Cold Drink য়ে কৰিব পাৰে দেহৰ অকল্পনীয় ক্ষতি
আজিকালি বজাৰত ভিন্ন তৰহৰ খাদ্যই ব্যৱসায়ীৰ বেহা ৰমৰমীয়া কৰিছে।খাদ্যবোৰৰ ভিন্ন সোৱাদে আমাৰ জিভাৰ পানী পেলায়।পিছে বহু খাদ্য হৈ পৰিছে আমাৰ মৌন ঘাটক।সেইবোৰে আমাৰ দেহত নানা বেমাৰৰ সৃষ্টি কৰিছে।বহু বেমাৰ আছে সেইবোৰে আমি গম নোপোৱাকৈ দেহত ক্ষতি কৰি শেষত আমাক যমৰ যাতনা দিয়ে।
আজি এনে এবিধ খাদ্যৰ বিষয়ে জানিম যি আমাৰ দেহক বহুধৰণে ক্ষতি সাধন কৰিছে।সেয়া হৈছে Cold Drink, হয়, ই কৰি থকা ক্ষতিৰ তালিকাখন বৰ দীঘল।এতিয়া ই কৰা ক্ষতিবোৰ জানো আহকচোন-
১। সাধাৰণতে প্ৰাকৃতিকভাৱে পোৱা মিঠাই আমাৰ দেহত বিশেষ ক্ষতি নকৰে।যেতিয়া ইয়াক কৃতিম ৰূপ দিয়া যায় অৰ্থাৎ ইয়াৰপৰা ভিন্ন ধৰণৰ খাদ্য বনোৱা যায় ই আমাৰ দেহৰ কাৰণে ক্ষতিকাৰক।সেয়ে ক'লড ড্ৰিংকচৰ মিঠাই আমাৰ বৃক্ক অৰ্থাৎ কিডনীৰ ক্ষতিসাধন কৰিব পাৰে।
২।ক'ল্ড ড্ৰিংকচে আমাৰ দেহৰ জৈৱ ৰাসায়নিক প্ৰক্ৰিয়াত প্ৰভাৱ পেলায়।ফলত আমাৰ দেহৰ চৰ্বী বাৰ্ন কৰা এনজাইম ধ্বংস কৰে আৰু আমাৰ দেহত চৰ্বী জমা হয়।
৩। এই পানীয়বিধে চৰ্বী বৃদ্ধি কৰাৰ ফলত উচ্চ ৰক্তচাপৰপৰা বহুকেইবিধ বেমাৰে আমাক লগ পায়।
৪।ক'ল্ড ড্ৰিংকচে মেদবহুলতাৰ সৃষ্টি কৰে যাৰ ফলত ই মধুমেহ নামৰ মৌন ঘাতকৰূপী বেমাৰবিধৰ কাৰণ হৈ পৰে।
৫।ইয়াক বেছিকৈ পান কৰিলে আমাৰ দা৺তৰো ভিন্নতা সমস্যা কৰাটো এশ শতাংশ খাটাং।
৬।আচৰিত কথাটো হ'ল ইয়াক বেছিকৈ পান কৰিলে হাড়ো দুৰ্বল হ'ব পাৰে।
৭।শেহতীয়া গৱেষণা অনুসৰি ক'ল্ড ড্ৰিংকচ খোৱাৰ অভ্যাস গঢ়ি তুলিলে অৰ্থাৎ নিয়মীয়াকৈ খালে ইয়াত থকা ৰাসায়নিক পদাৰ্থবোৰে বংশবিস্তাৰতো প্ৰভাৱ পেলাব পাৰে।
৮।ইয়াক বেছিকৈ খালে আমি লাহে লাহে হৃদযন্ত্ৰৰ সমস্যাটো পৰিব পাৰো।
মুঠৰ ওপৰত যিকোনো খাদ্য বেছিকৈ খাব নালাগে।অলপ কমাই খালে দেহৰ বিশেষ সমস্যা নহয়।কিন্তু বিছিকৈ খালে দেহৰ সমস্যা হোৱাটো খাটাং। গতিকে ক'লড্ ড্ৰিংকচ জাতীয় পানীয়বোৰ আমি কমাই খোৱা উচিত। শেষত নকৈ নোৱাৰি- দেহা থাকিলেহে বেহা।