এগৰাকী মহিলাৰ কিমান ক্ষমতা আছে জানেনে আপুনি?
ভাৰতত মহিলাসকলক উচ্চ স্থান দিয়া হয় , তথাপি মহিলাসকল কিমান সুৰক্ষিত ? মহিলাসকলৰ কাৰণে থকা ভাৰতৰ ন্যায় তন্ত্ৰ ৰ কেইটামান ধাৰা কথা জানো আহক। আপুনি জানেনে এই ধাৰাসমূহ
১)এগৰাকী মহিলাক তেওঁৰ ইচ্ছাৰ বিৰুদ্ধে কোনো ব্যক্তিয়ে যৌন সংগমৰ বাবে হেঁচা প্ৰয়োগ কৰিলে সংশ্লিষ্ট ব্যক্তিগৰাকীৰ বিৰুদ্ধে মহিলাগৰাকীৰ আৰক্ষী থানাত অভিযোগ দাখিল কৰাৰ অধিকাৰ আছে। (ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৬ ধাৰা)
২)কোনো ব্যক্তিয়ে ইচ্ছাকৃতভাৱে অসৎ ইংগিত দিলে বা শাৰীৰিকভাৱে অপদষ্ট কৰিলে বা অসৎ আচৰণ কৰিলে, প্ৰতিগৰাকী মহিলাৰে সংশ্লিষ্ট ব্যক্তিগৰাকীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ বাবে আগবঢ়াৰ অধিকাৰ আছে। (ভাৰতীয় দণ্ডবিধি আইনৰ ৩৫৪ ধাৰা)।
৩)এগৰাকী মহিলাই কোনো ব্যক্তিৰ দ্বাৰা উৎপীড়ণৰ সন্মুখীন হ’লে নতুবা কোনো ব্যক্তিয়ে ৰাজহুৱা স্থানত যেনে বাছত, ৰেলত, ৰাজপথত এগৰাকী মহিলাক উদ্দেশ্যি বেয়া মন্তব্য কৰিলে মহিলাগৰাকীৰ ইয়াৰ বিৰুদ্ধে অভিযোগ দাখিল কৰাৰ অধিকাৰ আছে। (ভাৰতীয় দণ্ডবিধি আইনৰ ৩৫৪ ধাৰা)।
৪)এগৰাকী মহিলাক কোনো ব্যক্তিয়ে অপহৰণ কৰি মহিলাগৰাকীক বলপূৰ্বক তেওঁৰ ইচ্ছাৰ বিৰুদ্ধে কোনো ব্যক্তিৰ সৈতে বিবাহ হ’বলৈ বা শাৰীৰিক সম্পৰ্ক স্থাপন কৰিবলৈ বাধ্য কৰালে এয়া এক গুৰুতৰ অপৰাধ হিচাপে পৰিগণিত আৰু ইয়াৰ বিৰুদ্ধে মহিলাগৰাকীয়ে আৰক্ষী থানাত অভিযোগ দাখিল কৰিব পাৰে। (ভাৰতীয় দণ্ডবিধি আইনৰ ৩৬৬ ধাৰা)।
৫)এগৰাকী মহিলাৰ স্বামীৰ সম্পৰ্কীয় লোক নতুবা স্বামীৰ ঘৰখনে টকা-পইচা, ধন-সম্পত্তি বা যৌতুক দাবী কৰি মহিলাগৰাকীৰ ওপৰত যদি অত্যাচাৰ চলায় তেতিয়াহ’লে মহিলাগৰাকীয়ে এই বিষয়ে আৰক্ষী থানাত অভিযোগ দাখিল কৰিব পাৰে। (ভাৰতীয় দণ্ডবিধি আইনৰ ৪৯৮(এ) ধাৰা)
৬) সকলো কাৰ্য্য সঠিক বুলি নিশ্চিত আৰু সন্তুষ্ট নোহোৱা পৰ্যন্ত মহিলাগৰাকীয়ে FIR ত চহী কৰিব নালাগে। (ৰাষ্ট্ৰীয় মহিলা আয়োগ)। ভাৰপ্ৰাপ্ত বিষয়াই FIR পঞ্জীয়ন কৰিবলৈ অমান্তি হ’লে অভিযোগ তাৎক্ষণিকভাৱে আৰক্ষী অধীক্ষকলৈ প্ৰেৰণ কৰিব লাগে।