হৰিণা বাঘৰ চিকাৰ হোৱাৰ বিশেষ কাৰণ কি ? What are the main causes of deer tiger poaching

হৰিণা বাঘৰ চিকাৰ হোৱাৰ বিশেষ কাৰণ কি ?

Tiger vs Deer

প্ৰকৃতিৰো যে কি আচৰিত অৱদান ! এফালে আছে হৰিণ যাৰ ৰূপৰ মায়া জালত মোহিত হৈ সীতাই ৰামচন্দ্ৰক হৰধনু ল'বলৈ বাধ্য কৰাইছিল , আনফালে  হৰিণাৰ প্ৰধান শত্ৰু দ্ৰুত গতিৰ , পৰিপক্ক চিকাৰী বাঘ। হৰিণাৰ সৌন্দৰ্যত মুগ্ধ হৈ বহু লোকে হৰিণাৰ ছাল আৰু শিং ঘৰত সজাই থোৱা দেখা যায় । কেৱল বাঘেই নহয় সকলো ধৰণৰ হিংস্ৰ জন্তুয়েই হৰিণাৰ চিকাৰ কৰিব বিচাৰে , ইয়াৰ কাৰণ কি বাৰু আপুনি জানেনে ? 

আমি প্ৰায় শুনিবলৈ পাঁও হৰিণাৰ মাংস‌ই বৈৰী । ইয়াৰ পৰাই অনুমান কৰিব পাৰি যে হৰিণাৰ মাংস‌ কিমান সুৱাদ লগা হ'ব পাৰে । কিছু সংখ্যক মানুহেও হৰিণাৰ মাংস‌ৰ সুৱাদ লৈছে, নহয় জানো ? গতিকে সাধাৰণতে ক'ব পাৰি যে সুস্বাদু মঙহৰ বাবেই হৰিণাৰ শত্ৰু বৃদ্ধি হৈ  মৃত্যুৰ মুখত পৰিব লগীয়া হয় । এই বাক্যটো কিছু কিছু  মানুহৰ ক্ষেত্ৰতো কিন্তু ব্যতিক্ৰম নহয় । যিদৰে হৰিণাৰ নিজৰ মাংসৰ কাৰণেই মৃত্যু হয় ঠিক সেইদৰে কিছুমান মানুহৰ নিজৰ সম্পত্তি , সৌন্দৰ্য আদিৰ বাবেই শত্ৰুৰ সংখ্যা বাঢ়ি যায় আৰু এইয়ে এসময়ত ব্যক্তিজনৰ পতনৰ কাৰণ হোৱা দেখা যায় । 

আপুনি জানি আচৰিত হ'ব ‌যে কেৱল এইটোয়ে একমাত্ৰ কাৰণ নহয় । আমাৰ ককা - আইতাৰ মূখত শুনিবলৈ পাইছিলো যে বাঘে বাৰ হাত জপিয়ালে হৰিণাই তেৰ হাত জপিয়াব পাৰে । কিন্তু প্ৰকৃতিবিদ সকলৰ দৃষ্টিকোণেৰে এয়া কিমান সঁচা জানেনে ? বাঘৰ বেগ প্ৰতি ঘণ্টাত প্ৰায় ৬৫ কি.মি. হোৱাৰ বিপৰীতে হৰিণাৰ বেগ প্ৰতি ঘণ্টাত ৫০ কি.মি. বুলি কোৱা হয়। অৰ্থাৎ বাঘৰ গতি বেগ হৰিণাত কৈ অধিক । গতিকে হৰিণা বাঘৰ চিকাৰ হোৱাতো নিশ্চিত । ইয়াৰ উপৰিও যেতিয়া বাঘে হৰিণাৰ ওপৰত আক্ৰমণ কৰে তেতিয়া হৰিণা অত্যন্ত আতংকিত হৈ পৰে যাৰ ফলত হৰিণাই তাৰ চিকাৰী জন পাছত আহিছে নে নাই চাবলৈ পাছলৈ ঘূৰি চা‌ই আৰু নিজৰ গতি বেগত বাধাৰ সৃষ্টি কৰে । যদি ই আতংকিত নহ'ল হেতেন তেতিয়া হয়তো ইয়াৰ গতিবেগ আৰু অলপ বৃদ্ধি কৰিব পাৰিলে হেতেন । কিন্তু সেয়া নহ'ল তাৰ বিপৰীতে সি আতংকিত হয় আৰু মৃত্যুৰ মুখত পৰে । ঠিক সেইদৰে কিছুমান মানুহে কোনো বিশেষ কাম কৰাৰ সময়ত মনত ভয়ৰ সৃষ্টি হয় আৰু সেই কামৰ পৰা মন বিচলিত হয় তেতিয়াই কামত খেলি মেলি সৃষ্টি হয় । সেয়েহে প্ৰত্যেকটো কাম কৰোঁতে ধীৰ স্থিৰ ভাবে দৃঢ়তাৰে কৰি যাব লাগে । কথাতে ক‌য় নহয় সাৱধানৰ মৰণ নাই ।

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.