চাহ খাই ভাল পোৱা সকললৈ বিশেষ খবৰ ।
চাহ খাওক আৰু সুৰক্ষিত হৈ থাকক হৃদৰোগ আৰু কৰ্কট ৰোগৰ পৰা
এক কাপ চাহ ! কিমান টকা দিলে আমি এক কাপ চাহ খাবলৈ পাওঁ । একাপ মাত্ৰ চাহে যদি আমাৰ শাৰীৰিক আৰু মানসিক অৱসাদ দূৰ কৰিব পাৰে তেনেহ'লে কিমান মূল্যবান হ'ব পাৰে সেই চাহ কাপ। অসম চাহ উৎপাদনত চহকী অথচ এই অসমৰ মানুহেই বহু ধনৰ বিনিময়তহে চাহ খাবলৈ পায় । আমি খোৱা চাহ বিভিন্ন ধৰণৰ হয় যেনে ব্লেক টী, গ্ৰীণ টী , হাৰবেল টী , ৰৈবছ টী আদি । ইয়াৰে কিছুমান আমি খাইছো আন কিছুমান নাই খোৱা । নামৰ বিভিন্নতাৰ লগতে ইহঁতৰ বৈশিষ্ট্যও ভিন্ন ভিন্ন। ব্লেক টীৰ উপকাৰী গুণৰ বিষয়ে কিছু কথা জানো আহক :
১/ আমি সদায় গ্ৰহণ কৰা লাল চাহ কাপকে ইংৰাজীত ব্লেক টী বুলি নামাকৰণ কৰা হৈছে । ইয়াত প্ৰচুৰ পৰিমানে এন্টি অক্সিডেন্ট পোৱা যায় । যিয়ে শৰীৰৰ কোষবোৰ ক্ষতি হোৱাৰ পৰা ৰক্ষা কৰে ।
২/ ব্লেক টীত থকা polyphenols এ tumour বৃদ্ধিত বাধা প্ৰদান কৰে লগতে skin, breast, lung আৰু prostate cancer হোৱাৰ পৰাও আমাক সুৰক্ষা দিয়ে ।
৩/ ইয়াত থকা antioxidants আৰু বাকী phytonutrient এ শৰীৰৰ পৰা toxin নিৰ্মূল কৰে আৰু নিৰাময় প্ৰক্ৰিয়া আৰম্ভ কৰে । এই প্ৰক্ৰিয়াএ ছালৰ সমস্যাৰ লগতে মুখত infection হোৱা আৰু কম বয়সতে wrinkles পৰাত বাধা দিয়ে ।
৪/ ব্লেক টীত থকা flavonoids নামৰ antioxidantএ হৃদৰোগৰ সমস্যাৰ পৰা কিছু পৰিমাণে সকাহ দিয়াৰ লগতে high blood sugar আৰু high cholesterolৰ দৰে ৰোগৰ পৰাও প্ৰতিৰক্ষা দিয়া দেখা যায় ।
৫/ এই চাহ কাপে আমাৰ মন শান্ত কৰাৰ লগতে যিকোনো বস্তুৰ প্ৰতি মনোযোগীতা বৃদ্ধি কৰে । সেয়ে কিছুমান সময়ত আমাক এক কাপ চাহৰ খুবেই প্ৰয়োজন হয় ।