মমতা বেনাৰ্জীৰ ৰাজনৈতিক জীৱন
কৰোনাৰ ত্ৰাসে ৰাজনীতিৰ কাগজখিলাত আন নেতিবাচক শব্দ লিখিব পৰা নাই।নেতাসকলৰ মনবোৰ সদায় ৰাজনীতিৰে গধূৰ কৰি ৰাখিছে।কাৰোবাৰ জয়ৰ উল্লাস, আন কাৰোবাৰ পৰাজয়ৰ দুচিন্তা আৰু আন কাৰোবাৰ উচ্চতৰ স্থানৰ সপোন।যিনহওক কৰোনাৰ মৃত্যুলীলাৰ মাজতেই সকলো নেতাই নিজৰ কৰণীয়খিনি কৰি আছে।
পিছে দেশখনত ৰাজনীতিৰ পথাৰখনত এক বিশেষ নামে বিশেষ প্ৰভাৱ পেলাইছে।হয়,
বৰ্তমান পশ্চিমবংগত সফলতাৰ ঢৌ উঠোৱা এক নাম-'মমতা বেনাৰ্জী"। মমতা বেনাৰ্জী ১৯৫৫ চনৰ ৫ জানুৱাৰীত কলিকতাৰ পশ্চিমবংগত জন্ম হৈছিল।সৰুতেই পিতৃহাৰা হোৱা মমতা বেনাৰ্জী বিদ্যালয়ত পঢ়ি থকা দিনতেই ৰাজনীতিৰ প্ৰতি আকৰ্ষিত হৈছিল। আজি তেখেতৰ ৰাজনৈতিক পথাৰখনৰ বিশালতা আৰু শক্তিয়ে প্ৰকাণ্ড ঢৌৰ সৃষ্টি কৰিছে ।মোডীৰ বুদ্ধিমত্তা আৰু কৌশলেও মমতাৰ ৰাজনৈতিক পথাৰখনত বি জেপিৰ বীজৰ সফলতাৰ বীজৰ অংকূৰণ ঘটাব নোৱাৰিলে। চৌদিশে সেয়া এক চৰ্চিত বিষয় হৈ পৰিছে।সকলো বাধাৰ প্ৰাচীৰৰ ওপৰেদি নিজৰ স্থিতি ৰ পুনৰ পৰিচয় দিলে নেত্ৰীগৰাকীয়ে।সেয়া দিন আৰু ৰাতি একাকাৰ কৰি দুবাহুত শক্তি লৈ বুদ্ধিমত্তাৰে অহৰহ দৌৰি থকা মমতা বেনাৰ্জী।
আজি তেওৰ ৰাজনৈতিক জীৱনৰ কেইটা সফলতাৰ বৰ্ষ জানো আহক-
১৯৭০ চনৰ প্ৰথম ভাগতেই কংগ্ৰেছ আইৰ লগত ৰাজনৈতিক জীৱন আ ৰম্ভ কৰিছিল। তেতিয়াৰপৰাই নিজৰ ৰাজনৈতিক গতি পূৰ্ণ পৰ্যায়ত অব্যাহত ৰাখিছিল।
১৯৭৬ চনৰপৰা ১৯৮০ চনলৈক তেও মহিলা কংগ্ৰেছৰ জেনেৰেল চেক্ৰটেৰি আছিল।এক সফলতা।
মমতা বেনাৰ্জী ১৯৮৪ চনত ভাৰতীয় যুৱ কংগ্ৰেছৰো জেনেৰেল চেক্ৰেটেৰি আছিল।সেয়া বিজয়ৰ ধ্বজা।
১৯৯৯ চনত তেও বিজেপি নেতৃত্বাধীন এন,ডি,এত যোগদান কৰিছিল আৰু ৰেল মন্ত্ৰী হৈছিল।আকৌ নিজৰ পাৰদৰ্শিতাক প্ৰমাণ কৰিলে।
২০০১ চনত এন,ডি,এ কেবিনেটৰপৰা ওলাই আহি মমতা বেনাৰ্জীয়ে পুনৰ কংগ্ৰেছত চামিল হ'ল।এক সাহসিকতা আৰু বুদ্ধিমত্তা।
২০১০ চনত তৃনমূল কংগ্ৰেছত পাৰদৰ্শিতা দেখুৱাই তেও ২০১১ চনত পশ্বিমবংগৰ মূখ্যমন্ত্ৰী হিচাপে সফলতা লাভ কৰে।
অত্যন্ত সাহসী মমতা বেনাৰ্জীয়ে ভাৰতী য় ৰাষ্ট্ৰীয় কংগ্ৰেছৰপৰা আতৰি অ'ল ইণ্ডিয়া তৃণমূল কংগ্ৰেছ প্ৰতিষ্ঠা কৰিছিল আৰু তেওৱেই পশ্চিমবংগৰ প্ৰথম মহিলা মূখ্যমন্ত্ৰী হৈছিল। পিছত কংগ্ৰেছ এৰি বি জেপিত যোগদান কৰি ৰেলমন্ত্ৰীও হৈছিল।এককথাত কবলৈ গ'লে তেওৰ ৰাজনৈতিক গতি অতি প্ৰচণ্ড আছিল।
মুঠৰ ওপৰত মমতা বেনাৰ্জীৰ ৰাজনৈতিক দৌৰৰ গতি পূৰ্ণ পৰ্যায়ৰ আছিল। ডিডি নামেৰে খ্যাত এই ৰাজনিতীকগৰাকী কোনোদিনে হাৰ নামানি নিজৰ স্বকীয়তা বজাই ৰাখিছিল। বিজেপিৰ ছূনামিৰ প্ৰকাণ্ড ঢৌবোৰেও তেওক লৰাব নোৱাৰিলে।ঢৌবোৰে লৰাব নোৱাৰিলে তেওৰ সমৰ্থকৰ হৃদয়বোৰ।সকলোৰে হৃদয়বোৰ মমতাৰ বতাহে মমতাৰে ভৰাই পেলাইছিল আৰু শেষত এই কৰোনাৰ ত্ৰাসে সৃষ্টি কৰা আঘাতৰ মাজতেই পশ্চিমবংগৰ ৰাইজৰ হৃদয়ত এক মমতাৰ মমতাই সকলোৰে বকু ফুলাই দিলে। সেয়া, মমতা আকৌ সফল, পশ্চিমবংগৰ মূখ্যমন্ত্ৰী।আকাশে বতাহে জয়ৰ ধ্বজা উৰুৱাই মমতা মূখ্যমন্ত্ৰী।