নৰসিংহ পাতৰ উপকাৰিতা
জননীৰ বুকুত থকা প্ৰকৃতিৰ সৌন্দৰ্য অনন্য।ইয়াক আমি নুই কৰিব নোৱাৰোঁ।এই প্ৰকৃতিৰ বুকুতে থকা কিছুমান উদ্ভিদ আছে যাৰ ঔষধী গুণে আমাৰ দেহ সুস্থ কৰি ৰাখিব পাৰে।আজি তেনে এবিধ উদ্ভিদৰ বিষয়ে আলোকপাত কৰিব বিচাৰিছোঁ যাৰ নাম নৰসিংহ।
নৰসিংহ পাতত যথেষ্ট পৰিমাণে খনিজ পদাৰ্থ ভিটামিন A,ভিটামিন B,ভিটামিন C আৰু E থাকে।যাৰ বাবে এই পাত শিশুৰ বাবে বহু উপকাৰী।নৰসিংহ পাতত বহু পৰিমাণে লৌহ পদাৰ্থ থাকে।
এতিয়া নৰসিংহ পাতৰ উপকাৰিতা বিষয়ে জানো আহক-
১)নৰসিংহ চুলিৰ বাবে উপকাৰী।নৰসিংহ পানীত উতলাই ঠাণ্ডা কৰি সেই পানী মুৰত সানিলে চুলি ধুনীয়া আৰু দীঘল হয়।
২)নৰসিংহৰ পেষ্ট বনাই মুখত লগালে মুখৰ ছাল পৰিষ্কাৰ আৰু সুন্দৰ হয়।
৩)নৰসিংহ পাতে এনিমিয়া ৰোগ দূৰ কৰে।যিটো ৰোগ তেজ নহলে দেখা যায়।
৪)নৰসিংহ পাতে মধুমেহ কম কৰাত সহায় কৰে।নৰসিংহ পাতত Hypoglycemic গুণ পোৱা যায়।এই পাতে Blood sugar কম হোৱাত সহায় কৰে।
৫)নৰসিংহ পাতে ডায়েৰিয়া ভাল কৰাত সহায় কৰে।আপুনি যদি নৰসিংহৰ পাতৰ ৰস খায় পেটচলা ৰোগ ভাল হ'ব।
৬)নৰসিংহই আমাৰ শৰীৰ টোক সংক্ৰমণৰ পৰা বচাই ৰাখে।নৰসিংহৰ পাত খাই থাকিলে কোনো ধৰণৰ Infection নহয়।
৭)নৰসিংহই ছালত হোৱা সংক্ৰমণ দূৰ কৰে।আপুনি যদি পেষ্ট বনাই সংক্ৰমিত ঠাইত লগাই বহু পৰিমাণে উপকাৰ পাব।
৮)নৰসিংহ পাতে আমাৰ লিভাৰটোক সুৰক্ষা প্ৰদান কৰে।এই পাতে আপোনাৰ হেপেটাইটিছ ৰ নিচিনা ৰোগৰ পৰা বচাই ৰখাত সহায় কৰে।
৯)নৰসিংহ পাত খালে ওজন কম হয় আৰু কেলষ্টৰেল কম হয়।আমাৰ যিটো বেয়া কেলষ্টৰেল সেইটো কম হোৱাত নৰসিংহ পাতে সহায় কৰে।
১০)নৰসিংহ এণ্টিঅক্সিডেণ্টে বেয়া কেলষ্টৰেল কম কৰি আপোনাৰ হৃদয়টোক ৰোগৰ পৰা বচাই ৰখাত সহায় কৰে।কিয়নো আপোনাৰ বেছি কেলষ্টৰেল হ'লে যিকোনো ধৰণৰ হাৰ্টৰ সমস্যা হোৱা দেখা যায়।
নৰসিংহ এবিধ গুৰুত্বপূৰ্ণ উদ্ভিদ। বসন্ত আগমণৰ লগে লগে ইয়াৰ গছৰ কোমল পাতৰ আগমণ ঘটে আৰু শীত কালত ইয়াৰ বুঢ়া পাতবোৰ সৰিব ধৰে।