কণা শিমলু বনৰ গুণ | Benefit of commelina virginica | Times Guwahati

 কণা শিমলু বনৰ গুণ

কণা শিমলু

  প্ৰাচীন কালত বৰ্তমানৰ দৰে আধুনিক চিকিৎসা ব্যৱস্থা নাছিল। সেই সময়ত সম্পূৰ্ণ আয়ুর্বেদিক পদ্ধতিৰে চিকিৎসা কৰা হৈছিল আৰু  ইয়াৰ বাবে ব্যৱহাৰ কৰা হৈছিল আমাৰ চাৰিওফালৰ গছ-গছনি, বন- লতা ইত্যাদি । বৰ্তমান চিকিৎসাবিদ্যাৰ উন্নতি ঘটিছে যদিও আমাৰ পৰিবেশত বৰ্তমানেও এই ঔষধি গছ - গছনি মজুদ আছে। কিন্তু আমি তাৰ ঔষধি গুণ সমূহৰ বিষয়ে জ্ঞাত নহয়।  সেয়েহে আজি আপোনালোকৰ জ্ঞাতার্থে আলোচনা কৰিম  কণাশিমলু বনৰ ঔষধি গুণসমূহ । তেন্তে আহ'কচোন জানি লওঁ সেই গুণসমূহ :-

১) কটা ঘাঁ, ফোঁহা (boils), খজুৱতি আদিত কণাশিমলু বনৰ ঠাৰি থেতেলাই লৈ তাৰ আঠা লগাব লাগে। জোকে খালে হোৱা ঘাঁ আৰু খজুৱতিটো একেদৰে লগালে সুফল পোৱা যায়।

২) জুৱে পোৰা,খৰখজুৱতি,কটা ঘাঁ আদিতো ইয়াৰ ব্যৱহাৰ কৰিলে সোনকালে আৰোগ্য পোৱা যায়।

৩) মহিলাৰ বগাস্ৰাৱ সমস্যাত কণাশিমলু বন সৰু এমুঠিৰ লগত এক আঙুল জোখৰ যমলাখুটিৰ আলু এডোখৰ খুন্দি তালমিছিৰি দি দিনে দুপালি কৰি এমাহমান খালে সুফল পোৱা যায়।

৪) চকুত আচিনা বা আজিনা হলে কণাশিমলু বনৰ ঠাৰি মোহাৰি তাৰ আঠা আচিনা হোৱা অংশত লগাই দিলে সুফল পোৱা যায় আৰু এই ৰোগ সোনকালে আৰোগ্য হয়। 

৫) পুৰুষৰ ধাতু দুৰ্বলতা আৰু প্ৰষ্টেটৰ সমস্যাতো কণা শিমলুবন এই বিধিৰে খালে সোনকালে সুফল পাব। এইক্ষেত্ৰত বৰকণাশিমলু বন অলপ বেছি গুণকাৰী।

৬) পুৰুষ স্ত্ৰী উভয়ৰে হৰমনসমূহৰ কার্যক্ষমতা অটুট ৰখাত কণাশিমলু বনৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। সন্তানহীন দম্পতিয়ে মাজে সময়ে এই বনশাক সেৱন কৰিলে ভাল।

৭) কেঁচুৱা জন্মৰ পিছত প্ৰসূতি স্ত্ৰীৰ গৰ্ভাশয় স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিবলৈ, সন্তান জন্মৰ পিছত গৰ্ভাশয়ৰ ভিতৰৰ ঘাঁ শুকুৱাত আৰু দুগ্ধ উৎপাদন বৃদ্ধি কৰিবলৈ কণাশিমলু বন বৰ উপকাৰী। ইয়াৰ বাবে প্ৰসূতাক কণাশিমলুবন মচুৰ দাইলত দি নাইবা নহৰু দি ভাজি খুৱাব পাৰে নাইবা নহৰু, জালুক দি মাগুৰ, শিঙি মাছৰ জালুকীয়া আঞ্জা খুৱাব পাৰে। প্ৰসূতি আৰু দুগ্ধৱতী স্ত্ৰীৰ বাবে অতিকে উপকাৰী এইবিধ বনৌষধি।

৮) বহু মহিলাৰ সন্তান জন্মৰ বহুদিন পিছতো তলপেট ডাঙৰ হৈ থাকে। সন্তান জন্মৰ পিছত কণাশিমলু বন খাই থাকিলে এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি।

৯) বহু মহিলাৰ সন্তান জন্মৰ বহুদিন পিছতো তলপেট ডাঙৰ হৈ থাকে। সন্তান জন্মৰ পিছত কণাশিমলু বন খাই থাকিলে এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি।

১০) পেচাব জ্বলা পোৰা কৰা, পেচাবত ধাতু যোৱা বা পেচাবৰ সংক্ৰমণ, মূত্ৰাশয়ৰ ৰোগত এইবিধ বন অতি উপকাৰী

১১) চৰ্দি, তনচিলাইটিছ, ফেৰিনজাইটিছ, পিঠাখোৱা(Mumps) আদি ৰোগতো কণাশিমলু বন উপকাৰী

১২) উচ্চ ৰক্তচাপতো কণাশিমলু বন উপকাৰী। উচ্চ ৰক্তচাপ ৰোগীয়ে এইবিধ শাক মাজে মাজে সেৱন কৰিব পাৰে।

১৩) ডায়েবেটিচ ৰোগীয়েও মাজে মাজে কণাশিমলুবন সেৱন কৰিলে পেচাবৰ অন্য সমস্যা, স্নায়ুজনীত সমস্যা, প্ৰষ্টেটৰ সমস্যা আদিৰ পৰা হাত সাৰি থাকিব পাৰে।

কণা শিমলুৰ ইমানবোৰ গুণ থকাৰ পিছতো বহুতে ইয়াৰ  বিষয়ে জ্ঞাত নহয়। ব্যৱহাৰৰ অভাৱত এই গছবিধ  এতিয়া পাহৰণিৰ গৰ্ভত ।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.