সো৺হাতৰ পা৺চটা আঙুলিৰ মহত্ব
এই ধৰাৰ সকলোবোৰ জীৱতকৈ শ্ৰেষ্ঠ জীৱ হৈছে মানুহ যি সৃষ্টিকৰ্তাৰ অনন্য সৃষ্টি। বেয়াৰো বেয়াটো কৰি ধ্বংস কৰিব পাৰে মানুহেই আৰু ভালৰো ভালটো কৰি অপূৰ্ব সৃষ্টি কৰিব পাৰে মানুহেই। ক'লা আচ্ছাদনখনৰপৰা ৰূপালী আচ্ছাদনখনলৈকে সৃষ্টিৰ আ৺ৰত থকা পৃথিৱীৰ বিশেষ গুণসম্পন্ন প্ৰাণীবিধ হৈছে মানুহ। ভগবানে এই প্ৰানীবিধৰ প্ৰতিটো অংগ ইমান অৰ্থপূৰ্ণভাৱে সৃষ্টি কৰিছে যে তাৰ গভীৰতাত সোমাই বহুলোকে বহুধৰণে বৰ্ণনা কৰি শেষ কৰিব পৰা নাই।
আজি আমি বিলীন হ'ম এনে এবিধ অংগৰ বৰ্ণনাৰ মাজত যি আমাক এক বিশেষ বাৰ্তা দিব। সেয়া বহুলোকে বিভিন্ন যুক্তিৰে আগবঢ়োৱা কথাবোৰৰ এক মহত্বপূৰ্ণ অংশ।
তেনেহ'লে আজি আমি জানিম সেইবিধ অংগৰ বিষয়ে যিবিধ অংগ ব্যৱহাৰ কৰি আমি আহাৰ খাও।হয়, সেয়া আমাৰ সো৺হাতৰ পা৺চটা আঙুলি।
এইটো কোৱা হয় বা বিশ্বাস কৰা হয় যে, বুঢ়া আঙুলিটোৰ জুইৰ লগত এক সম্পৰ্ক থাকে।তেনেদৰে তৰ্জনী আঙুলিটোৰ বায়ুৰ লগত, মধ্যমা আঙুলিটোৰ আকাশৰ লগত, অনামিকা আঙুলিটো পৃথিৱীৰ লগত আৰু কনিষ্ঠ আঙুলিটো পানীৰ লগত সম্পৰ্ক আছে বুলি বিশ্বাস কৰা হয়।
কিন্ত, মানুহৰ এই হাতখনৰ আঙুলিকেইটাৰ শক্তিক যদি আমি চিনিব বিচাৰো ই আমাক দিব এক বিশেষ শিক্ষা।সেয়া হৈছে,
ভগবানে আমাৰ আঙুলিকেইটা এনে জোখত বনাইছে ইয়াৰ দ্বাৰা সঠিক পৰিমাণৰ আহাৰ আমাৰ মুখলৈ যায়। ফলত আহাৰমুঠি ভালকৈ চোবোৱাৰপৰা হজম কৰালৈকে সঠিকভাৱে আঙুলিকেইটাই সহায় কৰে।
অনামিকা আঙুলিটোৱে আমি হেপাহত বনোৱা আঙুঠিটো পিন্ধি হাতখনক এক সৌন্দৰ্য প্ৰদান কৰে।
সকলোতকৈ শক্তি বেছি বুঢ়া আঙূলিৰ।ই আটাইবোৰ কাম কৰাত মূখ্য ভূমিকা লয়।পিছে তৰ্জনী আঙুলিৰ ভূমিকা সুকীয়া।শিক্ষা গ্ৰহণ কৰাত কলমটো ধৰাৰপৰা বহু কাম ই কৰে। ই ভালৰ লগতে বেয়াও কৰে।মানুহক খং দেখুওৱা, নিজৰ দম্ভ দেখুওৱা আদিবোৰো ইয়েই কৰে যি বহু সময়ত এজন ব্যক্তিৰ বেয়া স্বৰূপটোও উদঙাই দিয়ে।
যিনহওক, বুঢ়া আঙুলি আৰু তৰ্জমা আঙুলিৰ যুটীয়া কামৰ পথাৰখন বিশাল। ই৺হত দুয়োটাক সঠিকভাৱে কামত লগালে আমি বগাব পাৰিম উন্নতিৰ জখলাত, কিন্ত তাকে যদি আমি কৰিব নোৱাৰো ই৺হতে আমাক ধ্বংসৰ মূখলৈও ঠেলি দিব পাৰে।এতেকে ইতিবাচক চিন্তাৰে আমি আমাৰ আঙুলিকেইটাক কামত লগালে আমি বহু দূৰ আগুৱাই এক উজ্জ্বল দিগন্ত চুমিব পাৰিম।