অজয় দেৱগনক কিয় ৰাইজে পিটিলে?
অভিনয় জগতৰ তাৰকা আৰু বিতর্কৰ এৰাব নোৱাৰা সম্পর্ক। এটা বিতর্কৰ অৱসান ঘটাৰ আগতে অন্য এক বিতর্কয় তেওঁলোকক আগুৰি ধৰে। এনে এক বিতর্কৰ সন্মুখীন হ'ব লগা হৈছে জনপ্রিয় অভিনেতা অজয় দেৱগনৰ।
ছচিয়েল মিডিয়াত ইতিমধ্যে এক ভিডিঅ' ভাইৰেল হৈ পৰিছে। এই ভিডিঅত' দেখা গৈছে যে এজন ব্যক্তি খুব পিটন খাইছে । দূৰৰ পৰা তেওঁৰ মুখ খন স্পষ্ট নহয় , যদিও তেওঁৰ শাৰীৰিক গঠন চাই তেওঁক অজয় দেৱগন বুলিয়েই অনুমান কৰিছে বহুতে। ভিডিঅ'টোত দেখুৱাৰ মতে অজয় দেৱগন বুলি দাবী কৰা ব্যক্তিজনে দিল্লিৰ Aerocity mall ৰ পাৰ্কিং প্লেচত মদৰ নিচাত কাজিয়াত লিপ্ত হোৱা দেখা গৈছে আৰু যাৰ ফলস্বৰূপে তাত উপস্থিত থকা আন ব্যক্তিসকলে তেওঁক উত্তম মাধ্যম দিয়া পৰিলক্ষিত হৈছে ।
ভিডিঅ'টো ভাইৰেল হোৱাৰ পিছতে অজয় দেৱগন আৰু তেওঁৰ পক্ষ ইয়াৰ বিপক্ষে সৰৱ হৈ পৰিছে। অজয় দেৱগনে দাবী কৰিছে যে ভিডিঅ'ত দেখুওৱা ব্যক্তিজন তেওঁ নহয় আৰু তেওঁ দিল্লিলৈ ১৪ মাহ আগতেই গৈছিল, গতিকে এই ভিডিঅ' তেওঁৰ বিৰুদ্ধে এক সৰযন্ত্ৰহে মাথোঁ। সেয়েহে তেওঁ ইয়াৰ বিৰুদ্ধে আৰক্ষীচকীত গোচৰ ৰুজো কৰিছে আৰু পুলিচে ইয়াৰ তদন্ত আৰম্ভ কৰিছে।
অভিনয় জগতৰ তাৰকা সকলৰ জীৱনটো দেখিবলৈ যিমান সুন্দৰ কিন্তু বাস্তৱত তাৰ ওলোটাহে আৰু এনেধৰণৰ বিতর্কয় তেওঁলোকৰ জীৱনটো অধিক কঠিন কৰি তোলে।