্তমানৰ প্ৰযুক্তি বিদ্যাতকৈও তেওঁলোকৰ প্ৰযুক্তি বিদ্যা কিছু উন্নত মানৰ আছিল যাক ইতিহাসে এতিয়াও সোঁৱৰায়। তেতিয়াৰ সমাজ খন ইমান যান্ত্ৰিকতা ভৰা নাছিল যদিও তেওঁলোকৰ কাম বোৰ অতি নিখুঁত আৰু পৰিপাতি আছিল।ইতিহাসত ইয়াৰ উমান বাৰুকৈয়ে পোৱা যায়।
প্ৰাচীন কালৰ ৰহস্য বোৰ ২ কি:মি: দৈৰ্ঘ্য শিলত খোদিত কৰা কমটো কঠিন কাম নাছিল। ইলোৰা গুহা হৈছে বিশ্বৰ বৃহত্তম প্ৰাচীৰ য'ত শিলত খোদিত গুহা আৰু মন্দিৰ আছে, যাক ইউনেস্ক' য়ে ১৯৮৩ চনত বিশ্বৰ ঐতিহাসিক ঠাই হিচাপে পৰিগণিত কৰিছিল।
৬০০ৰ পৰা ১০০০ খ্ৰীষ্টপূৰ্বৰ ভিতৰত মহাৰাষ্ট্ৰৰ ঔৰংগবাদৰ পৰা ৩০ কি:মি: দূৰত্ব ত ইলোৰা গুহা সমূহ নিৰ্মাণ কৰা হৈছিল আৰু অজন্তা গুহাৰ পৰা ইয়াৰ দূৰত্ব কমেও ২কিঃ মিঃ ।
ইলোৰা গুহা সমূহত হিন্দু,বুদ্ধ আৰু জৈন ধৰ্মৰ মন্দিৰ সমূহ আছে আৰু কমেও ১০০ টা গুহাৰ মাত্ৰ ৩৪ টা গুহা হে জনসাধাৰণৰ বাবে মুকলি হৈ আছে।তাৰে গুহা সমূহৰ ১৭ টা গুহা হিন্দু গুহা,১২ টা বুদ্ধ গুহা আৰু ৫ টা জৈন ধৰ্মৰ গুহা খোদিত আছে ।১৬ নম্বৰ গুহাত কৈলাশ মন্দিৰ খোদিত আছে য'ত নেকি অকল এটা বিশাল শিলত খোদিত কৰা হৈছে গোটেই মন্দিৰ টো। তেতিয়া দিনৰ লোক সকলে শিৱক পূজ্য দেৱতা হিচাপে মানিছিল। শিৱই সৰ্বেসৰ্বা আছিল তেওঁলোকৰ বাবে।
১৫ নম্বৰ গুহাক দশৱতাৰ গুহা বুলি জনা যায় য'ত ভগৱান বিষ্ণুৰ দশৱতাৰ খোদিত কৰা হৈছে। এইদৰেই ইলোৰাৰ প্ৰতিটো গুহাৰ নিজা অস্তিত্ব আছে আৰু প্ৰতিটো গুহাই এক বিশেষ ধৰণৰ ইতিহাসক সোঁৱৰায় দিয়ে। এই গুহা সমূহত নিখুঁত ভাবে খোদিত কৰা প্ৰতিটো শিল্পকলাই বৰ অনুপম আৰু ইমান নিপুন আৰু নিখুঁত ভাবে ইয়াক খোদিত কৰা হৈছে যে যাৰ বাবে দেশ বিদেশৰ পৰ্যটকক বহু পৰিমাণে আকৰ্ষিত কৰে।
ইলোৰা গুহা গোটেই সপ্তাহ খোলা থাকে কিন্তু মঙলবাৰে বন্ধ হৈ থাকে। ইলোৰা গুহা চাবলৈ যোৱাৰ ভাল সময় হৈছে নৱেম্বৰ পৰা মাৰ্চৰ সময়ছোৱা।
এইদৰেই ভাৰতৰ ইতিহাসক লুটিয়ালে শেষ নহ'ব । ভাৰতৰ অলীয়ে গলীয়ে ইতিহাস সীমাবদ্ধ হৈ আছে। বৰ্তমানেও হয়তো বহু ঠাই আবিষ্কাৰ হৈয়ে আছে ।