বিশ্বত আধ্যাত্মিকতাৰ বীজ ৰোপন কৰা মহান মনীষী স্বামী বিবেকানন্দ
এই পৃথিৱীত বহু ধৰ্মীয় লোকসকলে বাস কৰি আছে আৰু সকলো ধৰ্মৰে নিজা একো একোটা বৈশিষ্ট্য আছে । এই ধৰ্মসমূহৰ মাজত সনাতন ধর্মও হৈছে অন্যতম। বহুতে এই ধৰ্মক আটাইতকৈ পুৰণি ধৰ্ম বুলিও বিবেচনা কৰে। অতি পুৰণি কালৰে পৰা বিভিন্ন সনাতন ধৰ্মীয় গুৰু সকলে আধ্যাত্মিকতাৰ বীজ সিঁচি আহিছে, যদিও বিদেশত এই আধ্যাত্মিকতাৰ বীজ ৰোপনৰ ক্ষেত্রত স্বামী বিবেকানন্দৰ নাম আকাশৰ উজ্জ্বল নক্ষত্রৰ দৰে সদায় জিলিকি থাকিব।
পৃথিৱীৰ আটাইতকৈ বুদ্ধিদ্বীপ্ত তথা প্ৰভাৱশালী আধ্যাত্মিক গুৰু স্বামী বিবেকানন্দ ভূমিষ্ঠ হৈছিল ১৮৬৩ চনত কলকাতাৰ এক সম্ভ্ৰান্ত কায়স্থ পৰিয়ালত । তেওঁ সৰুৰে পৰা চিন্তাশীল ব্যক্তি আছিল আৰু তেওঁৰ চিন্তা- চেতনাৰ অন্যতম অনুপ্ৰেৰণা আছিল তেওঁৰ যুক্তিবাদী পিতা আৰু ধৰ্ম্মনিষ্ঠ মাতৃ ।আধ্যাত্মপিপাসা আৰু ঈশ্বৰ ভক্তিৰ প্ৰতি থকা তৎপৰতা তেওঁৰ বাল্যকালৰ পৰাই পৰিলক্ষিত হৈছিল। সেয়েহে খেলা- ধূলা কৰা বয়সত তেওঁ উলাই আহিছিল ঈশ্বৰ প্ৰাপ্তিৰ পথ বিচাৰি । সেই উদ্দেশ্য আগত ৰাখি তেওঁ ৰামকৃষ্ণ পৰমহংসৰ সান্নিধ্যলৈ আহে আৰু পাছলৈ তেওঁৰ শিষ্যত্ব গ্ৰহণ কৰে। গুৰু শ্ৰীৰামকৃষ্ণই প্ৰদান কৰা গুৰুজ্ঞানৰ পৰাই বিবেকানন্দই বুজিব পাৰিছিল যে সকলো ধৰ্মই সত্য আৰু মানৱ সেৱাই সৰ্বোৎকৃষ্ট ঈশ্বৰ সাধনা । গুৰুৰ বৈকুণ্ঠপ্ৰয়াণৰ পিছত তেওঁ সন্ন্যাস অবলম্বন কৰে আৰু সমগ্ৰ ভাৰতীয় উপমহাদেশ পদব্ৰজে ভ্ৰমণ কৰে।
১৮৯৩ চনত চিকাগো যাত্ৰা কৰি তেওঁ বিশ্বধৰ্ম মহাসভাত হিন্দুধৰ্মৰ প্ৰতিনিধিত্ব কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিভিন্ন ফ’ৰাম, বিশ্ববিদ্যালয় আৰু সংঘই তেওঁৰ আধ্যাত্মিক বাণীত মুগ্ধ হৈ সেই বাণীৰ অমৃত ৰস বিলাবলৈ তেওঁক আমন্ত্ৰণ জনাইছিল। একাধিক সাধাৰণ আৰু ব্যক্তিগত সভাত ভাষণ দি তেওঁ আমেৰিকা, ইংলেণ্ডৰ লগতে আৰু কেইবাখনো দেশত বেদান্ত, যোগশাস্ত্ৰ আৰু হিন্দুধৰ্মৰ খুটি মজবুত কৰি তুলে ।
১৮৯৩ চনত তেওঁ ভাৰতলৈ প্ৰত্যাগমন কৰে আৰু ইয়াত ৰামকৃষ্ণ মঠ আৰু মিছন নামেৰে এটি আধ্যাত্মিক সংগঠন প্ৰতিষ্ঠা কৰে। এইদৰে স্বামী বিবেকানন্দই নিজকে ভাৰতত এগৰাকী আধ্যাত্মিকতা তথা জাতি-স্ৰষ্টাৰূপে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হয়। বিশ্বত আধ্যাত্মিকতা প্ৰতিষ্ঠা কৰাত স্বামী বিবেকানন্দৰ অৱদান অতুলনীয়। তেওঁ বিশ্বত যি আধ্যাত্মিকতাৰ যি জোৱাৰ সৃষ্টি কৰি থৈ গৈছিল, সেই জোৱাৰ বৰ্তমানলৈ নিৰৱিচ্ছিনভাৱে চলি আছে। আধ্যাত্মিকতাৰ ইতিহাসত স্বামী বিবেকানন্দৰ নাম আকাশৰ তৰাৰ দৰে সদায় জিলিকি থাকিব।