এটা বিশেষ ভেকুলী যাৰ দাম ১.৫০ লাখ টকা
আমাৰ বিশ্বখনত বহু অদ্ভুত তথা আচৰিত জীৱ - জন্তুৰ সমাহাৰ গটিছে । সকলো জীৱ জন্তুৰে একো একোটা নিজা বৈশিষ্ট্য আছে। আপুনি হয়তো বিষাক্ত সাপৰ প্ৰজাতিৰ বিষয়ে শুনিছে, কিন্তু আজি আপোনাকক ক'ম বিষাক্ত প্ৰজাতিৰ ভেকুলীৰ বিষয়ে। যাৰ বজাৰ মূল্য শুনি আপুনি ঠৎমত খাব।
বিশ্বৰ আটাইতকৈ বিষাক্ত ভেকুলীৰ প্ৰজাতিৰ ভিতৰত এক প্ৰজাতিৰ নাম হৈছে Poison Dart Frog। প্ৰথমে জানি লওঁ আহকচোন এই ভেকুলীৰ কিছুমান উল্লেখযোগ্য বৈশিষ্ট্য ।
১) এই ভেকুলী ইমান বিষাক্ত যে ই এবাৰতে ১০ জন মানুহৰ প্ৰাণ কাঢ়ি ল'ব পাৰে।
২) এই ভেকুলী বিভিন্ন বৰণৰ হয় যেনে :- ক'লা হালধীয়া, কমলা, সেউজীয়া, নীলা ইত্যাদি।
৩) ই আকাৰত ৬ চে : মি আৰু ইয়াৰ ওজন ৩০ গ্ৰামলৈকে হ'ব পাৰে।
৪) এই ভেকুলী Brazil, Ecuador, Venezuela, Bolivia, Costa Rica, Panama, Guyana, and Hawaii আদিৰ অৰণ্যত পোৱা যায়।
৫) ইয়াৰ কণীবোৰ গছৰ পাত, শিপা আৰু আদ্ৰ পৃষ্ঠত লোকাই থোৱা হয় আৰু মতা ভেকুলীয়ে এই কণী বোৰৰ চোৱা চিতা কৰে।
এতিয়া আহিছো ইয়াৰ বিক্রি মূল্যৰ কথালৈ , আন্তঃ ৰাষ্ট্ৰীয় বজাৰত এই ভেকুলীৰ বিক্রী মূল্য হৈছে ১.৫০ লাখ টকা।
আচৰিত কথাটো হ'ল যে এই ভেকুলীৰ বিশেষত্বই বৰ্তমান ইয়াৰ কাল হৈ পৰিছে। অধিক বিষাক্ত হোৱা বাবে চোৰাং চিকাৰীয়ে ইয়াক হত্যা কৰিবলৈ আৰম্ভ কৰিছে, যাৰ বাবে বৰ্তমান ই হৈ পৰিছে বিপদাপন্ন প্ৰাণী।