একেলগে ৭০০০ ব্যক্তি বহিব পৰা বিশ্বৰ আটাইতকৈ ডাঙৰ টেবুলখন
Guinness Book of world record এখন কিতাপ য'ত সন্নিবিষ্ট কৰা হয়, পৃথিৱীৰ নানান অভিলেখৰ। য'ত সন্নিবিষ্ট থাকে কিছুমান অদ্ভুত তথা আচৰিত অভিলেখৰ। আপুনি হয়তো বহুতো অভিলেখৰ কথা শুনিছে কিন্তু আজি আপোনালোকক ক'ম এনে অভিলেখৰ কথা যাক শুনি আপুনি এক বিশেষ আমোদ লাভ কৰিব। সেই অভিলেখ হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ টেবুলৰ। আহক জানি লওঁ এই টেবুলৰ কিছুমান বিশেষত্ব ।
১) পৃথিৱীৰ আটাইতকৈ ডাঙৰ টেবুলৰ দৈৰ্ঘ্য হৈছে
৩,১৮৯.৯৩ মিটাৰ। যিয়ে সমগ্র বিশ্বত এক বিশেষ চমকৰ সৃষ্টি কৰিছে।
২) Administrative Capital of Egypt ৰ দ্বাৰা এই খিতাপ অৰ্জন কৰা হৈছে আৰু বৰ্তমান এই টেবুলখন Egypt ৰ Cairo নামৰ ঠাইত অৱস্থিত।
৩) এই টেবুলত ৭০০০ জন ব্যক্তিক একেলগে ইফতাৰ পৰিবেশন কৰা হৈছিল । যাৰ দ্বাৰা ই হৈ পৰিছে একেলগে অত্যাধিক ব্যক্তি বহি ভোজন কৰিব পৰা টেবুল ।
৪) এই টেবুলখনে বিশ্বৰ আটাইতকৈ বৃহত্তম টেবুল হিচাপে ২০১৯ চনৰ ২ জুন তাৰিখে স্বীকৃতি লাভ কৰিছিল ।
Guinness Book of world record কেৱল এখন সাধাৰণ কিতাপ নহয়। ই হৈছে এক উৎসাহৰ মাধ্যম যিয়ে দিয়ে মানুহক অভিলেখ গঢ়াৰ প্ৰেৰণা আৰু এই প্ৰেৰণাৰ দ্বাৰা মানুহে অসম্ভৱো সম্ভৱ কৰি দেখুৱাব পাৰে।