Stock market কি আৰু ইয়াত কেনেকৈ উপাৰ্জন কৰিব পাৰি? : How to income by Stock Market

 Stock market কি  আৰু ইয়াত কেনেকৈ উপাৰ্জন কৰিব পাৰি? 

মানুহৰ জীৱনত যিমান সম্পত্তিয়েই নহওঁক কিয়, তথাপিও সম্পত্তিৰ অভাৱ পূৰণ নহয়। আমাৰ দেশৰ আগশাৰীৰ  ব্যৱসায়ীসকলৰ ইমান সম্পত্তি আছে যে তেওঁলোকৰ সেই সম্পতি তেওঁলোকৰ উত্তৰ পুৰুষ সকলেও ভোগ কৰি যাব পাৰিব । তথাপিও তেওঁলোকে নিৰন্তৰ ভাৱে টকা উপাৰ্জনত ব্ৰতী হৈ আছে । টকা উপাৰ্জনৰ বহুতো মাধ্যম আছে আৰু তাৰে মাজৰ এক আকৰ্ষণীয় মাধ্যম হৈছে  "Stock Market" । আজি  আমি আলোচনা কৰিম Stock Market মানে কি, ইয়াত কেনেদৰে Investment কৰিব লাগে আৰু ইয়াৰ দ্বাৰা আমি কি দৰে টকা উপাৰ্জন কৰিব পাৰো ।

Stock market in assam

 Stock Market নো কি? 

  Stock Market হৈছে এখন বজাৰ, য'ত আপোনালোকে Stock কিনা-বেচা কৰিব পাৰে। সৰল অৰ্থত ই এনে এখন বজাৰ য'ত বস্তু কিনা-বেচা কৰা হয়। 

Stock Market ত কিদৰে Invest কৰিব লাগে? 

আপুনি Stock Market ত Money Invest কৰিব গ'লে আপুনি  প্ৰথমতে এটা Demat Account বনাই ল'ব লাগিব। যাৰ বাবে আপোনাক প্ৰয়োজন হ'ব কিছুমান নথিপত্ৰ । যেনে :- ভোটাৰ কাৰ্ড, পান কাৰ্ড, বেংকৰ নথি, আধাৰ কাৰ্ড , পাছপোৰ্ট ফটো আদি। আপোনাৰ Demat Account হৈ যোৱাৰ পিছত, আপুনি Stock Market ত পইচা Investment কৰিব পাৰিব ।  Stock Market ত দুই ধৰণে পইচা  Invest কৰিব পাৰি । যেনে :- Short time আৰু Long time ।

Stock Market ৰ দ্বাৰা আমাৰ কিদৰে লাভ হয়? 

Stock Market ত লাভ - লোকচান দুয়োটা জড়িত হৈ থকে। উদাহৰণ স্বৰূপে আপুনি এটা সামগ্ৰী ১০০ টকাত কিনিছে আৰু সেই সামগ্ৰীটো ১৫০ টকাত বিক্ৰী কৰিছে আৰু আপোনাৰ ৫০ টকা লাভ হৈছে। ঠিক তেনেদৰে সেই সামগ্ৰীটো ৮০ টকাত বেছিলে ২০ টকা আপোনাৰ লোকচান হৈছে। অৱশ্যে এই লাভ-লোকচানৰ কথাতো আপোনাৰ অভিজ্ঞতাৰ লগত জড়িত হৈ থাকে। 

 এনেদৰে আপুনি Stock Market ত Investment কৰি, পইচা উপাৰ্জন কৰিব পাৰে । ইয়াত লোকচান জড়িত হৈ আছে, যদিও আপোনাৰ অভিজ্ঞতাই সেই লোকচানটোক লাভলৈ পৰিৱৰ্তন কৰিব পাৰে।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.