এতিয়া আপুনি ঘৰত বহিয়েই নিজৰ বেংকৰ শাখা সলনি কৰিব পাৰিব
বৰ্তমান ক'ভিড ১৯ ৰ ভয়াবহ পৰিস্থিতিৰ ফলত মানুহৰ সাধাৰণ জীৱন যাপন বিকল হৈ পৰিছে। এই পৰিস্থিতিত সকলোৱে নিজৰ প্ৰয়োজনীয় কাম সমূহ কৰিবলৈও বাহিৰলৈ ওলাব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে। এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি SBI য়ে গ্ৰাহক সকললৈ আগবঢ়াইছে এক বিশেষ সুবিধা । এতিয়া SBI ৰ গ্ৰাহকসকলে ঘৰত বহিয়েই ইচ্ছা অনুসৰি নিজৰ বেংকৰ শাখা সলনি কৰিব পাৰিব।
আপুনি নিজৰ বেংকৰ শাখা Net banking যোগেদি সলনি কৰিব পাৰে । তাৰ বাবে আপুনি সলনি কৰিব বিচৰা শাখাৰ Branch Code টো জানিব লাগিব । তাৰোপৰি আপোনাৰ মোবাইল নম্বৰটো পঞ্জীভূত হ'ব লাগিব আৰু লগতে আপোনাৰ একাউন্টত Net banking ৰ সুবিধা থাকিব লাগিব। how to change bank branch
তলত দিয়া প্ৰক্ৰিয়া অৱলম্বন কৰি আপুনি নিজৰ SBI বেংকৰ শাখা সলনি কৰিব পাৰিব । (how to change bank branch)
• প্ৰথমতে onlinesbi.com ত Log in কৰিব লাগিব।
• তাৰপিছত ' Personal Banking ' বিকল্পত যাব লাগিব।
• ইয়াত আপুনি নিজৰ নাম আৰু পাছৱৰ্ড দিব লাগিব।
•তাৰ পিছত তাত এটা E-service ৰ এটা tab আহিব আৰু তাত আপুনি ক্লিক কৰিব।
• এতিয়া আপুনি ক্লিক কৰক Transfer Saving Account ত ,
• তাৰ পিছত নিৰ্বাচন কৰক your account to be transferred
• ইয়াৰ পিছত আপুনি Transfer কৰিবলৈ বিচৰা বেংকৰ IFSC code টো দিব লাগিব ,।
• এতিয়া আপুনি প্ৰদান কৰা সকলোবোৰ তথ্য সমূহ ভালদৰে নিৰীক্ষণ কৰি confirmত ক্লিক কৰি, নিজৰ অনুৰোধ দাখিল কৰিব পাৰিব। কৰিব পাৰিব।
• তাৰ পিছত আপোনাৰ মোবাইল নম্বৰত এটা OTP প্ৰেৰণ কৰা হ'ব আৰু সেই OTP আপুনি ভৰাই পুনৰ confirm ত ক্লিক কৰিব লাগিব।
• সকলো প্ৰক্ৰিয়া শেষ কৰাৰ পিছত আপোনাৰ বেংক একাউন্টৰ শাখা কিছু সপ্তাহৰ ভিতৰতে সলনি হ'ব।
ক'ভিড ১৯ ৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি SBI য়ে গ্ৰাহকসকলক এই সুবিধা প্ৰদান কৰিছে। যাৰ বাবে গ্ৰাহক সকলে এক বিশেষ সকাহ লাভ কৰিছে ।