যদি পৃথিৱীৰ ঘূৰ্ণন বন্ধ হয় কি হব
পৃথিৱীৰ ঘূৰ্ণন স্থিৰ নহয়। কিন্তু দ্ৰুতি পৃথিৱীৰ অৱস্থানৰ অক্ষাংশৰ ওপৰত নিৰ্ভৰ কৰিব৷ এটা উদাহৰণ দিয়া হ’ল৷ নাছাৰ মতে পৃথিৱীৰ পৰিধি প্ৰায় ২৪,৮৯৮ মাইল (৪০,০৭০ কিলোমিটাৰ)৷ আপুনি গণনা কৰক, যদি এটা দিনৰ দৈর্ঘ্য ২৪ ঘণ্টা, আপুনি পৰিধিক ভাগ কৰিব পাৰে দিনটোৰ দৈর্ঘ্যেৰে৷ ইয়ে বিষুৱত পৃথিৱীৰ বেগ বুজায়, ইয়াৰ মান প্ৰতি ঘণ্টাত ১০৩৭ মাইল (প্ৰতি ঘণ্টাত ১৬৭০ কিলোমিটাৰ)৷ যি নহওঁক, অন্য অক্ষাংশত আমি ইমান বেগেৰে গতি নকৰোঁ৷ যদি আমি গোলকৰ মাজলৈ ৪৫° অক্ষাংশলৈ (উত্তৰ বা দক্ষিণলৈ) গতি কৰোঁ আৰু তাত আমাৰ দ্ৰুতি নিৰ্ণয় কৰোঁ তেন্তে তাৰ মান হ’ব প্ৰতি ঘণ্টাত ৭৩৩ মাইল (প্ৰতি ঘণ্টাত ১১৮০ কিলোমিটাৰ)৷ যদি আপুনি উত্তৰ বা দক্ষিণলৈ আৰু আগুৱাই যায় তেন্তে দ্ৰুতি আৰু কমি গৈ থাকিব৷ যদি আপুনি গৈ উত্তৰ বা দক্ষিণ মেৰু পায়গৈ আপোনাৰ ঘূৰ্ণন বহুত কম হ’ব, প্ৰকৃততে — ই গোটেই দিনটোৱেই ল’ব সেই ঠাইত৷
নাছাই প্ৰকাশ কৰে যে পিছৰ কেইবা বিলিয়ন বছৰলৈকে পৃথিৱীৰ ঘূৰ্ণন বন্ধ হোৱাৰ সম্ভাৱনীয়তা “ব্যৱহাৰিকভাবে শূন্য”৷ তাত্ত্বিকভাবে যি কি নহওঁক যদি পৃথিৱীখনে হঠাতে গতি কৰা বন্ধ কৰে, তেতিয়া ভয়ানক ঘটনা হ’ব৷ পৃথিৱীখন, বায়ুমণ্ডল পৃথিৱীৰে যিটো দ্ৰুতিত প্ৰথমতে ঘূৰিছিল, সেই দ্ৰুতিতে বায়ুমণ্ডল ঘূৰি থাকিব৷ অৰ্থাৎ পৃথিৱীৰ সকলো বস্তু, গছ, মানুহ, অন্য জীৱ-জন্তু, ঘৰ-দুৱাৰ, ওপৰ পৃষ্ঠৰ মাটি, শিল সকলো ভূ-পৃষ্ঠৰ পৰা আঁতৰি মহাশূন্যত।
যদি ঘূৰ্ণন নাথাকে, আৰু কিছুমান চিন্তনীয় পৰিঘটনা হ’ব৷ যদি পৃথিৱীৰ ঘূৰ্ণন সম্পূৰ্ণ বন্ধ হয় তেন্তে পৃথিৱীৰ চৌম্বিক ক্ষেত্ৰ অনুমান কৰা হৈছে নোহোৱা হ’ব, কাৰণ চৌম্বক ক্ষেত্ৰ পৃথিৱীৰ দ্ৰুত ঘূৰ্ণনৰ বাবে উৎপন্ন হোৱা বুলি ধৰা হয়। আমি মেৰু অঞ্চলত দেখা দিয়া ৰঙীন মেৰুপ্ৰভা (aurora) নেদেখা হ’ম, আৰু পৃথিৱীৰ চাৰিওফালে আগুৰি ধৰা ‘ভান এলেন বিকিৰণ বেল্ট’(Van Allen radiation belt)ও সম্ভৱতঃ নোহোৱা হ’ব৷ পৃথিৱী, সূৰ্যৰ প্ৰচণ্ড ক্ৰোধৰ সন্মুখীন হ’ব লগা হ’ব৷ সকলো সময়তে সূৰ্যৰ ক’ৰণাৰ পৰা আহিত কণা আহি পৃথিৱী পৃষ্ঠক আঘাত কৰিব আৰু এই আহিত কণাৰ বাবে সকলোৱে গা-ধুই থকাৰ নিচিনা হ’ব৷ এইটো সঁচাকৈয়ে গুৰুত্বপূৰ্ণ ‘জৈৱ বিপদ’৷