ক’ৰোনা প্ৰতিৰোধৰ বাবে কিছুমান ঘৰুৱা উপায়
home remedies for corona
বৰ্তমান ক’ৰোনাৰ দ্বিতীয় ঢৌৱে সমগ্র বিশ্বকে আগুৰি ধৰিছে । এই দ্বিতীয় ঢৌ হৈ পৰিছে অধিক মাৰাত্মক, যাৰ ফলত মৃত্যু হৈছে অসংখ্য লোকৰ।বহুতকে বুকু শুদা হৈছে। ভাৰততো এই ৰোগে ভয়াবহ ৰূপ ধাৰণ কৰিছে আৰু দিনে দিনে বৃদ্ধি পাবলৈ ধৰিছে আক্রান্ত ব্যক্তিৰ সংখ্যা। সেয়েহে বৰ্তমান এই ৰোগৰ লগত যুঁজ দিবলৈ জৰুৰী হৈ পৰিছে দেহত ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰাৰ । এই ক্ষেত্রত আমি কিছুমান ঘৰুৱা উপায় অৱলম্বন কৰিব পাৰো।
১) শৰীৰত ৰোগ প্ৰতিৰোধী ক্ষমতাৰ বৃদ্ধি কৰিবলৈ দৈনিক পুষ্টিকৰ আৰু সুষম আহাৰ গ্রহণ কৰিব লাগে ৷ তাৰোপৰি পানী তথা অন্যান্য তৰল দ্রব্য যেনে :- ফলৰ ৰস সেৱনৰ পৰিমাণ বৃদ্ধি কৰিব লাগে ৷
২) ভিটামিন চিযুক্ত খাদ্য যেনে :- নেমু, কমলা, আঙুৰ, আমলখি। ওমেগা থ্রী ফেটী এচিডযুক্ত খাদ্য, যেনে :- সাগৰীয় মাছ, ফ্লেক্স ছীড, ৱালনাট আদি। প্র’বায়টিক খাদ্য যেনে :- দৈ, পনীৰ, পাউৰুটি আদি দেহৰ ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ ক্ষেত্রত অধিক উপযোগী।
৩) বৰ্তমান সময়ত যিমান পাৰি অত্যাধিক চিন্তা, উদ্বিগ্ণতাৰ পৰা আঁতৰত থকিব লাগে ৷ কিয়নো অত্যধিক চিন্তাৰ ফলত এডৰিনেল গ্লেণ্ডৰ পৰা নিঃসৰিত কার্টিজল হৰম’নে ইমিউনিটীৰ ওপৰত বিৰূপ প্রভাৱ পেলায় আৰু যাৰ ফলত আমাৰ শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষেমতা হ্ৰাস পায়।
৪) ধুমপান, ধঁপাত আৰু অত্যধিক মদ্যপান কৰিলে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা ক্ৰমান্বয়ে হ্ৰাস পায়। সেয়েহে এইবোৰ সেৱনৰ পৰা বিৰত থকা ভাল।
৫) দৈনিক ব্যায়াম তথা যোগাসন কৰিলে শৰীৰ সুস্থ থকাৰ লগতে শৰীৰৰ ৰোগ প্ৰতিৰোধী ক্ষমতাও বৃদ্ধি পায়।
৬) আমাৰ শৰীৰক পর্যাপ্ত জিৰণি দিব লাগে আৰু তাৰ বাবে আমাৰ শৰীৰক দৈনিক ৭ৰ পৰা ৮ ঘণ্টাৰ ভাল টোপনিৰ আৱশ্যক৷
৭)চেনি, নিমখ, বটল বা পেকেটৰ সংৰক্ষিত খাদ্য, যেনে :-শীতল পানীয় চচ, আচাৰ, চিপছ নুডলছ আদি। ফাষ্ট ফুড, সংপৃক্ত স্নেহ জাতীয় খাদ্য যেনে:– তেল, ঘিঁ, বাটাৰ, ক্রীম আদি খোৱাৰ পৰিমাণ হ্রাস কৰিব লাগে।
৮) আমাৰ দৈনিক খাদ্যতালিকাত সেউজীয়া শাক–পাচলি, ফলমূল, খাদ্যশস্য, মাহজাতীয় শস্য, আদি সন্নিবিষ্ট কৰিব লাগে ৷ কণী, মাছ, গাখীৰ আদি মজলীয়া পৰিমাণে গ্রহণ কৰিব লাগে ।
উপৰোক্ত উপায় সমূহ অৱলম্বন কৰি আপুনি নিজৰ শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰো । তাৰোপৰি এই বেমাৰৰ পৰা বাচি থাকিবলৈ আমি নিয়মিত ভাৱে Mask ব্যৱহাৰ, হাত পৰিষ্কাৰ কৰি ৰখা তথা সামাজিক দূৰত্ব মানি চলাটো অত্যন্ত আৱশ্যক৷ home remedies for corona