ধনী আৰু দুখীয়া লোক সকলৰ মানসিকতাৰ পাৰ্থক্য জানো আহক। difference between rich and poor
আপুনি বা মই অলেখ হাড় ভগা কঠোৰ পৰিশ্ৰম কৰিও কিয় ধনী হব নোৱাৰো জানিবলৈ বিচাৰে নেকি?
পুৱাৰ পৰা আৰম্ভ কৰি শুৱাৰ আগমুহূৰ্ত লৈকে আমি কি প্ৰকাৰে ধনী হব বিচাৰো তাৰ কথাই আমাৰ মন মগজুত খাটিয়াই থাকো। এই কথাৰ মূল চাবিকোছা আমাৰ হাততেই ।আপুনি জানিলেই আচৰিত হব হয়তো।
১ সম্ভ্ৰান্ত ঘৰৰ লোক সকলৰ যি কোনো বস্তু কিনাৰ আগতে তাৰ প্ৰয়োজনীয়তা ৰ ওপৰত গুৰুত্ব দিয়ে কিন্তু আমি দুখীয়া মানুহে কেৱল নামী দামী বস্তু কিনো আনক দেখুৱাবলৈ ।লাগিলে সেই বস্তু বিধ এদিনে ব্যৱহাৰ নকৰো কিয়
২ যদিহে আমি যিকোনো কাম এটাৰ পৰা নিৰ্ধাৰিত পৰিমাণৰ ধন চুবলৈ পাও ,তেতিয়া আমি কেতিয়াও তাতকৈ বেলেগ কামলৈ মন নকৰো আমি অতি সহজে ভাবি লও যে ইয়াত কৈ আমি আৰু বেছি ধন উপাৰ্জন কৰিব নোৱাৰিম।
এই ক্ষেত্ৰত সম্ভ্ৰান্তলোক সকল বহুপৃথক। তেওলোকে সেই নিৰ্ধাৰিত কামৰ উপৰিও আন ব্যৱসায়ত গুৰুত্ব দিয়ে যাতে আৰু আগুৱাই যাব পাৰে।
৩ সম্ভ্ৰান্তলোক সকলে তেওলোকে উপাৰ্জন কৰা ধনেৰে মূল্যবান সম্পত্তি কিনিব বিচাৰে ।যাতে সেই সম্পত্তিৰ দ্বাৰা আৰু অধিক লাভবান হব পাৰে।
তাৰ বিপৰীতে আমি দুখীয়া মানুহবোৰে দুটকামান পালেই নিজৰ অ প্ৰয়োজনীয় বস্তু কিনি বা খাই খৰচ কৰো। আমি সকলোবোৰ পইছা এনেকুৱা কামত খৰছ কৰো যি বদলি আমি তাৰ বাবদ একটকা এটাও ঘূৰাই নাপাও
৪ সম্ভ্ৰান্তলোক সকলে প্ৰথমে নিজৰ বাবে সঞ্চয় কৰে।"মনোবিজ্ঞানী সকলৰ মতে, পোন প্ৰথমে নিজৰ উপাৰ্জিত ধনৰ পৰা বিশ শতাংশ নিজৰ বাবে সঞ্চয় কৰিহে বাকী আশী শতাংশ বেলেগ কামত খৰচ কৰিব লাগে"।
আমি দুখীয়া মানুহেবোৰে নিজৰ সকলো উপাৰ্জিত ধন খৰছ কৰিও যেন হতাশাত পৰো ।কাৰন আমি যেতিয়াই কোনো বিপদৰ সন্মুখীন হও।আমাৰ হাতত সাঁচতীয়া বুলিবলৈ ধন নাথাকে।
মুঠৰ ওপৰত আমি মধ্যবিত্ত শ্ৰেণীৰ লোক সকলে দুটকামান উপাৰ্জন কৰিয়েই নিজকে সুখী মানি লও।যদিহে আমি তাতে চৰকাৰী চাকৰি এটা পাওঁ কথাই নাই।আমি তাতকৈ বেলেগ কিবা আশা নকৰো নতুবা কিবা নতুন শিক্ষা লাভ কৰা কথা আমাৰ মনলৈ নাহে ।কিন্তু ধনী মানুহ বোৰ এই কাৰনেই ধনী হৈ গৈ থাকে নতুন নতুন চিন্তা ধাৰা দুৱাৰ মুকলি কৰি নিজকে চহকী কৰি তুলে। আমি দুখীয়া সকল এই কাৰনে এখোজ পিছপৰি থাকো উন্নতিৰ ক্ষেত্ৰত।