১৫ মে'ত বিকল হৈ পৰিব নেকি what'sapp ? এনে অৱস্থাত আপুনি কি এপ ব্যৱহাৰ কৰিব ? whatsapp will stop working from 15 may

 ১৫ মে'ত বিকল হৈ পৰিব নেকি what'sapp ? এনে অৱস্থাত আপুনি কি এপ ব্যৱহাৰ কৰিব ? whatsapp will stop working from 15 may

whatsapp will stop working from 15 may

বিশ্বৰ সকলোতকৈ জনপ্ৰিয় মেচেজিং এপ what'sappত বৰ্তমান সালসলনি হোৱা দেখা গৈছে , পিছে সঘনাই পৰিবৰ্তন হোৱা আপডেট সমূহৰ কথা ইয়াত কোৱা হোৱা নাই । আমি ক'ব খুজিছোঁ কিছু দিন পূৰ্বে বহু চৰ্চিত হোৱা গোপনীয়তাৰ নতুন নিয়মৰ কথা । 

whatsappএ ইয়াৰ ব্যৱহাৰকাৰী সকলৰ বাবে মুকলি কৰি দিয়া গোপনীয়তাৰ নতুন নিয়মৰ কথা সময়ে সময়ে উনুকিয়াই দি আহিছে । 

গোপনীয়তাৰ এই নতুন নিয়মসমূহ মানি নল'লে ব্যৱহাৰকাৰী সকলৰ একাউণ্ট বন্ধ কৰি দিয়া নহয় বুলি whatsapp কতৃপক্ষই জনাইছে যদিও এই নিয়ম মানি নোলোৱা ব্যৱহাৰকাৰী সকল বঞ্চিত হ'ব লাগিব কিছুমান মৌলিক সুবিধাৰ পৰা ।  whatsapp ৰ এক জাননী অনুসৰি এই নিয়ম মানি নোলোৱা ব্যৱহাৰকাৰী সকলৰ একাউন্ট সম্পূৰ্ণৰূপে অপ্ৰয়োজনীয় কৰি তোলাৰ সিদ্ধান্ত লৈছে । ইয়াৰ ভিতৰত incoming কল বা notifications লাভ কৰিবলৈ অক্ষম হোৱাৰ লগতে হোৱাটছএপে আপোনাৰ ফোনলৈ বাৰ্তা আৰু কল প্ৰেৰণ কৰা বন্ধ কৰিব পাৰে। গোপনীয়তাৰ এই নতুন নিয়মসমূহ ৮ ফ্ৰেব্ৰুৱাৰী তাৰিখে প্ৰযোজ্য হোৱাৰ কথা আছিল যদিও কিছুমান অসুবিধাৰ সন্মুখীন হ'ব বুলি জানিয়ে কোম্পানীটোৱে ১৫ মে' তাৰিখলৈ ইয়াৰ দিন বৃদ্ধি কৰাৰ ধাৰ্য কৰিছে । সেয়ে ১৫ মে' তাৰিখে অক্ষম হৈ পৰিব আপোনাৰ whatsapp একাউন্টৰ বিশেষ সুবিধাসমূহ । 

এনে অৱস্থাত আপোনাৰ হাতত বিকল্প কি আছে : 

 Signal : হোৱাটছএপৰ প্ৰাক্তন সহ-প্ৰতিষ্ঠাপক ব্ৰায়ান এক্টনৰ দ্বাৰা প্ৰস্তুত কৰা Signal এপে আপোনাৰ গোপনীয়তাৰ প্ৰতি সম্পূৰ্ণ গুৰুত্ব অৰ্পন কৰে । whatsappৰ দৰেই end-to-end encrypted ৰ সুবিধা আছে এই এপত । এই এপে ব্যৱহাৰকাৰীৰ ওপৰত চকু নাৰাখে আৰু তেওঁলোকৰ তথ্য সংগ্ৰহ নকৰে ।

Telegram : whatsappৰ দৰেই এক নিৰ্ভৰযোগ্য বিকল্প এপ হৈছে  Telegram । Telegramএ ব্যৱহাৰকাৰীসকলক ১,০০,০০০ গ্ৰুপলৈকে যোগ কৰাৰ লগতে ১.৫জিবি লৈকে ফাইল শ্বেয়াৰৰ সুবিধা প্ৰদান কৰে ।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.