নক্সালবাদ কি কত কেনেকৈ উৎপতি হল
বৰ্ত্তমান পৰিপ্ৰেক্ষিতত আমি সকলোৱে নাক্সাল বাদৰ ভয়াবহতা কথা পৰিচিত। এই জাতিটোৰ কোনো ধৰ্ম নাই কোনো সত্তা নাই আছে মাথো কঠোৰতা। ভাৰতত এই নক্সালবাদ এতিয়া বহুতৰ কাৰনে চিন্তাৰ কাৰণ হৈ পৰিছে। অলপ এই নক্সাল বাদৰ ইতিহাস জানো আহক।
নক্সাল আন্দোলন, এটি কমিউনিষ্ট আন্দোলনৰ নাম। বিংশ শতাব্দীৰ সপ্তম দশকত পশ্চিমবঙ্গৰ নকশালবাড়ি পৰা আৰম্ভ হয় লাহে লাহে ভাৰতৰ ছত্তীছগঢ় (তদানীন্তন মধ্য প্ৰদেশ) আৰু অন্ধ্ৰপ্ৰদেশৰ বিভিন্ন অঞ্চলত বিয়পি পৰে। ক্ৰমে এইটো এটি সন্ত্ৰাসবাদী আন্দোলনৰ ৰূপ লৈছিল। নক্সাল বা নক্সালবাদী কলে উগ্ৰ বামপন্থী দলবোৰক বুজোৱা হয়। এই দলৰ জন্ম হৈছিল চিন-ছোভিয়েত (Sino-Soviet split) ভাঙনৰ সময়ত। মতাদৰ্শগত ভাবে এওঁলোক মাও জেদংৰ পদাঙ্ক অনুসৰণকাৰী। নক্সাল আন্দোলন আৰম্ভ হৈছিল ভাৰতৰ পশ্চিমবঙ্গত। লাহে লাহে ভাৰতৰ অনুন্নত অঞ্চলসমূহত যেনে: ছত্তীছগঢ়, অন্ধ্ৰপ্ৰদেশ ইত্যাদি ৰাজ্যৰ প্ৰান্তিক এলাকাসমূহত বিয়পি পৰে। এওঁলোক মাৰ্ক্সবাদী তথা লেনিনবাদত বিশ্বাসী লোক। এওঁলোক ২০০৪ চনত ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাওবাদী) নামৰ দল প্ৰতিষ্ঠা কৰে আৰু নিজৰ কাৰ্যকলাপ প্ৰসাৰিত কৰে।
১৯৬৬ চনত নক্সালবাদী আন্দোলনৰ প্ৰথম বুনিয়াদ ৰখা হয়, ১৯৬৫-৬৬ চনত চিলিগুৰি সংগঠনৰ, নতুনকৈ গঠিত চি পি আই (এম), চক্ৰলেখন পদ্ধতিৰে লিখিত তেওঁলোকৰ প্ৰচাৰ পত্ৰিকাৰ দ্বাৰা সশস্ত্ৰ সংগ্ৰামৰ আহ্বান কৰে। এই লিফলেট এটা আহ্বান দিছিল ছয় মাহৰ ভিতৰত সেই অঞ্চলৰ দলীয় যুদ্ধ-বিগ্ৰহ আৰম্ভ কৰাৰ বাবে।
২০০৯ চনত নক্সাল প্ৰায় ১৮০খন জিলাত সক্ৰিয় আছিল।7 আগষ্ট ২০১০ত আইএপিৰ এবছৰ সম্পূৰ্ণ হোৱাত কৰ্ণাটকক নক্সাল প্ৰভাৱিত ৰাজ্যৰ তালিকাৰ পৰা কৰ্তন কৰা হ'ল।8 জুলাই ২০১১ত নক্সাল প্ৰভাৱিত জিলাৰ সংখ্যা হ'লগৈ ৯খন ৰাজ্য সামৰা ৮৩ ২০খহন অতিৰিক্ত জিলা সামৰি।9ডিচেম্বৰ ২০১১ত ঘোষণা কৰা হ'ল যে ২০১০ৰ তুলনাত নক্সাল সম্বন্ধিত মৃত্যুৰ সংখ্যা ৫০% হ্ৰাস পালে। ২০১৩ চনত মাওবাদী সাম্যবাদী গোটসমূহে ১৯২জনৰ মৃত্যুৰ দায়িত্ব স্বীকাৰ কৰিলে, যি ভাৰতত সংঘটিত সকলো সন্ত্ৰাসবাদী মৃত্যুৰেই ৫০%।
ভাৰতৰ 22 জন সেনা জোৱান ছহিদ হৈ 2020 চনত নক্সাল বাদে কৰা আক্ৰমণত। এই ধৰণৰ কাৰ্যক অমি তীব্ৰ গৰিহণা দিছো।