প্ৰস্ৰাৱৰ ৰঙে ক'ব আপোনাৰ বেমাৰৰ কথা The color of the urine will tell you about your illness

 প্ৰস্ৰাৱৰ ৰঙে ক'ব আপোনাৰ বেমাৰৰ কথা

Urin Assam

আমাৰ শৰীৰৰটো হৈছে অমূল্য সম্পদ। সেয়েহে আমি ইয়াৰ যতন লোৱাটো অতিশয় প্ৰয়োজন। আমি নিজৰ সাধ্য অনুসৰি ইয়াৰ যতন লওঁ যদিও, কেতিয়াবা কব নোৱাৰাকৈ কিছুমান বেমাৰে ইয়াক আগুৰি ধৰে। শৰীৰত ভৱিষ্যতে হ'ব পৰা বেমাৰৰ কথা আগতীয়াকৈ জানিলে, আমি কিছুমান সাৱধানতা অৱলম্বন কৰিব পাৰো। এতিয়া কথা হ'ল, শৰীৰত হ'বলগীয়া বেমাৰৰ বিষয়ে আমি আগতীয়াকৈ কেনেকৈ জানিম ? আচলতে কোনো বেমাৰ হোৱাৰ আগতে আমাৰ শৰীৰৰ বিভিন্ন অংগ তথা বৰ্জিত পদার্থই কিছুমান লক্ষণ দেখুৱাই যাৰ দ্বাৰা আমি হ'বলগীয়া বেমাৰৰ বিষয়ে আগতীয়াকৈ জানিব পাৰো তথা সাৱধানতা অৱলম্বন কৰিব পাৰো।  আমাৰ শৰীৰৰ এক বৰ্জিত পদার্থৰ নাম হৈছে  এক বৰ্জিত পদার্থৰ নাম হৈছে প্ৰস্ৰাৱ। আপুনি নিজৰ প্ৰস্ৰাৱৰ ৰং চাইয়েই  আপোনাৰ হ'ব পৰা বেমাৰৰ উমান পাব পাৰিব! কিন্তু কেনেকৈ? জানো আহঁক। 

১) আপোনাৰ প্ৰস্ৰাৱৰ ৰং যদি  সামান্য হালধীয়া বা ফটফটীয়া, তেন্তে জানিব আপোনাৰ শৰীৰত পানীৰ পৰিমাণ ঠিক আছে । 

২) আপোনাৰ প্ৰস্ৰাৱৰ ৰং যদি সম্পূর্ণ হালধীয়া হয়, তেন্তে জানিব আপোনাৰ শৰীৰত পানীৰ পৰিমাণ কম আছে আৰু আপুনি যথেষ্ট পৰিমাণে পানী সেৱন কৰাটো আৱশ্যক। 

৩)প্ৰস্ৰাৱৰ ৰং যদি হালধীয়া হোৱাৰ লগতে ফেনযুক্ত হয়, তেন্তে বুজিব আপোনাৰ বৃক্কত কোনো অসুবিধাই দেখা দিছে আৰু আপুনি সচেতনতা অৱলম্বন কৰাৰ সময় আহি পৰিছে। 

 ৪) যদি আপোনাৰ প্ৰস্ৰাৱৰ ৰং  Brownish Orange ৰঙৰ হয়, তেন্তে বুজিব আপোনাৰ লিভাৰত কোনো সমস্যা হৈছে আৰু আপুনি ইয়াৰ যত্ন লোৱা উচিত। 

৫ ) প্ৰস্ৰাৱৰ ৰং যদি সামান্য ৰঙা যেন দেখা পাই, তেন্তে  তৎক্ষণাৎ  সাৱধানতা অৱলম্বন কৰিব লাগে কাৰণ ই বৃক্ক জনিত সমস্যাৰ লগতে টিউমাৰ হোৱাৰ লক্ষণো হ'ব পাৰে। 

মানুহৰ শৰীৰটো হৈছে ঈশ্বৰৰ দান আৰু ইয়াক নিৰোগী কৰি ৰখাৰ দায়িত্ব আমাৰেই । সেয়েহে আমি যিমান পাৰো ইয়াৰ যতন ল'বলৈ চেষ্টা কৰিব লাগে আৰু এই ক্ষেত্রত প্ৰয়োজন সাপেক্ষে ডাক্তৰৰ পৰামৰ্শ লব লাগে। 

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.