অত্যাধিক পানী সেৱন কৰিলে হ'ব পাৰে বিপদ : Drinking too much water can be dangerous

অত্যাধিক পানী সেৱন কৰিলে হ'ব পাৰে বিপদ : Drinking too much water can be dangerous

Drinking too much water can be dangerous

পানী প্ৰাণীৰ প্ৰাণ  । আমি জীয়াই থাকিবলৈ উপযুক্ত পৰিমাণৰ পানী সেৱন কৰা প্ৰয়োজন । স্বাস্থ্য বিশেষজ্ঞ সকলৰ মতে এজন মানুহৰ স্বাস্থ্য ভালে ৰাখিবলৈ নিতৌ ২-৩ লিটাৰ পানী সেৱন কৰিব লাগে। কিন্তু আপুনি  যদি ইয়াতকৈ  অধিক  পানী সেৱন কৰে তেন্তে আপোনাৰ স্বাস্থ্যত বিৰূপ প্ৰভাৱ পৰিব পাৰে। আজি আমি আলোচনা কৰিম সেই বিৰূপ প্ৰভাৱ সমূহৰ বিষয়ে। 

১। শৰীৰৰ বাবে প্ৰয়োজনতকৈ অধিক পানী খালে অভাৰহাইড্ৰেচন হোৱাৰ সম্ভাৱনা থাকে, যাৰ প্ৰত্যক্ষ প্ৰভাৱ বৃক্কৰ ওপৰত পৰে। অতিৰিক্ত পানী সেৱনে বৃক্কৰ কাৰ্যকলাপৰ বোজা বৃদ্ধি কৰে, যাৰ ফলত বৃক্ক বিকল হোৱাৰ আশংকা থাকে।

২। এক গৱেষণা অনুসৰি অত্যাধিক পানী খালে শৰীৰত  থকা ছডিয়ামৰ স্তৰ অস্বাভাৱিক ভাৱে হ্ৰাস পাই যাৰ ফলত হাইপোথাৰ্মিয়াৰ (Hypothermia) আশংকা বৃদ্ধি হয়।

৩। ইলেক্ট্ৰলাইট হৈছে ছডিয়াম, পটাছিয়াম, মেগনেছিয়াম আৰু কেলচিয়ামৰ দৰে খনিজ পদাৰ্থৰ মিশ্ৰণ, যি শৰীৰক শক্তি প্ৰদান কৰাৰ লগতে অঙ্গবোৰ সুৰক্ষিত কৰে। অত্যাধিক পানী খালে শৰীৰত ইলেক্ট্ৰলাইটৰ ভাৰসাম্যতা নষ্ট হয় । 

৪। অত্যাধিক পানী সেৱন কৰিলে শৰীৰত থকা কোষবোৰ ফুলি উঠিব পাৰে আৰু ই  আপোনাৰ শৰীৰক ক্ষতিগ্রস্ত কৰাৰ লগতে আপোনাৰ জীৱনৰ বাবে বিপদজনক প্ৰমাণিত হ’ব পাৰে।

   অতিমাত্রা সকলো বস্তুয়েই বেয়া, ঠিক তেনেদৰে পানীৰ ক্ষেত্রতো এই কথা প্ৰযোজ্য । শৰীৰৰ সুস্থ ৰাখিবলৈ আমি সদায় সীমিত খাদ্য সামগ্রী গ্ৰহণ কৰিব লাগে , নহ'লে ই হৈ পৰে আমাৰ বাবে বিপদজনক। 

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.