কুকুৰে ভোকাৰ আঁৰত থকা বভিন্ন কথাসমূহ Dogs have different stories about hunger
এই ধুনীয়া পৃথিৱীখনত আমি সকলো প্ৰাণীয়ে এক মিলা প্ৰীতিৰ মাজৰে নিজৰ নিজৰ ঠাইত বসবাস কৰো | আমি কিছুমান প্ৰাণীক নিজৰ ঘৰত আশ্ৰয় দিও যেনে ,কুকুৰ মেকুৰি ,গৰু ছাগলী আদিকে ধৰি বিভিন্নজনে নানান জীৱ নিজৰ ঘৰত পুহে | এই সকলো প্ৰাণীৰ মাজত কুকুৰ অন্যতম যি আমাৰ পৰিবেশৰ লগত সহজেই মিলি যায় | কুকুৰে আমাক বিভিন্ন ধৰণে সহায় কৰে ,যেনে চুৰৰ পৰা আমাৰ ঘৰক সুৰক্ষা প্ৰদান কৰা ,আৰক্ষীক অপৰাধী চিনাক্ত কৰণত সহায় কৰা আদি বহুতো | কুকুৰবোৰক আমি মৰমো কৰো কিন্তু যেতিয়া এই কুকুৰেই ৰাতি ভুকিবলৈ লয় তেতিয়া আমি বিভিন্ন অন্ধবিশ্বাসৰ বশবৰ্তী হৈ কুকুৰটোকে গালি নিদিওনে ? আমি বাৰু ভাৱোনে কুকুৰ টোৱে ৰাতি এনেদৰে ভোকাৰ আঁৰৰ কাৰণ ? এনেধৰে ৰাতি কুকুৰে ভোকিলে পোনপ্ৰথমেই আমাৰ ধাৰণা হয় কুকুৰটোৱে ঘৰ খনৰ অমংগল মাতিছে |
বিশ্বাস মতে কুকুৰে যেতিয়া ৰাতিপুৱা কান্ধে বা ৰাওচে সেইদিনা কোনো শুভ কামত আগ নবহায় ভাল | ঘৰত থকা কুকুৰ টোৱে যেতিয়া ৰাওচাৰ লগতে ঘৰৰ বেৰত আচোঁৰে ঘৰত চুৰিকাণ্ড সংঘটিত হব পাৰে | যদি কোনো শুভ কামত যোৱাৰ আগ মূহূৰ্তত কুকৰে কান্ধে তেনেহলে সেইকামটোত আমি সমস্যাৰ সন্মূখীন হব লগীয়া হয় বুলি বিশ্বাস কৰা যায় | ঘৰৰ পুহনীয়া কুকুৰটোৱে যেতিয়া কান্ধে আৰু তাৰ অশ্ৰুসিক্ত চকুয়ে ঘৰখনত হ'বলগীয়া বিপদৰ আগজাননী বুলি বিশ্বাস কৰা যায়|
কিন্তু এই বিশ্বাসবোৰৰ আৰত থকা বৈজ্ঞানিকক কাৰণ সমূহ আমি নাজানো | বৈজ্ঞানিক কাৰণ মতে কুকুৰ এটা যেতিয়া অকলশৰীয়া হৈ পৰে সি এনেধৰেই নিজৰ ওচৰৰ লগৰীয়া কুকুৰক সংকেত দিয়ে| এটা কুকুৰে দুখতো এনেধৰেই কান্ধে | আমি জানো কুকুৰে সকলো শব্দ শুনা পায় অতিশব্দ ,অৱশব্দ দুয়োধৰণৰৰ শব্দই ; এনেশব্দৰ ফলতো কুকুৰৰ কাণত বিষ হয় | যাৰ বাবেও কুকুৰে এনেধৰণৰ আচৰণ কৰা পৰিলক্ষিত হয়|