বিশ্বৰ এনে এটা সম্প্ৰদায় য'ত ৮০ বছৰীয়া মহিলাকো দেখা যায় ৩০ বছৰীয়া
আমি সকলোৱে ধুনীয়া হৈ থাকিব বিচাৰো | কিন্তু বয়স বঢ়াৰ লগে লগেই আমাৰ সৌন্দৰ্যতা ম্লান হৈ পৰে ,বয়সৰ চাপে আমাৰ মূখত দেখা দিয়ে যাৰ বাবেই কোনোৱে সহযতে বয়লৰ উমান লগাব পাৰে ! কেতিয়াবা বাৰু এগৰাকী ৮০ বছৰীয়া মহিলাক দেখাত ৩০ বছৰীয়া যুৱতীৰ দৰে লাগিব পাৰেনে ? এয়া বাৰু সম্ভৱ নে ? বয়সৰ চাপ মূখত প্ৰতিফলিত নোহোৱাটো! হয় সম্ভৱ এই পৃথিৱীতে আছে এনে এক সম্প্ৰদায় যি সম্প্ৰদায়ৰ মহিলাৰ বয়স আপুনি দেখি অনুমান কৰিব নোৱাৰে | ৬০ বয়সৰ উৰ্ধৰ মহিলাও অন্ত:সত্বা হোৱাতোও এই সম্প্ৰদায়ৰ বাবে ডাঙৰ কথা নহয় !
আমাৰ চিৰবৈৰী পাকিস্তানৰ কাৰাকোৰম পাহাৰৰ পাৰৰ হানজা উপত্যকা য'ত আছে প্ৰকৃতিত চিৰসেউস সৌন্দৰ্য্য আৰু তাতে বাস কৰে হানজা (hunza )সম্প্ৰদায়ৰ জনজাতি টোৱে যাৰ ৮৫% লোকেই ইছলাম ধৰ্মাৱলম্বী | এই জনজাতিৰ বহু কথাই আচৰিত !
এই জনজাতিৰ গড় আয়ুস ১20-১৩0 বছৰ যি বিশ্বৰ বাকী লোকতকৈ বহু বেছি ! এই বয়সতো তেওঁলোক কিন্তু সম্পূৰ্ণ ৰূপে সুস্থ সবল দেখা যায় ! এই সম্প্ৰদায়ৰ মহিলা চিৰযুৱতী ! হানজা জনগোষ্ঠীৰ লোক সকল নিতি নিয়মেৰে চলা আৰু ইতিহাস প্ৰসিদ্ধ জনজাতি ! এই জনগোষ্ঠীৰ লোক সকল কৃষিজীৱি আৰু পৰিশ্ৰমী ! তেওঁলোক নিতৌ পুৱা সোনকালে উঠে আৰু নিজৰ নিজৰ কামত ব্যস্ত হৈ পৰে ! এওঁলোকৰ খাদ্যাভাসও তেনেই সাধাৰণ , দৈনিক দুবাৰ হে খাদ্যগ্ৰহণ কৰে !
এওঁলোকৰ ৯০% লোকেই নিৰামিষ ভোজী ,আৰু যি সকল আমিষ ভোজী তেওঁলোকেই বেছি মাছ- মাংস নাখায় ! প্ৰায় আঠাশীহাজাৰ লোকেৰে গঠিত এই জনজাতিৰ প্ৰায় ৯০% লোকেই শিক্ষিত লোক ! এওঁলোকৰ খাদ্যাভাসও সহজ জীৱন যাপনো বৰ সহজ | খোৱাৰ বেছিভাগ খাদ্যই তেওঁলোকে ঘৰতে তৈয়াৰ কৰে | তেওঁলোকে বেছিকৈ দুগ্ধজাত বস্তুৱে বেছিকৈ খোৱা দেখা যায় !
এই জনজাতিৰ লোকৰ সাধাৰণ জীৱন যাপনেই চাগে তেওঁলোকৰ আনতকৈ বেলেগ জীৱন শৈলীৰ প্ৰধান কাৰণ