৩ বাৰকৈ ডিভোৰ্চ দি ৪বাৰ বিয়া পতা এজন ব্যক্তি
জন্ম আৰু মৃত্যুৰ সঠিক সময়টো কোনেও ক'ব নোৱাৰে।কিন্তু বিবাহৰ দিনটো আমি চেষ্টা কৰি ধাৰ্য কৰিব পাঁৰো।আমাৰ ইচ্ছা অনুসৰি জীৱনসংগীক বাচি সেই সংগীৰ লগতেই এখন সূখৰ সংসাৰ গঢ় দিব পাৰো।অৱশ্যে বিশেষ কিছুমান কাৰণত দুয়োৰে মাজত তিক্ততাৰো জন্ম হয়। যাৰ ফলস্বৰূপে বিবাহ বিচ্ছেদৰ দৰে কঠিন সিদ্ধান্ত ল'ব লগা হয়। কিন্তু এজন মানুহে নিজৰ পত্নীৰ লগত ৪ বাৰ বিয়া আৰু ৩ বাৰ বিবাহ বিচ্ছেদ কৰিব পাৰে নেকি? জানো আহ'কচোন।
৩৭ দিনৰ ভিতৰত নিজ পত্নীক ৩ বাৰকৈ ডিভোৰ্চ দি ৪বাৰ বিয়া পতাৰ দৰে অদ্ভুত কাৰ্য্যও কৰি দেখুৱালে এজন বেংক কৰ্মচাৰীয়ে । এই আজৱ ঘটনা সংঘটিত হৈছে টাইৱানৰ টাইপে’ত। । অফিচৰ পেইড লীভ আদায়ৰ বাবেই টাইপে’ৰ এজন বেংক কৰ্মচাৰীয়ে সংঘটিত কৰিছে এই কাণ্ড। উল্লেখযোগ্য যে বিগত বৰ্ষৰ ৬ এপ্ৰিলত বিবাহপাশত আৱদ্ধ হৈছিল দুয়ো পতি-পত্নী। অফিচৰ ছুটী শেষ হোৱাৰ বাবে পুনৰ ছুটী বিচাৰি আৱেদন কৰিছিল ব্যক্তিগৰাকীয়ে।
কিন্তু বেংক কৰ্তৃপক্ষই ছুটী মঞ্জুৰ নকৰাত তেওঁ এক বৈকল্পিক উপায় বিচাৰি উলিয়ালে আৰু যাৰ বাবেই এনে অদ্ভূট সিদ্ধান্ত গ্ৰহণ কৰিলে ব্যক্তিগৰাকীয়ে। এনেদৰেই ৪ বাৰ বিবাহৰ বাবে ৩২ দিনৰ ছুটীৰ আৱেদন কৰিলে দম্পত্তিয়ে। তাৰোপৰি ব্যক্তিগৰাকীয়ে আবেদন কৰা অতিৰিক্ত পেইড লীভ দিবলৈ বেংক কৰ্তৃপক্ষই দিবলৈ অস্বীকাৰ কৰাত তেওঁ ইতিমধ্যে ‘টাইপে’ চিটি লেবাৰ ব্যুৰ’ৰ ওচৰত গোচৰ ৰুজু কৰিলে । আমাৰ বিশ্বখনত প্ৰায়েই কিছুমান অদ্ভুত তথা আচৰিত ঘটনা ঘটি থাকে আৰু হয়তো এই ধৰণিত মানৱ জাতিৰ অস্তিত্ব থকালৈকে এই ঘটনাবোৰে ঘটি থাকিব।