তুলসী পাত আৰু ইয়াৰ ঔষধী গুণ : Health & Beauty Secret in Tulsi Plant

 তুলসী পাত আৰু ইয়াৰ ঔষধী গুণ

প্ৰকৃতিৰ বুকুত পোৱা প্ৰত্যেকটো বস্তুৰে একোটা গুণ আছে।এই প্ৰকৃতিৰ বুকুত পোৱা কিছুমান উদ্ভিদ আছে যিবোৰৰ বহুতো ঔষধী গুণ আছে।হয় আজি আপোনালোকক কবলৈ ওলাইছোঁ তেনে এবিধ উদ্ভিদৰ বিষয়ে।যি বিধৰ নাম তুলসী।

         তুলসী এবিধ পবিত্ৰ উপকৰণ।এই বিধ নহ'লে আমাৰ অধিকাংশই  পূজা সম্পন্ন নহয়।সেই হেতুকে তুলসী পূজাৰ অত্যাবশ্যকীয় সামগ্ৰী।কাতি বিহুত এই তুলসী তলত চাকি বন্তি জ্বলোৱা হয়।

Health & Beauty Secret in Tulsi Plant


       এতিয়া এই তুলসী পাতৰ গুণাগুণৰ বিষয়ে জানো আহক-

  ১)তুলসী পাতৰ অংশই স্নায়ুবিক দুৰ্বলতা দূৰ কৰাত সহায় কৰাৰ লগতে স্মৃতি শক্তি বৃদ্ধি কৰে।মগজুৰ স্থিৰতা আনিবলৈ তুলসী এবিধ অন্যতম ঔষধ।

  ২)তুলসীৰ ৰস কাহঁ চৰ্দিৰ বাবে উপকাৰী।ইয়াৰ পাত পিচি ৰস আৰু মৌ মিহলাই খালে কাহঁ ভাল হয়।

   ৩)প্ৰসাৱৰ জ্বলা পুৰা ৰোগৰ বাবে তুলসী পাত উপকাৰী।এই ৰোগ হ'লে তুলসী পাতৰ ৰস আৰু চেনী মিহলাই খাব লাগে।

  ৪)তুলসীৰ গুটি পিহি গাখীৰৰ লগত খালে শৌচ বমি বন্ধ হয়।

  ৫)উচ্চ ৰক্তচাপৰ বাবে ক'লা তুলসীৰ ৰস উপকাৰী।ক'লা তুলসীৰ পাতৰ ৰসে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে।

  ৬)দন্তক্ষয় তথা দন্ত সংক্ৰান্তীয় বিকাৰ ৰোধ কৰাৰ ক্ষেত্ৰতো তুলসীৰ পাতে গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰে।

  ৭)তুলসী কলেৰা,মেলেৰীয়া ৰোগৰ বাবে উপকাৰী।তুলসী পাতে কলেৰা আৰু মেলেৰীয়া ৰোগ নিৰাময় কৰে।

  ৮)কুষ্ঠৰোগৰ বাবেও তুলসী অত্যন্ত উপকাৰী।ক'লা তুলসীৰ পাতৰ ৰসে কুষ্ঠ ৰোগ নিৰাময় কৰে।

  ৯)তুলসীৰ ৰস ছালৰ বাবে উপকাৰী।তুলসীৰ ৰস পিচি খালে ছালৰ ৰোগ নহয়।

     তুলসী এবিধ গুৰুত্বপূৰ্ণ উদ্ভিদ । ইয়াৰ আৰু বহুতো গুণাগুণ আছে । তুলসীৰ বহুতো অপাৰ গুণ আছে।সেই বাবে তুলসীক সঞ্জীৱনী গছ বুলি কোৱা হয় ।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.