শ্ৰমিক দিৱসৰ গুৰুত্ব কি জানো আহক : 1 may

 শ্ৰমিক দিৱসৰ গুৰুত্ব কি জানো আহক।

Assamese News

   আজি ১ মে’। শ্ৰমিক দিৱস। সমগ্ৰ দেশতে আজিৰ দিনতো শ্ৰমিক দিৱস হিচাপে পালন কৰা হয়। শ্ৰমিক দিৱসৰ সংজ্ঞা কি? শ্ৰমিক কোন বোৰ? কেৱল দিন হাজিৰা কৰা অথবা ইটা ভাটাত কাম কৰা জনাই শ্ৰমিক নে? এই সকলোবোৰৰ মাজত অন্তৰ্নিহিত হৈ থকা কথাবোৰ যদি দকৈ বিশ্লেষণ কৰি চাও- মোৰ দৃষ্টিত প্ৰত্যেকজন খাটি খোৱা, শ্ৰমজীৱী মানুহেই একো একোজন শ্ৰমিক। এক প্ৰকাৰে চাবলৈ গলে সাংবাদিক সকলেও এক প্ৰকাৰ পৰিশ্ৰম কৰে। অপ্ৰিয় হ’লেও সত্য যে আমিও প্ৰত্যেকজন একো একোজন পুঁজিপতিৰ হাতোৰাত বন্দী। আমি শ্ৰম কৰো, এমুঠিৰ অন্নৰ বাবে, কিন্তু অতি পৰিতাপৰ কথা যে আজিৰ তাৰিখলৈকে সাংবাদিকৰ সকলৰ শ্ৰমৰ কোনো সঠিক মূল্যায়ন হোৱা নাই।

আনহাতে আন এক দৃষ্টিকোণৰ পৰা যদি লক্ষ্য কৰো, চাহ শ্ৰমিক সকলে অথবা হোটেলত কাম কৰা বনুৱা সকলে এই একধৰণৰ সমস্যাৰ সন্মুখীন যুগ যুগ ধৰি হৈ আহিছে । শ্ৰমক সন্মান জনাই আমি শ্ৰমিক দিৱস পালন কৰিছো সচাঁ কিন্তু আজিৰ দিনত এই দিৱসৰ পালনৰ  প্ৰাসংগিকতা কিমান দুৰ আছে বিচাৰ্য্য বিষয় হৈ পৰিছে।

  এক চৰকাৰীৰ সমীক্ষাৰ অনুসৰি আমাৰ দেশৰ ৬৬% সম্পদ পুঁজিবাদী শ্ৰেণীয়ে ভোগ কৰি আহিছে। উদাহৰণ বুজিবলৈ বেছি দুৰলৈ নগলে চকুৰ আগত থকা বহুতজাতিক কোম্পানী কেইটাৰ কথা উল্লেখ কৰিব পাৰি।আজিৰ ডিজিটেলৰ যুগত দক্ষ আৰু অদক্ষ শ্ৰমিকক নিৰ্বাচন কৰা ব্যৱস্থাক আপুনি কি আখ্যা দিব  ভাবিব লগা কথা। শ্ৰমিকৰ প্ৰাপ্যক নে দক্ষতাক স্বীকাৰ কৰিব ভাবি চাব এবাৰ। কিন্তু এটা কথাই  শেষত  শ্ৰমিকে পাব লাগে উচিত মৰ্য্যদা আৰু উচিত মজুৰী। তেহে উন্নয়ন সম্ভৱ হব , তেহে দেশৰ বিকাশ হ’ব। শ্ৰমিসকলৰ অবিহনে এই দেশ অসম্পূৰ্ণ হৈ ৰৱ।

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.