" ৰাইজে ধৰিলে ড্ৰাগছ বেপাৰীক | চাপৰ আৰক্ষীয়ে জব্দ কৰিলে বৃহৎ পৰিমানৰ নিষিদ্ধ ব্ৰাউন ছুগাৰ

ৰাইজে ধৰিলে ড্ৰাগছ বেপাৰীক | চাপৰ আৰক্ষীয়ে জব্দ কৰিলে বৃহৎ পৰিমানৰ নিষিদ্ধ ব্ৰাউন ছুগাৰ

চাপৰ আৰক্ষীয়ে জব্দ কৰিলে বৃহৎ পৰিমানৰ নিষিদ্ধ ব্ৰাউন ছুগাৰ

চাপৰত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান।

চাপৰ আৰক্ষীয়ে জব্দ কৰিলে বৃহৎ পৰিমানৰ নিষিদ্ধ ব্ৰাউন ছুগাৰ।

আটক ধৃত ড্ৰাগছ ব্যৱসায়ী তথা টটো চালক বউতুল্লা আনছাৰী।

প্ৰথম অৱস্থাত টটো চালকৰূপী ড্ৰাগছ ব্যৱসায়ীজনক মোৱাটাৰী খৰিদাগোসাই ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আটক।

চাপৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰণব দলে এক গোপন সূত্ৰৰ পমখেদি এজন ড্ৰাগছ ব্যৱসায়িক আটক কৰিবলৈ সক্ষম হয়।   । পিছত লৰাজনৰ ঘৰত আৰক্ষীয়ে  তালাচি চলাই ২৬ টা খালি কন্টেইনাৰ আৰু ১২ টা ভৰ্তি কন্টেইনাৰ জব্দ কৰে । লগতে নগত ৪৫৯০ টকা আৰু এটা মোবাইল জব্দ কৰিবলৈ সক্ষম হয়

লৰাজন চাপৰিৰ  কাজিপাৰাৰ  বাসিন্দা বৈতুল্য আনছাৰী  বুলি জানিব দিয়ে । 

লগতে কয় যে লৰাজন টটো চলাই ব্যৱসায় চলাই ৰাখিছে।

     এই জন বিষয়াই চাপৰ থানাত দায়িত্ব ভাৰ লোৱাৰ পিছৰে পৰাই নিদ্ৰাহৰণ কৰিছে চোৰ ডকাইত আৰু ড্ৰাগছ মাফিয়া সকলৰ। এইজন প্ৰণব দলে নেতৃত্বত আগ পিছে চাপৰ অঞ্চলত বহুতো ড্ৰাগছ মাফিয়াক জেল হাজোত লৈ প্ৰেৰণ কৰিছে। যাৰ ফলত আজি চাপৰ অঞ্চলত অপৰাধ মূলক ঘটনা প্ৰায় নাইকিয়া হ'বলৈ ধৰিছে। তাৰ কাৰণে আজি চাপৰ অঞ্চলত সচেতন মহলে এইজন আৰক্ষী বিষয়াক শলাগ লোৱাও পৰিলক্ষিত হৈছে।

চাপৰৰ পৰা মুন্না আহমেদৰ ৰিপৰ্ট

Post a Comment

Previous Post Next Post

People Like